তুমি
নৱজিৎ জ্যোতি বৰপাত্ৰ
শেৱালী ফুলৰ সুবাস কঢ়িয়াই
তুমি কিয় আহি
অন্তৰৰ বন্ধ দুৱাৰত টুকুৰ দিলাহি;
কিয় নো প্ৰেমৰ ৰঙা দলিছা পাৰি
ভাল পোৱাৰ কবিতা লিখিবলৈ আৰম্ভ কৰিলা ...
স্নিগ্ধ জোনাকৰ স্তব্ধ নিশাত
তুমি কিয় শিকালাহি প্ৰেমৰ আদি পাঠ,
নোপোৱাক পোৱাৰ হেপাঁহ জগাই
জীৱনৰ চাকনৈয়াত দূৰৈত থাকিও কিয় ওচৰত থকাৰ অনুভৱ কৰালা ...
তোমাৰ প্ৰেমৰ বান্ধোনে মোক অক্টোপাছৰ দৰে জপটিয়াই ধৰিছে,
মোৰো মন উদ্বেলিত আন্দোলিত হৈ
গভীৰতালৈ ক্ৰমশঃ সোমাই গৈ আছে।
যদিওবা নাপাওঁ বিচাৰি আমাৰ দুয়োৰে এই জনমত মিলনৰ পটভূমি,
তথাপিও মোৰ বুকুত হৃয়স্পৰ্শী কবিতা হৈ বহি ৰ’বা তুমি।
বৰষুণৰ কুমলীয়া বাঁহৰ সুগন্ধিময় বতৰত তোমাক লৈ খোজ কাঢ়িম,
সাগৰৰ ঢৌৰ মাজত তোমাক লৈ উমলিম,
সূৰ্যাস্তৰৰ হেঙুলীয়া কিৰণৰ লুকা- ভাকুৰ মাজত দুয়ো বিলীন হৈ ঘৰমুখী হ’ম;
তুমি সযত্নেৰে আকৌ ক্ষান্ত কবিতা এটি হৈ বহি ৰ’বা মোৰ হৃদয়ৰ এটি কোণত;
সংগোপনে আমি দুয়ো অবিৰতভাৱে কথা পাতিম;
স্তব্ধ নিশাৰ অৱসান ঘটাই উদিত সূৰুযৰ অপেক্ষাত।
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment