ঘূনাসুঁতিৰ মহীৰূহ
জাতিৰাম কামান
উপন্যাস সম্ৰাট ৰজনী কান্ত বৰদলৈদেৱে ঘূনাসূঁতিৰ পটভূমিতেই কালজয়ী উপন্যাস "মিৰি জীয়ৰী" ৰচনা কৰি কাললৈ খ্যাতি ৰাখি থৈ গৈছে। বিশ্ব বিখ্যাত প্ৰেম কাহিনী ৰোমিঅ জুলিয়েটৰ প্ৰেম কাহিনীতকৈ পানৈ জংকীৰ প্ৰেম কাহিনী কোনো গুণে কম নহয়।
সেই মিৰি জীয়ৰীখ্যাত ঘূনাসূঁতিৰেই সুযোগ্য সন্তান আগম মিগাং(ভাষাচাৰ্য্য)টাবুৰাম টাইদদেৱ।যিগৰাকী বৰেণ্য শিক্ষাবিদ টাবু টাইদ নামে সুধী সমাজত সৰ্বজনবিদিত।তেখেত একেধাৰে শিক্ষাবিদ,ভাষাবিদ,গীতিকাৰ,সুৰকাৰ আৰু কন্ঠশিল্পী।
ইংৰাজী ভাষা আৰু ব্যাকৰণত তেওঁৰ ব্যুতপত্তি থকাৰ ওপৰিও তেওঁ মিচিং ভাষাৰ জনক। ইংৰাজী ব্যাকৰণৰ বাবে English for Schools তেওঁৰ অনবদ্য অৱদান।তাৰোপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাবে প্ৰস্তুত কৰা আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰত ধাৰাবাহিকভাৱে প্ৰচাৰিত তেওঁৰ ইংৰাজী ভাষা আৰু ব্যাকৰণ শিক্ষণৰ নিয়মীয়া শিতান তেওঁৰ উল্লেখনীয় অৱদান ইংৰাজী ভাষা শিক্ষাৰ বাবে।
মিচিং আগম কৗবাং(মিচিং সাহিত্য সভা)ৰ প্ৰতিষ্ঠাপক সভাপতিৰূপে থাকি মিচিং ভাষা সাহিত্যক প্ৰতিষ্ঠা কৰাৰ লগতে ভাষাটো গতি দি গল।তেওঁৰ আহোপুৰুষাৰ্থৰ বাবেই ৰোমান লিপিক মিচিং ভাষাৰ উচ্চাৰণ আৰু ধব্নিৰ আধাৰত ব্যৱহাৰিক লিপি কৰা হল যিটো বিজ্ঞানসন্মত।তেওঁৰ সদ্য প্ৰকাশিত "গমপিৰ কুমচুং"(মিচিং শব্দকোষ)এখনি মূল্যবান গ্ৰন্থ।মিতভাষ খ্যাত বৰেণ্য সাহিত্যিক ডঃ নগেন শইকীয়াদেৱে তেখেতে প্ৰণয়ন কৰা শব্দকোষখন অতি সহজে বুজিব পৰা উৎকৃষ্ট মানৰ গ্ৰন্থ বুলি অভিহিত কৰিছে।Handsome those handsome does কথাষাৰ তেখেতৰ ক্ষেত্ৰত হাড়ে হিমজুৱে খাটে। অতি পৰিপাটিকৈ জীৱন নিৰ্বাহ কৰা সেইজনা পুৰোধা ব্যক্তিয়ে তেওঁৰ কামৰ চানেকিৰে নিজৰ পৰিচয় দি থৈ গৈছে। তেওঁ যিটো কামত ধৰে তাকেই অতি নিষ্ঠা সহকাৰে নিৰহ নিপানিকৈ নিৰ্ভুলভাৱে কৰি অঁতায়॥
গুৱাহাটীবাসী সুধী সমাজত তেওঁ এগৰাকী ভদ্ৰলোক হিচাপেই পৰিচিত আছিল। ব্যক্তিগত জীৱনতো তেওঁ স্বল্পভাষী ,মৃদুভাষী তথা অতিশয় নম্ৰ আৰু শিষ্টপুৰুষ আছিল।তেওঁ ইচ্ছা কৰা হলে বহুতো আপুৰুগীয়া গ্ৰন্থ অসমীয়া সাহিত্যত দি থৈ যাব পাৰিলেহেঁতেন কিন্তু স্বজাতিৰ কথা চিন্তা কৰি ডুবি যাব ধৰা মিচিং ভাষাটো ঠন ধৰাবলৈ তেওঁ সেইদিশতেই জীৱনৰ অধিকাংশ সময় আত্মনিয়োগ কৰিলে।
এইখিনিতে স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞি চাৰে তেওঁক কৰা উক্তি প্ৰণিধানযোগ্য...তেওঁ এঠাইত কৈছে..."টাবু টাইদ লিখামেলা কাৰ্য্যত বৰ এলেহুৱা..তেওঁক বাৰম্বাৰ কৈ থকাৰ পাছতো লেখাব নোৱাৰিলোঁ".....আচলতে বৰগোহাঞি চাৰে আপোন ভাৱেৰে কথাটো টাইদ চাৰক উদ্দেশ্যি কলেও কথাটো ঠিক তেনে বিধৰ নহয়....তেওঁ বিভিন্ন ৰোগত আক্ৰান্ত হৈ কেবাবাৰো অস্ত্ৰোপচাৰ কৰি কঠিন নিয়মানুৱৰ্তিতাৰে স্বাস্থ্যৰ প্ৰতি যতন লব লগা হৈছিল যিটো স্বাস্থ্যজনিত কাৰণত তেওঁ অধিক অধ্যয়ন অাৰু লেখামেলা কৰা কামৰ পৰা বিৰত থাকিব লগাত পৰিছিল।
আমি তেখেতক ব্যক্তিগত ভাৱে বহুবাৰ পাইছোঁ। যেতিয়াই লগ পাইছোঁ শান্ত সৌম্য ব্যক্তি ৰূপে দেখা পাইছোঁ। ঘূনাসুঁতিৰ দৰে অগম্য অঞ্চলত জন্ম লৈ অতি দুখীয়া কৃষক পৰিয়ালৰ পৰা ওলাই আহি ছাত্ৰবৃত্তিৰে কলিকতাস্থিত ৰামকৃষ্ণ মিছনৰ দৰে প্ৰখ্যাত শিক্ষানুষ্ঠানত শিক্ষাগ্ৰহন কৰি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত সম্মানসহ স্নাতোকোত্তৰ ডিগ্ৰী লৈ কটন মহাবিদ্যালয়ৰ দৰে গৰিমাময়ী কলেজত অধ্যাপনা কৰা প্ৰফেচৰ টাবু টাইদ সঁচা অৰ্থত অসমৰ ছাত্ৰ সমাজৰ বাবে বিৰাট প্ৰেৰণাস্ৰোত।
তেওঁ অধ্যাপনাতেই ক্ষান্ত নাথাকি সৰ্বভাৰতীয় প্ৰশাসনিক সেৱা আৰু বৈদেশিক সেৱাৰ পৰীক্ষাতো বহিছিল আৰু অনায়াসে উত্তীৰ্ণ হৈছিল কিন্তু স্বাস্থ্য পৰীক্ষাত সেউজ সংকেত নোপোৱা বাবেই সেই গুৰুত্বপূৰ্ণ দায়িত্বৰ পৰা বঞ্চিত হব লগাত পৰে।ইয়াতেই তেওঁৰ প্ৰখৰ মেধাশক্তিৰ পৰিচয় পোৱা যায়।
তেওঁ অসম উচ্চ মাধ্যমিক শিক্ষা পৰিষদৰো অধ্যক্ষ আছিল।তেওঁ অতি নিকা ভাৱমূৰ্তিৰে তেওঁৰ কাৰ্য্যকাল সম্পন্ন কৰে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পাছত অসম চৰকাৰৰ অধীনত "আনন্দৰাম বৰুৱা ভাষা কলা ও সাংষ্কৃতিক প্ৰতিষ্ঠানৰ সঞ্চালকৰ পদতো অধিষ্ঠিত হয়।
সাহিত্যিক পেন্সনাৰ টাইদদেৱক অসম চৰকাৰৰ চুকাফা বঁটা,অসম সাহিত্য সভাৰ বিমল জালান বঁটা,সাহিত্য অকাডেমীৰ ভাষা সন্মান বঁটা আদি বিভিন্ন বঁটাৰে বিভূষিত কৰা হৈছে।
আমি কেইজনমান ব্যক্তিয়ে এবাৰ তেওঁক দেখা কৰিবলৈ যাওঁতে কথা প্ৰসংগত অসম চৰকাৰে বিয়াগোম সভা পাতি শিক্ষকক নিযুক্তি পত্ৰ বিলোৱা কথাৰ সমালোচনা কৰি ধীৰ গম্ভীৰভাৱে কৈছিল..."এই যে চৰকাৰে ডাঙৰ ডাঙৰ সমাৰোহ পাতি শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰি আছে, এয়া কি সূচায়? আমাৰ দিনটো অগনন মানুহক চাকৰি দিলো,শিক্ষক নিযুক্তি দিলোঁ,আমিতো তেনেদৰে চাকৰি দিছোঁ বুলি ৰৌজাল বৌজাল কৰা নাছিলোঁ ! চাকৰি দিয়া লোৱাটো ongoing official process ..ইয়াক বিজ্ঞাপন দিয়াৰ দৰে দি থকাৰ কি অৰ্থ থাকিব পাৰে?"...প্ৰজ্ঞাৰ সাধক,জ্ঞানৰ পূজাৰী টাবুৰাম টাইদ দেৱৰ সেই অমোঘ উক্তি বৰ্তমানৰ ৰাজনৈতিক তথা সামাজিক পৰিস্থিতিলৈ চাই অতি সময়োপযোগী টিপ্পনী।সাম্প্ৰতিক ৰাজনৈতিক আৱহ হাৱালৈ চালে প্ৰতীয়মান হয় যে আজি আমি সকলোক্ষেত্ৰতেই বিজ্ঞাপনমুখী হৈছোঁ। চাকৰি বাকৰিৰ ক্ষেত্ৰত,বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত,কলা সংষ্কৃতিৰ ক্ষেত্ৰত। আনকি শিক্ষাৰ ক্ষেত্ৰতো বিজ্ঞাপনে ৰঘূমলাৰ দৰে চানি ধৰিছে। টাবু টাইদদেৱৰ দৰে সমাজৰ মহীৰূহ সকলে সবল বটবৃক্ষৰ দৰে থিয় দি থাকিলে সেই ৰঘূমলা সদৃশ পৰজীৱী লতাবোৰে অনিষ্ট কৰিব যে নোৱাৰে ই ধুৰূপ।
সেইজনা মহীৰূহ,উত্তৰ লখিমপুৰৰ সুযোগ্য সন্তান,মিচিং ভাষাৰ বাটকটীয়া,অসমৰ বৰেণ্য বুদ্ধিজীৱি, ঘূনাসুঁতিৰ মহীৰূহ শ্ৰদ্ধাৰ টাবুৰাম টাইদ দেৱলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ তেওঁৰ উপজা দিনত।
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment