ফাগুন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, September 1, 2023

ফাগুন

 


ফাগুন

বিকাশ টাইদ


ফাগুনৰ পছোৱা বতাহ জাকে মোক বৰকৈ আমনি কৰিছে।

লৃগাঙৰ গুমৰাগ ঢোলৰ চেও আজি মোৰ বুকুত বাজিছে।


ঐ কনেং আহিবা দেই আলি আ:য়ে লৃগাঙলে।

মই ৰৈ থাকিম তোমালৈ বুলি বেদনা তিনি আলি সন্মুখত,

তুমি বৈ দিয়া মিবুগালুকটি পিন্ধি।


তুমি কিন্তু নহাকৈ নাথাকিবা কনেং।

নহ'লে যে সেইদিনটো মোৰ বাবে বিষাদৰ আলি আ:য়ে লৃগাং হৈ পৰিব।


বুকুত মোৰ বিষাদৰ জুই জ্বলিব।

সেয়েহে তুমি নহাকৈ নাথাকিবা কনেং।

লৃগাঙতে দুয়োৰে দুয়ো বুকুত হাবতি সুখ দুখৰ মনৰ কথা পাতিম কনেং।

দুয়োৰে আপঙৰ ৰাগীত মতলীয়া হৈ গুমৰাগ নৃত্যত হালি জালি নাচিম কনেং।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages