সুখদেৱ
মিনু হাজৰিকা
১৫ আগষ্ট ১৯৪৭ চনত ভাৰতত আজাদিৰ প্ৰথম পুৱাৰ প্ৰাপ্তি হৈছিল। এইবাবেই আমি এই দিনটোতে স্বাধীনতা দিৱস হিচাবে পালন কৰোঁ। এইটো দিনত প্ৰথমবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুয়ে, লাল কিল্লাত পতাকা উত্তোলন কৰিছিল।
দেশ স্বাধীন হবৰে পৰা আজিলৈকে প্ৰতি গৰাকী প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতকাখন উৰুৱাই স্বাধীনতা দিৱস পালন কৰি আছে।
আমাৰ দেশৰ সৈনিক সকল আৰু বীৰ পুত্ৰ সকলৰ ত্যাগৰ ফলতহে আমি স্বাধীনতা পাইছোঁ। সেই সময়ত চাৰিওপিনে ইংৰাজৰ অত্যাচাৰ, হত্যা , লুণ্ঠনত সকলোৱে বহুত কষ্ট সহ্য কৰিব লগা হৈছিল। ভাৰতৰ বুকুত বীৰপুত্ৰ সকলৰ জন্ম হৈছিল। তেওঁলোকৰ ত্যাগৰ ফলতহে আমি স্বাধীনতা পাইছোঁ। সৈনিক সকলে সীমাত (বৰ্ডাৰত) থাকি দেশ ৰক্ষা কৰিছিল আৰু লাখ লাখ সৈনিকে মৃত্যুক সাৱটি লৈছিল আৰু বীৰ সকলৰ কঠোৰ পৰিশ্ৰমৰ ফলত আজি আমি স্বাধীন দেশৰ নাগৰিক।
সেই সময়ত বীৰ সুখদেৱক ফাঁছীৰ আদেশ দিয়া বুলি জানি তেওঁৰ মাকে জেলত লগ কৰিবলৈ আহি সুখদেৱক কৈছিল -" তই মোক এৰি নাযাবি, তোৰ বয়সেই নো কিমান হৈছে " ! তেতিয়া সোতৰ বছৰীয়া সুখদেৱে মাকক কৈছিল -“ আজি মোক যাব দে মা, কাইলৈ হাজাৰ হাজাৰ সুখদেৱে জন্ম লব৷" সঁচাকৈয়ে সুখদেৱৰ দৰে বীৰৰ বাবে আমি স্বাধীন ভাবে উশাহ নিশাহ লব পাৰিছোঁ।
স্বাধীনতাই আমাক এখন নিকা দেশ দিলে আৰু সৌন্দয্যৰে পূৰ্ণ এখনি "জাতীয় পতাকা", য’ত আমি আমাৰ মাতৃভূমিৰ জয়গানেৰে গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ।
Doksiri দকচিৰি, আগষ্ট, ২০২৩
No comments:
Post a Comment