জীৱন নদীৰ বঠাহীন নাৱিক
নিৰ্জুলতা মিলি
মাজুলী
সপোন বোৰ যেতিয়া ধ্বংস্তুপত পৰিণত হয়,
আশাবোৰ যেতিয়া নিৰাশা হৈ ৰয়,
তেতিয়া মাথোঁ বাকী ৰয় জীৱনৰ অমানিশাবোৰ !
পাৰিম জনো সেই অমনিশাবোৰ নাশিবলৈ ?
কাৰণ এৰা ধৰাৰ মাজত নিষ্ঠুৰ দিনবোৰ যে পাৰ নহয়!!
জীৱনটো দেখিবলৈ আৰু বহুত বাকী......
কিন্তু, এইখিনি সময় অতিক্ৰম কৰোঁতে আমোৱাইছে চোন!!
Doksiri দকচিৰি, জুলাই, ২০২৩

No comments:
Post a Comment