পোহৰ-প্ৰীতি
কুঁকি কল্পিতা বৰা
কমলাবাৰী, মাজুলী
ন পানী বাঢ়ি অহাৰ দৰে খৰ হয় খোজ
ৰবলৈ সময় নাই বন্ধু ,
এই দিন বোকা খচকাৰ
এই দিন গোঁজ মৰাৰ
সম্ভাৱনা বৌটিৰ শালৰ মাকো
সম্ভাৱনা সময়ৰ সাঁকো ।
জীৱনে লগ পোৱা চকু এহালি
হাতে মেলি পোৱা সৰগ এখনি
অ' মোৰ বুকুৰ মানু্হ
এই জনমৰ শপত,
মাটি হৈ মিলি থাকিম
গৈ গৈ তোমাকেই মাতিম!
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment