জংকি-পানৈৰ মুলুকত
কল্পনা দলে পাংগিং
উত্তৰ লক্ষীমপুৰ
ধলঘাটৰ সিপাৰে
সোৱণশিৰিৰ পাৰতে
ঘুনাসুঁতি গাঁৱত
জংকি-পানৈৰ মুলুক,
সোৱণশিৰিৰ এইপাৰে
মোৰ মৰমৰ গাঁওখনি,
আঘোণৰ আগমণিত
সৰিয়হৰ পৰশমণি,
দুয়োপাৰ হালধীয়াৰ বোলনি,
মাজে বৈ যায় সোঁৱণশিৰি ;
ফাগুনৰ আগমণিত
পলাশ, শিমলুৰ সুবাসমণি,
য়াঃমে মৃম্বৃৰহঁতৰ বুকুতে
জংকি- পানৈৰ সুহুৰি ;
লৃগাঙৰ পৰশত পঃৰ আপঙৰ ৰাগি,
য়া:মেহঁতৰ দোম্ দোম্ ৰ চেও
মৃম্ বৃৰ্ হঁতৰ গাত গোম্ৰাগৰ দেও;
কাৰ ঐনি:তমৰ সুৰত কোনেবা বানিছে বুকুতে ধান,
দিছে জানো কোনোবাই কাণ ,
ডেকা বুঢ়া সকলোৰে লৃগাঙতে ধ্যান
লৃগাং যে আমাৰ প্ৰাণ,
ৰাখিবতো লাগিব মান ৷
লৃগাঙৰ বতৰ যায়
সোৱণশিৰি পৰীয়াই গুনি খেতিত লাগি যায় ,
আকৌ আহে বহাগ,
মিচিং-মিপাগ্ সকলোৰে গাত
ৰঙালীৰ ৰং লাগি যায়
ঘৰে ঘৰে হুচৰি গায়,
এজাৰ ফুলেৰে বহাগেও বিদায় মাগি যায় ;
সোৱণশিৰি পৰীয়াৰ বুকুতে বেজাৰে সুহুৰিয়ায়
হয়তো জংকি-পানৈৰ আত্মায়ো বিনায়,
তেজক পানী কৰি দাই থোৱা
আহু ধানৰ মুঠিবোৰ পানীত ডুবে
বাও ধানবোৰ পলসে পোতে
শালি ধান ৰুবলৈ বতৰে নাতে
গৰাখহনীয়াত ভেটিবোৰ উঠে,
জংকি-পাণৈৰ মুলুকৰ কথা
ভাবিলেই এতিয়া
বেজাৰ এটি উজায় ৷
(দোম্ দোম্>ঢোল, লু:পি>তাল,গোম্ ৰাগ্ >লৃগাঙৰ বিশেষ নৃত্য, প:ৰ আপং>ছাই মদ,য়া:মে>ডেকা লৰা, মিম্ বিৰ্>গাভৰু ছোৱালী, মাক্ চং>নচা,
মিপাগ্>মিচিং সকলে অমিচিঙক মিপাগ্ বুলি কয়,গুনি>আহু) ৷
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৩


No comments:
Post a Comment