শিক্ষক দিৱস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, September 1, 2023

শিক্ষক দিৱস

 


শিক্ষক দিৱস 

মিনু হাজৰিকা


      হান চিন্তাবিদ - ৰাজনীতিজ্ঞ ড°সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতি সন্মান জনাই দেশে তেওঁৰ জন্ম দিন ৫ ছেপ্তেম্বৰত “ শিক্ষক দিৱস“ হিচাবে পালন কৰি আহিছে ৷ ৰাষ্ট্ৰপতিৰ দৰে মৰ্যাদা সম্পন্ন পদত অধিষ্ঠিত হোৱাৰ পাছতো তেওঁ নিজকে এগৰাকী শিক্ষক ৰূপে পৰিচয় দিব বিচাৰি , তেওঁৰ জন্মদিন পালন কৰাৰ সলনি , প্ৰতি বছৰে ছেপ্তেম্বৰ ৫ তাৰিখে ভাৰতত শিক্ষক দিৱস উদযাপন কৰাৰ পৰামৰ্শ দিছিল ৷

ড° ৰাধাকৃষ্ণণ আজি আমাৰ মাজত নাই , কিন্তু তেওঁ দেখুৱাই থৈ যোৱা মহান আদৰ্শ , চৰম ত্যাগ আৰু সত্যনিষ্ঠা ভাৰতবাসীৰ মাজত সদায় এগছি বন্তিৰ দৰে জিলিকি থাকিব ৷

আনুষ্ঠানিক ভাৱে যেতিয়াৰ পৰা শিক্ষক দিৱস পালনৰ আৰম্ভ হৈছিল সেই সময়ত সকলোৱে নিশ্চয় অতি আড়ম্বৰপূৰ্ণ ভাৱেই দিনটো উদযাপন কৰিবলৈ লৈছিল , কিন্তু সময়ৰ সোঁতত আজি এই দিনটোৱে সেই তাৎপৰ্য হেৰুৱাই পেলাইছে ৷ আজি বস্তু জগতত শিক্ষাৰ প্ৰকৃত মান , শিক্ষাৰ প্ৰকৃত প্ৰমূল্যৰাজিৰ অৱনতি ঘটাৰ উপক্ৰম হৈছে ৷ শোষণ , উৎপীড়ন আৰু ভোগলিস্পাই দয়া , প্ৰেম , ত্যাগ , সংযম প্ৰভুতি মানৱীয় গুণ সমূহ লগতে সামাজিক পৰিস্থিতিক পঙ্গু কৰি তুলিছে ৷ আজি প্ৰকৃত শিক্ষা আৰু আদৰ্শৱান শিক্ষক -ছাত্ৰৰ বৰকৈ প্ৰয়োজন হৈ পৰিছে ৷ কিন্তু বৰ্তমান ছাত্ৰ আৰু শিক্ষক সকলে ড° ৰাধাকৃষ্ণণৰ আৰ্হি, আদৰ্শৰে অনুপ্ৰাণিত হ’ব পৰা নাই ৷ শ্ৰেণী কোঠাত শিক্ষকে পাঠদান কৰিছে সঁচা কিন্তু তাত প্ৰাণ আৰু প্ৰাচুৰ্য্যৰ অভাৱ ঘটাৰ উপক্ৰম হৈছে ৷ ছাত্ৰ-- শিক্ষকৰ মাজত দাৰ্শনিক , পথ- প্ৰদৰ্শক আৰু বন্ধুভাৱাপন্নৰ অভাৱ বাৰুকৈয়ে ঘটিছে ৷ কাৰণ শিক্ষকৰ দায়িত্ব শ্ৰেণী কোঠাতে আবদ্ধ নহয় ৷ বিভিন্ন প্ৰতিকুল পৰিবেশৰ মাজতো যাতে নৱ প্ৰজন্মই প্ৰতিভা বিকাশৰ বাবে এক সুস্থ বাতাবৰণ পায় তাৰ বাবে শিক্ষক সকলে অহোপুৰুষাৰ্থ চেষ্টা কৰিব লাগিব ৷ শ্ৰেণী কোঠাত পাঠ্যক্ৰম সমাপ্ত কৰি পৰীক্ষা লোৱাত শিক্ষকৰ দায়িত্ব সীমাবদ্ধ হৈ থাকিলে , অদূৰ ভৱিষ্যতত শিক্ষকৰ ঠাই যন্ত্ৰচালিত ৰবটে ল’বলৈ বেছি দিন অপেক্ষা কৰিব নালাগিব নিশ্চয় ৷ 

ছাত্ৰ ছাত্ৰী আৰু শিক্ষক ------ এই দুয়োৰে দুয়োৰ পাৰস্পৰিক সম্পৰ্ক আচৰণৰ ওপৰত নিৰ্ভৰ কৰে ৷ শিশু সকল আমাৰ ভৱিষ্যত নাগৰিক ৷ ইংৰাজীত এষাৰ কথা আছে “ দা চাইল্ড ইজ দা ফাডাৰ অব্ মেন ৷“ গতিকে ছাত্ৰছাত্ৰীৰ কোমল হৃদয়ত শিক্ষকৰ ব্যৱহাৰৰ প্ৰভাৱ বাৰুকৈয়ে পৰে ৷ কঠোৰ ব্যৱহাৰৰ দ্বাৰা ছাত্ৰৰ মন জয় কৰিব নোৱাৰি ৷ শিক্ষক , শিক্ষা আৰু শিক্ষাদান পদ্ধতি এই তিনিওটাৰ ভিতৰত শিক্ষকৰ মহত্ত্বই অধিক প্ৰকট ৷ শিশুৰ বিকাশ সাধন যদি শিক্ষাৰ প্ৰধান উদ্দেশ্য হয় তেন্তে সেই বিকাশ সাধনৰ কাৰণে শিশুক আত্মপ্ৰকাশৰ সুবিধা দিব লাগে ৷ কঠোৰ শাসনৰ তলত ৰাখিলে শিশুৱে শিক্ষকলৈ ভয় কৰে আৰু আত্মপ্ৰকাশত বাধা জন্মে ৷ তাৰোপৰি শিক্ষকে কেতিয়াও ছাত্ৰৰ মনত ভয়ৰ সৃষ্টি কৰিব নালাগে ৷ শিক্ষকে নিজৰ আচৰণ আৰু ব্যক্তিত্বৰ দ্বাৰা ছাত্ৰৰ অন্তৰত ভক্তিভাবৰহে উদ্ৰেক কৰিব লাগে ৷ যিকোনো কথা ছাত্ৰক বুজাব হ’লে ছাত্ৰৰ প্ৰতি মৰম আৰু সহানুভূতিৰ আৱশ্যক ৷ আজিৰ শিশুহঁতক ন্যায় , সততা, নৈতিকতা আদিৰ শিক্ষাৰে এক পূৰ্ণ জ্ঞান দিলেহে তেওঁলোকে সমাজ বা দেশৰ বাবে এক আদৰ্শ হৈ পৰিব ৷ এনেধৰণৰ আৱশ্যকীয় আচৰণ তথা আদৰ্শৰ এক পূৰ্ণ জ্ঞান দিবলৈ প্ৰতিজন শিক্ষকৰে এক বিশেষ দায়িত্ববোধ আৰু সজাগতাৰ নিতান্তই আৱশ্যক ৷ এইটো অনস্বীকাৰ্য যে শিশুৰ শিক্ষা জীৱনৰ দায়িত্ব মূৰ পাতি লোৱাৰ আগতে শিক্ষকজনে নিজৰ আচৰণ আৰু ব্যৱহাৰ সংশোধন কৰি ছাত্ৰ-ছাত্ৰীৰ সন্মুখত এগৰাকী আদৰ্শবাদী আৰু মহান শিক্ষাগুৰু হৈ পৰিব লাগিব ৷ তেতিয়াহে তেওঁ পাব ছাত্ৰ-ছাত্ৰীৰ পৰা শ্ৰদ্ধা ভক্তি ৷ 

শ্ৰেণীকোঠাত ভালদৰে শিক্ষাদান কৰিব পাৰিলেই এজন শিক্ষকক প্ৰকৃত শিক্ষক বুলি ক’ব নোৱাৰি ৷ শিক্ষক হ’বলৈ হ’লে কিছুমান বিশেষ গুণৰ প্ৰয়োজন ৷ কাৰণ শিক্ষকতা এটা মহৎ বৃত্তি ৷ নিজৰ সীমিত জ্ঞানেৰে ছাত্ৰছাত্ৰী সকলক দিব পৰা শিক্ষাৰ আনন্দ শিক্ষকৰ বাহিৰে আন বৃত্তিত জড়িত ব্যক্তিয়ে বুজিব নোৱাৰে ৷ সেয়েহে টকাপইচাৰ অভাৱত ভাৰাক্ৰান্ত হ’লেও এজন শিক্ষকৰ মৰ্যাদা আনতকৈ অলপ বেলেগ ৷ আজিৰ ছাত্ৰই কাইলৈ নাগৰিক ৷ সেয়েহে নৱপ্ৰজন্ম হৈছে অনাগত দিনৰ দেশৰ ধৰণী স্বৰূপ ৷ গতিকে শিশুৰ ব্যক্তিগত জৈৱিক অস্তিত্ব সমাজমুখী কৰি গঢ়ি তোলাটো শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য ৷ কাৰণ প্ৰতিজন লোকৰ ব্যক্তিগত জীৱনত লাভ কৰি উঠা সফলতা আৰু কৃতিত্বৰ বাবে শিক্ষকক কৃতজ্ঞতাৰে স্মৰণ কৰা হয় ৷ 

শিক্ষক সকলে নিজৰ মহান দায়িত্বৰ কথা স্মৰণ কৰি নিজৰ সততা আৰু বিচাৰ বুদ্ধি বিকশিত কৰিব লাগে ৷ তেতিয়াহে শিক্ষকতাৰ নিচিনা এটা পবিত্ৰ আৰু মহান কৰ্মৰ জীৱন সাৰ্থক হ’ব ৷ ইংৰাজীত এষাৰ কথা আছে যে --- 

A poor teacher tells 

An average teacher explains

A good teacher demonstrates 

An a great teacher inspires .

শেষৰ বাক্যশাৰীত ড° ৰাধাকৃষ্ণণ , পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ নিচিনা মহৎ লোকৰ শিক্ষকতাৰ মহৎ গুণ নিহিত হৈ আছে ৷ 

শিক্ষকৰ মুখত হাঁহি , অন্তৰত প্ৰেম আৰু সহানুভূতি , ব্যৱহাৰত শালীনতা , ব্যক্তিত্ব গাম্ভীৰ্য পূৰ্ণ হোৱা দৰকাৰ ৷ শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ , শিক্ষা গ্ৰহণ পদ্ধতি , পাঠ্যক্ৰমৰ কাৰ্যকৰীকৰণ , ছাত্ৰৰ শৈক্ষিক মূল্যায়ন আৰু অনুশাসন ৰক্ষা আদি শিক্ষাৰ সকলো দিশৰ কাৰ্যকৰী ৰূপদান কৰা মূল ব্যক্তিজন হৈছে শিক্ষক ৷ গতিকে শিক্ষক সকল দেশ আৰু সমাজ গঠনৰ প্ৰধান আহিলা বা মেৰুদণ্ড স্বৰূপ ৷ শ্ৰেষ্ঠ বিদ্যালয় সেইখনেই য’ত শিক্ষকসকলে ভালদৰে মিলাপ্ৰীতিৰে থাকে , পৰনিন্দা দোষৰ পৰা সদায় আতঁৰত থাকে ৷ শিক্ষকসকলৰ গাত এনেকুৱা ক্ষমতা থকা দৰকাৰ যাতে কথাৰ দ্বাৰাই ছাত্ৰক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰে ৷ ছাত্ৰছাত্ৰীৰ সুনিৰাপত্তাতেই অন্তনিৰ্হিত হৈ আছে ভৱিষ্যতৰ সোণালী দিনবোৰ ৷ গতিকে বিদ্যালয়সমূহত ছাত্ৰ আৰু শিক্ষকৰ মাজত এক মধুৰ মিলনৰ অতিশয় আৱশ্যক ৷

স্বামী বিবেকানন্দই কৈছিল --- “আমি এনেধৰণৰ ছাত্ৰ নিৰ্মাণ কৰিম , যাৰ পেশীসমূহ লোহাৰ দৰে দৃঢ় ৷ স্নায়ুবিলাক ইম্পাতেৰে নিৰ্মিত আৰু মাজত থাকিব এটি মন , যিটো ব্ৰজৰ উপাদানেৰে গঠিত“ ৷

শিক্ষক সকলৰ মূল্যবোধৰ অৱক্ষয়েই যে সমাজৰ আদৰ্শও অৱক্ষয়ৰ গৰাহলৈ ঠেলি দিব , সেই কথা আজি এবাৰ হ’লেও চৰকাৰ তথা প্ৰতিটো ৰাজনৈতিক দল আৰু প্ৰতিজন সচেতন ব্যক্তিয়ে চিন্তা কৰাৰ প্ৰয়োজন আহি পৰিছে ৷ নহ’লে মহান আদৰ্শ পুৰুষ ৰাধাকৃষ্ণণৰ জন্ম দিনটোত উদযাপিত পৱিত্ৰ “ শিক্ষক দিৱস“ৰ মৰ্যাদা হেৰাই যাব ৷৷


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages