অসমৰ ইতিহাসৰ প্ৰথম গৰাকী সত্ৰাধিকাৰ পৰমানন্দ মিৰি আতা, লেখকৰ ক্ষেত্ৰ অধ্যয়ন আৰু কিছু বিতৰ্কিত বিষয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, August 6, 2023

অসমৰ ইতিহাসৰ প্ৰথম গৰাকী সত্ৰাধিকাৰ পৰমানন্দ মিৰি আতা, লেখকৰ ক্ষেত্ৰ অধ্যয়ন আৰু কিছু বিতৰ্কিত বিষয়

 


অসমৰ ইতিহাসৰ প্ৰথম গৰাকী সত্ৰাধিকাৰ পৰমানন্দ মিৰি আতা, লেখকৰ ক্ষেত্ৰ অধ্যয়ন আৰু কিছু বিতৰ্কিত বিষয়


হৰিচৰণ পেগু

শ্ৰীমন্ত শংকৰদেৱৰ ভিন ভিন সম্প্ৰদায়ৰ শিষ্য সকলৰ কথা কম বেচি পৰিমানে সকলোৰে অৱগত। প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোতেই আমাৰ প্ৰায় সংখ্যক শিক্ষাৰ্থীয়ে শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য সকলৰ বিষয়ে জনাৰ সুযোগ লাভ কৰে। আমিও গুৰুজনাৰ শিষ্য হিচাপে গাৰোৰ গোবিন্দ,  নগাৰ নৰোত্তম, মুছলমানৰ চান্দসাই, মিৰিৰ পৰমানন্দ বুলি প্ৰাথমিক বিদ্যালয়ত গুৰুজনাৰ জীৱনী পঢ়োতে শিকিছিলোঁ। তাৰ পৰাই পৰমানন্দ নামৰ এজন মিচিং শিষ্য গুৰুজনাৰ আছিল বুলি আমি অৱগত হওঁ‌। 

    সেই আগ্ৰহৰেই প্ৰতিফলন স্বৰূপে আমি ডাঙৰ হৈ পৰমানন্দ আতাক বিচাৰি চোৱাৰ প্ৰয়াস কৰিলোঁ। আমাৰ নিচেই ওচৰতে এগৰাকী বিদগ্ধ বৈষ্ণৱ ভকত আছে। নাম তেখেতৰ মোহন চানং। বৰ্তমান তেখেত নাৰায়নপুৰ স্থিত গোসাঁইপুখুৰী পুস্পবিলাস সত্ৰৰ সত্ৰাধিকাৰ। বৈষ্ণৱ শাস্ত্ৰীয় সম্পৰ্কীয় ভিন ভিন বিষয়ত আমি প্ৰায়েই তেখেতৰ সৈতে আলোচনা বিলোচনা কৰো। তেখেতৰ ওচৰতে মই পৰমানন্দ মিৰি আতাৰ ওপৰত জিজ্ঞাসা আৰম্ভ কৰোঁ‌। তেখেতে মোক শংকৰদেৱে বিশ্ৰাম লোৱা ঐতিহাসিক চাংগিনী সত্ৰলৈ গৈ অনুসন্ধান কৰাৰ কথা ক'লে। এইখিনিতে এটা ব্যক্তিগত অনুভৱ ব্যক্ত কৰিব খুজিছো যে গাংমৌ থান এৰাৰ পাছৰে পৰা ধোৱাহাট বেলগুৰিলৈ পোৱা পৰ্যন্ত গুৰুজনাৰ উজনি অসম বিচৰণৰ এখন বিশ্বাসযোগ্য ৰোডমেপৰ অভাৱ। আমি বহু কেইগৰাকী বৈষ্ণৱ সাধকক উক্ত বিষয়ত দৃষ্টি আকৰ্ষণ কৰিছো যদিও কোনেও যেন সেই দিশত আগ্ৰহ দেখুৱাব খোজা নাই। 

 যিকি নহওক আমি চাংগিনী সত্ৰত অনুসন্ধান কৰিবলৈ আহোতে যিকি আছে সেইখিনি অৱগত কৰাৰ পাছত অধিক অনুসন্ধানৰ বাবে গাংমৌ থানলৈ যোৱাৰ পৰামৰ্শ দিলে। তাৰেই পৰাই  গাংমৌ থানত অধ্যয়নৰ বাবে আমাৰ যাত্ৰা আৰম্ভ হ'ল। 

গাংমৌ থানত অধ্যয়ন কৰাৰ পাছতো পৰমানন্দ আতাৰ ওপৰত সম্পূৰ্ণ বিৱৰণ প্ৰস্তুত হৈ নুঠিল । অৱশ্যে গাংমৌ থানত এখন পুস্তিকা লাভ কৰিলোঁ য'ত পৰমানন্দ আতাৰ চমু কাৰ্যাৱলী লিপিৱদ্ধ কৰা আছে। পৰমানন্দই যে পাক্কাং তাৰ ওপৰতো এগৰাকী বয়োজ্যেষ্ঠ সেৱিকাৰ পৰা মৌখিক সুত্ৰ লাভ কৰিলোঁ। গুৰুজনাৰ ভ্ৰমণ বৃতান্তৰ লগতে পৰমানন্দৰ সৈতে হোৱা সাক্ষাত আদিৰো কিছু মুখৰোচক গল্প তাত শুনা গ'ল। কিন্তু এয়াই পৰ্যাপ্ত নাছিল তেৰাৰ প্ৰিয় শিষ্য পৰমানন্দৰ আকলণ কৰিবৰ বাবে। 

    ইয়াৰ পাছতে অধিক সমল বিচাৰি গুৰু চৰিত অধ্যয়ন কৰা আৰম্ভ কৰিলোঁ। উপেন্দ্ৰ চন্দ্ৰ লেখাৰু দেৱৰ কথা গুৰু চৰিত পঢ়াৰ পাছত ৰামচৰণ ঠাকুৰৰ গুৰুচৰিৎ অধ্যয়ন কৰো। তাতে দুজনা পৰমানন্দ আতাৰ সম্ভেদ পালো। 

অধিক পৰিপুষ্টিৰ বাবে শংকৰ সংঘৰ সৈতে যোগাযোগ কৰিলোঁ। উপযুক্ত উত্তৰ পোৱা নগল।  মিচিং বৈষ্ণৱ ভকত কেবা গৰাকীকো পৰমানন্দ আতাৰ ওপৰত বিশদভাৱে অৱগত কৰিবলৈ আহ্বান জনালোঁ যদিও বিশেষকৈ কাৰো হাততে বিশ্বাস যোগ্য সমল পোৱা নগ'ল।

আনফালে, পৰমানন্দ আতাৰ ওপৰত জীৱনীও তেনেই সীমিত। মুম্বাইস্থ পিটাৰ পেগুদেৱৰ এখন গ্ৰন্থত পৰমানন্দ আতাৰ নাম পোৱা গ'ল। তেখেতে লিখিছে পৰমানন্দ আতা আছিল জেংৰাইমুখৰ। কিন্তু জেংৰাইমুখৰ পৰা গাংমৌ থানৰ সত্ৰাধিকাৰৰ কোনো লিংক তাত বিচাৰি পোৱা নগ'ল। 

তাৰ পাছত এগৰাকী ভকতে পৰমানন্দৰ ওপৰত এটা সৰু টোকা লিখিলে। শ্ৰী শ্ৰী বনমালী আতা। দন্দি ধ্বজ্জ্বপুৰ বিলাস সত্ৰৰ সত্ৰাধিকাৰ। জনজাতি নামধৰ্ম সমাজৰ প্ৰতিষ্ঠাপক। তেখেত ইতিমধ্যে স্বৰ্গগামী হৈছে। তেখেতে জনালে যে পৰমানন্দ আতাৰ জন্ম পিছলা গোপালজাৰণি অঞ্চলত। বৰ্তমানৰ পিছলা গোপাল জাৰণি গাঁওখন গোলাঘাট আৰু বিশ্বানাথ জিলাৰ সীমামূৰীয়া অঞ্চল ব্ৰহ্মপুত্ৰৰ বুকুত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বন গাঁও। সেই সুত্ৰৰে পম খেদি আমি আগবাঢ়িলোঁ পিছলা গোপাল জাৰণি চাপৰিলৈ। বৰতামুলী পঞ্চায়তৰ দক্ষিন পশ্চিমাঞ্চলত অৱস্থিত এখন নৈৰ বুকুত জাহ যোৱা বনগাও। 

সেইখনৰ অধ্যয়ন সম্পূৰ্ণ কৰিব নোৱাৰিলো কিয়নো ইতিমধ্যে ই ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল। কিন্তু তাৰ আশে পাশে অঞ্চলবোৰত অধ্যয়ন কৰি থাকোতে গোপাল-জাৰণি চাপৰিৰ পৰা গমিৰিঘাটৰ পথত এখন বিশাল নেপালী গাঁৱৰ মাজত এখন মিৰি পথাৰ আৱিষ্কাৰ কৰিলোঁ। অনাৱিস্কৃত হৈ থকা অঞ্চলটোৰ নাম প্ৰসংগ জানিব  বিচৰাত সেই অঞ্চলৰ বয়োজ্যেষ্ঠ পঞ্চায়ত সভাপতি গৰাকীয়ে মোক এই অঞ্চলত পৰমানন্দ আতাই বসবাস কৰিছিল বুলি শুনাৰ কথা কলে।


   আচম্বিত হলো যে সেই অঞ্চলৰ পৰা মাত্ৰ ১৫ কিমি দূৰৈত বুৰৈ মিচিং গাঁওখন আছে , অথচ তেওঁলোকে সেই অঞ্চলৰ সৈতে পৰমনানন্দ আতাৰ সম্পৰ্কৰ বিষয়ে মুঠেই অৱগত নহয়। 


অৱশেষত বিভিন্ন অধ্যয়নৰ অন্তঃত আমি গমিৰিঘাটৰ মিৰি পথাৰ খনতে পৰমানন্দ মিৰি আতাই যে বসবাস কৰিছিল সেই বিষয়ত নিশ্চিত হ'লো। 

কিয়নো সেই অঞ্চলৰ পৰা গোপাল জাৰণি চাপৰিলৈ অধিক দূৰ নহয়। গোপাল জাৰণি আৰু গমিৰিঘাটৰ মিৰি পথাৰৰ মাজৰ ভৌগোলিক স্থিতিক অধ্যয়ন কৰি আমি এটা সিদ্ধান্তলৈ আহিব খুজিছিলো যে বনমালী আতাদেৱে কোৱা পৰমানন্দৰ জন্মস্থান হয়তো গোপাল জাৰণিয়েই হ'ব পাৰে। অৱশ্যে আতাই আমাক তেখেতৰ বক্তব্যৰ উৎসৰ বিষয়ে একোৱেই অৱগত কৰি নগ'ল। 

   গুৰুজনাই যি বাটেৰে নাৱেৰে পাৰ হৈ কোমোৰাকটাত নামিছিল সেই অঞ্চলো মিৰি পথাৰৰ পৰা অধিক দূৰৈত নহয়। প্ৰায় বিশৰ পৰা পচিশ কিমি ব্যাসাৰ্ধৰ ভিতৰতে উক্ত সমগ্ৰ অঞ্চলটোৰ বিস্তৃতিলৈ চাই আমি এই অঞ্চলৰ আশেপাশেই ঘটনা প্ৰৱাস আগবঢ়া বুলি থাৱৰ কৰিব পাৰো। কোমোৰাকটা, বৰগাং, গাংমৌ, বুৰৈ, গমিৰিঘাট, মিৰি পথাৰ আদি অঞ্চলৰ নিকটৱৰ্তীতাৰ সুবাদত আমি এটা নিৰ্ণয় লোৱা উচিত হ'ব যে, পিছলা গোপাল জাৰণি গাৱঁখন যিখন বৰ্তমানৰ বৰতামুলী পঞ্চায়তৰ দক্ষিন পশ্চিম দিশৰ দ্বীপ গাও, সেইখনেই পৰমানন্দ আতাৰ জন্ম স্থল।     

     তেখেতে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰাৰ পাছত হয়তো গাঁৱৰ মানুহে এঘৰীয়া কৰাত নেপালী গাঁৱৰ মাজতে ঘৰ সাজি বসবাস কৰিৱলৈ লৈছিল যিখন এতিয়া মিৰি পথাৰ নামেৰে জনাজাত হৈছে। সেই মিৰি পথাৰত পৰমানন্দই নিজৰ একমাত্ৰ মাতৃৰ সৈতে বসবাস কৰিছিল। শুনা কথা পৰৱৰ্তী সময়ত পৰমানন্দ আতাই কোনো ভৰালী উপাধিৰ কন্যা এগৰাকীৰ পাণি গ্ৰহণ কৰি গাংমৌতে জীৱনৰ বাকীখিনি সময় পাৰ কৰে। 

    পৰমানন্দ মিৰি আতাৰ আচল নাম পাক্কাং আছিল যাক সকলোৱে ঐক্যমতেৰে স্বীকাৰ কৰে। গাংমৌ থানৰ বয়োজ্যেষ্ঠ সেৱিকা গৰাকীৰ মুখতো পাক্কাং নামটো শুনিলো। গতিকেই আমি পৰমানন্দ মিৰিৰ আচল নাম পাক্কাং বুলি শেষ সিদ্ধান্তত উপনীত হৈছো।

  কোনোবাই কোনোবাই পৰমানন্দ মিৰিক পৰমানন্দ লঃয়িং বুলি লিখিব খোজে। কোনোবাই পেগু বুলি লিখিব খোজে। কিন্তু লঃয়িং, দলে বা পেগু উপাধি সন্দৰ্ভত কোনো প্ৰামাণিক তথ্য নাই। গোপাল জাৰণি অঞ্চলত লঃয়িং উপাধিৰ কোনো ব্যক্তি বা কোনো পৰিয়াল পাবলৈ নাই। কাজেই লঃয়িং উপাধিক আমি নস্যাৎ কৰিব পাৰি। জাৰণি অঞ্চলৰ দলে উপাধিৰ অধিকতালৈ লক্ষ্য কৰি পেগু উপাধিৰ ওপৰতো সন্দিহান হওঁ। 

পাক্কাং জেংৰাইমুখৰ অহা নহয় বুলি ইতিমধ্যে মানি লৈছো। কাজেই পিটাৰ পেগুদেৱে দাৱী কৰা পাক্কাং পেগুক আমি অলপ সময়ৰ বাবে একাষৰীয়া কৰি লৈছো। অৱশ্যে মিচিঙৰ আন কেতবোৰ অনুষ্ঠানে পৰমানন্দক মাজুলীৰ জেংৰাই মুখতে জন্ম বুলি গ্ৰহণ কৰা  বুলি দাৱী কৰাৰ কথাও শুনিবলৈ পোৱা যায়। 

    আচলতে পাক্কাং ওৰ্ফ পৰমানন্দৰ উপাধি যিয়েই নহওক, তেওঁ মিৰি আছিল আৰু তেওঁৰ জন্ম বৰ্তমানৰ বিশ্বনাথ জিলাতেই হৈছিল সেয়া খাটাং। 

গাংমৌ অহাৰ আগতে গুৰুজনাই এজনো মিচিং মানুহৰ সৈতে চিনাকি হোৱা নাছিল আৰু জেংৰাই মুখৰ পাক্কাং গৈ বৰগাঙৰ সত্ৰাধিকাৰ হোৱা কথাটো সম্পূৰ্ণৰূপে অমুলক। 

গোপাল জাৰণিত লঃয়িং মানুহ নথকা সুত্ৰে পৰমানন্দ মিৰি লঃয়িং উপাধিৰ নহয় বুলি নিশ্চিত হৈছো।

   পাক্কাং ওৰ্ফ পৰমানন্দই গোপাল জাৰণি অঞ্চলত বসবাস কৰি থাকোতে ম'হ চৰাবলৈ চাপৰি চাপৰিয়েই ঘুৰি ফুৰিছিল। অতি সুৰীয়া সুৰেৰে অইনিঃতম গাব পৰা পাক্কাঙে নদী চাপৰিবোৰত ম'হ চৰাই চৰাই সুললিত অইনিঃতম গাই ফুৰিছিল যিয়ে গুৰুজনাৰ দৃষ্টি আকৰ্ষণ কৰিছিল। 

    শিলঘাটেদি কোমোৰাকটালৈ নাৱেৰে উঠি অহাৰ পথতে চাপৰিত ম'হৰ পিঠিৰ অইনিঃতম গাই থকা পাক্কাং দলেক শ্ৰীগুৰুজনাই দেখা পাই ওচৰ চাপি আহে আৰু তেনেকৈয়ে গুৰুৰ ব্যক্তিত্বত প্ৰভাৱিত হৈ পাক্কাঙে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। সুন্দৰ আৰু সুললিত কন্ঠেৰে গীত গোৱা পাক্কাঙৰ সুৰৰ মাজত গুৰুজনাই স্বৰ্গীয় সুখ বিচাৰি পাইছিল আৰু নতুন সৃষ্টিৰ সম্ভাৱনা আৱিষ্কাৰ কৰিছিল। আৰু তেনেকৈয়ে সৃষ্টি হৈছিল বৰগীতৰ। দ্ৰষ্টব্য যে পৰমানন্দক লগ পোৱাৰ আগতে গুৰুজনাৰ কোনো গীত নাছিল, কোনো বৰগীত নাছিল।

লোকসংস্কৃতিৰ বিশিষ্ট গৱেষক চাও লোকেশ্বৰ গগৈদেৱৰ বৰগীতৰ সুৰৰ লগত অইনিঃতমৰ প্ৰসংগ শীৰ্ষক লেখাৰ পৰ্যালোচনা কৰি চালে আমি সেই কথা নুই কৰিব নোৱাৰিম যে গুৰুজনাই বৰগীত লিখাৰ অনুপ্ৰেৰণা পৰমানন্দ আতাৰ পৰাই পাইছিল। গুৰুজনাৰ সৰ্বাধিক বৰগীত গাংমৌ থানত থাকোতেই ৰচিত। গতিকে এই কথাই নুই কৰিব নোৱাৰি যে পৰমানন্দ আতাৰ সৈতে মিলিয়েই গুৰুজনাই বৰগীতৰ সুৰ ৰচনা কৰিছিল। 


   বৈষ্ণৱ সমাজৰ মাজত বিশেষ গুৰুত্ব সহকাৰে প্ৰচাৰিত নোহোৱা এটা কথা আমি এই লেখাটিৰ জৰিয়তে সুধীগনক উন্মেচিত কৰিবলৈ আহ্বান জনাইছোঁ।  সেয়া হৈছে, মহাপুৰুষ গুৰুজনাৰ দ্বাৰা মনোনীত অসমৰ ইতিহাসত প্ৰথম গৰাকী সত্ৰাধিকাৰ আছিল পৰমানন্দ মিৰি আতা। গুৰুজনাই বৰদোৱাত স্থাপন কৰি অহা সত্ৰটোৰ যাৰ সত্ৰাধিকাৰ নিজেই আছিল, তাৰ পাছতে গাংমৌত সত্ৰ স্থাপন কৰিছিল আৰু সেইখন এৰি আহিবৰ পৰত পৰমানন্দক সেই সত্ৰৰ সত্ৰাধিকাৰ পাতি থৈ গৈছিল। 

   গতিকে গুৰুজনাৰ পাছত প্ৰথম গৰাকী সত্ৰাধিকাৰ যদি কোনো আছিল সেয়া আছিল পৰমানন্দ মিৰি আতা। গুৰুজনাই গাংমৌ সত্ৰত ছয় বছৰ জোৰা দীৰ্ঘ সময় অতিবাহিত কৰিছিল আৰু গুৰুজনাৰ উৎকৃষ্ট সৃষ্টিৰাজীও ইয়াতেই বিকশিত হৈছিল। বৌদ্ধিক আলোকেৰে সমৃদ্ধিশালী হৈ উঠা গাংমৌখন এৰি যাবৰ পৰত গুৰুজনাই নিজ হাতে পৰমানন্দক এই সত্ৰৰ সত্ৰাধিকাৰ ৰূপে আসনাধীষ্ঠ কৰিছিল। ইয়াৰ সাক্ষী গাংমৌ থান খন আৰু ইয়াৰ ওচৰে পাজৰে লৌকিক কথনবোৰ। 

উক্ত সত্ৰতে গুৰুজনাৰ পৰলোক প্ৰাপ্তি সময়লৈ সুকলমে সত্ৰাধিকাৰৰ দায়িত্ব পালন কৰি সমগ্ৰ অঞ্চলটোক ঈশ্বৰময় কৰি তুলিছিল। তাতেই তেখেতে বিভিন্ন ধৰণৰ লেখা মেলাও কৰিছিল। 

কিন্তু দুৰ্ভাগ্যজনক ভাৱে তেখেতৰ লেখামেলাবোৰক সমুলি ঢাকি ৰখা হ'ল। অথবা সম্পূৰ্ণৰূপে আওকান কৰা হ'ল। কিন্তু কিয় তেনে হ'ল তাৰ সদুত্তৰ আমি কাহানিও নাপালো। হয়তোবা নীহকুলীয়া পৰমানন্দ বৰ্ণবৈষম্যৰ বলি হ'ল। 

   পৰৱৰ্তী সময়ত আতাই গুৰুজনাৰ অসুস্থতাৰ বাবে গাংমৌ থানৰ দায়িত্বৰ পৰা অব্যাহতি লৈ বৰপেটা অভিমুখে যাত্ৰা কৰে। তেৰাৰ মৃত্যুৰ সময়ত তেৰাক সংগ দি থকা পৰমানন্দ আতা তাতেই অসুস্থ হৈ পৰে আৰু গুৰুজনাৰ পৰলোক প্ৰাপ্তিৰ আশেপাশেই তেখেতৰো স্বৰ্গবাস হয়। 


   আমি এটা বস্তু লক্ষ্য কৰিছিলো যে, যিকোনো সত্ৰ বা ঐতিহাসিক দৌল দেৱালয়বোৰৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ বা মঠাধিকাৰৰ নাম তথা বংশলতা অতি সুন্দৰকৈ লিপিৱদ্ধ কৰা থাকে। কিন্তু গাংমৌ থানৰ সত্ৰাধিকাৰ পৰমানন্দ আতাৰ বিষয়ে একোৱেই লিখা হোৱা নাই। অথচ সকলো সত্ৰাধিকাৰৰ বংশলতা লিপিৱদ্ধ আছে। 

কাৰণ কি হ'ব পাৰে? 


আমি কৰা অনুসন্ধানৰ ভিত্তিত দুটা বিতৰ্কিত কথা বা বিষয়বস্তু আমাৰ চকুত পৰিছে। 


১) শংকৰদেৱৰ উত্তৰাধিকাৰীক লৈ শিষ্যসকলৰ মাজত এখন শীতল যুদ্ধৰ সূচনা হৈছিল। হয়তো উত্তৰাধিকাৰীৰ ৰেচত পৰমানন্দও আছিল। কিয়নো তেখেত শ্ৰীগুৰুজনাৰ দ্বাৰা মনোনীত প্ৰথম গৰাকী সত্ৰাধিকাৰ আছিল। হয়তো তাতেই বলিৰ পাঠা হৈছিল পৰমানন্দ আতা। গুৰুজনাৰ মৰণৰ সময়ত পৰমানন্দ আতা বৰপেটাতে আছিল। তাৰ পাছত তেখেত আৰু উভতি নাহিল।  তাতেই জীৱনৰ অন্তিম সময় অতিবাহিত কৰে। সম্ভৱত তেখেতৰ বাবে আৰু কোনো বিশেষ কাৰ্য অৱশিষ্ট ৰখা নাছিল। 


২) প্ৰিয় শিষ্যৰ দৌৰত মাধৱদেৱ আৰু পৰমানন্দ আতাৰ মাজত শীতল প্ৰতিস্পৰ্দাৰ উন্মেষ ঘটিছিল। মাধৱদেৱতকৈয়ো আগত পৰমানন্দ গুৰুজনাৰ প্ৰিয় শিষ্য আছিল। পৰমানন্দ গুৰুজনাৰ দুয়োটা তীৰ্থ ভ্ৰমণতে লগত আছিল। বিপৰীতে মাধৱদেৱ পিছৰবাৰৰ তীৰ্থ ভ্ৰমণতহে লগত আছিল। 

তাৰোপৰি পৰমানন্দ মিৰি আতাই খুব সুন্দৰ পদটীকাও ৰচনা কৰিছিল। 

গুৰু গুনমালা নামেৰে এখন পুথি উদ্ধাৰ হৈছে য'ত গুৰুজনাৰ চৰিত্ৰৰ সকলো কথা স্পষ্টকৈ অংকিত কৰা হৈছে। অৱশ্যে ইয়াত মাধৱদেৱৰ বিষয়ে ঘুনাক্ষৰেও প্ৰকাশ কৰা নাই। 

গুৰু গুনমালা খন বৰ্তমান কমলাবাৰী সত্ৰত উপলব্ধ। এই গুৰু গুনমালাখন গুৰুজনাৰ গুনমালা আৰ্হিতে ৰচিত এখনি সৰু অথচ উত্তম পাদটীকা। ভাষাও অতি উচ্ছ স্তৰৰ। 


গতিকে পৰমানন্দ মিৰি নিসন্দেহে এক উচ্ছ স্তৰৰ সুলেখক আছিল। কিন্তু সময়ে তেওঁৰ কৃতীক ঢাকি ৰাখিলে। অথবা তেওঁক নেপ'টিজমৰ মাজত ৰাখি প্ৰচাৰৰ পৰা বিৰত ৰাখিলে। 

হয়তো এনেকুৱাও হ'ব পাৰে যে জানি বুজিয়েই পৰমানন্দৰ সকলো তথ্য পাতি, লেখা মেলা আদিবোৰ বৈষ্ণৱ সাহিত্যৰ পৰা নিলগাই ৰখা হৈছিল। 

     যি সময়ৰ ইতিহাসত এক বৃহৎ প্ৰতাৰণা বুলি কব লাগিব। 

৩) আজিকোপতি সত্ৰ সংস্কৃতিয়ে অসমৰ প্ৰথম গৰাকী সত্ৰাধিকাৰ বুলি পৰমানন্দ মিৰি আতাক স্বীকৃতি দিয়া নাই। বিপৰীতে কোন গৰাকী পৰমানন্দ মিৰি আতা আছিল তাকো লৈ বিভ্ৰান্তিমুলক মন্তব্যহে প্ৰকাশ কৰিছে। গুৰু গুনমালা পুথি খনৰ আগকথাটো কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ মহোদয়ে কোনগৰাকী পৰমানন্দ আতৈয়ে ৰচনা কৰিছিল জনা নাযায় বুলিহে কৈ গৈছে। 


গতিকে এই লেখাৰ যোগেদি মিচিঙৰ বৈষ্ণৱ ভকত সকলৰ লগতে আন আন সুধী সমাজলৈকো বিনম্ৰ গোহাৰি যে আমি পাক্কাং ওৰফে পৰমানন্দ মিৰিৰ বিষয়ত বিজ্ঞান সন্মত গৱেষণামূলক অধ্যয়ন কৰাৰ লগতে সঠিক সত্য উদ্ঘাটন কৰি পৰমানন্দ মিৰি আতাক জগত সভাত সুন্দৰকৈ আৰু সসন্মানে উপস্থাপন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা উচিত। কিয়নো অসমৰ প্ৰথম গৰাকী সত্ৰাধিকাৰ হিচাপে পৰমানন্দই যি স্থান সত্ৰবোৰত পাব লাগিছিল তাৰ ষোল্ল ভাগৰ এভাগো স্বীকৃতি পোৱা নাই।

     ইয়াৰ প্ৰতিকাৰৰ বাবে আমিবোৰেই আগবাঢ়ি আহিব লাগিব। 


Doksiri দকচিৰি, আগষ্ট, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages