লিখা হোৱা নাই বহুদিন ভাৱি থকাবোৰ
কনমইনা দাস
বেলগুৰি, যোৰহাট
আপুনিও হয়তো বহু চিনেমা চাইছে
দেখিছে ছাগে ভিলেইনবোৰো এটা সময়ত নিজৰ ভুল স্বীকাৰ কৰি লোৱা
অথবা দেখিছে নায়কেও কেতিয়াবা কেতিয়াবা জানি বুজি খলনায়ক হোৱা
বাস্তৱ জীৱনত আপুনিও চাগে এনেকুৱা নাটকৰ চৰিত্ৰত অভিনয় কৰিছে
নহলেনো জীৱন আপুনি মই ভৱাৰ দৰে গতিশীল হব পাৰেনে
জীৱনৰ প্ৰথম খোজ আপুনি মাটিত কেতিয়া পেলাইছিল বাৰু!
সঠিকৈ মোৰ দৰে আপোনাৰো হয়তো মনত নাই?
আপুনি মই নিজে নজনা স্বত্বেও আনে কৰাত আপত্তি নকৰো অথচ ইচ ইচাই থাকো তাৰ দৰে ময়ো কৰিব পৰা হ'লে !
তাকে লৈ এশ এবুৰি সপোন তৎক্ষণিকতে মন মগজুত জিকিয়াই পেলাও
স্মাৰ্ট ফোনৰ প্ৰয়োজন আছে বাবেই আইজনীক চাদৰৰ আঁচলত ধৰি থুনথুনাই পিতাইৰ দ্বাৰা লোৱাই ল'লো
বেচেৰি আজলী আইজনীয়ে নাজানেই মই অনবৰতে হকে বিহকে স্মাৰ্টফোনত লাগি থাকি কিমান উপকৃত হৈছোঁ
নে উপকৃত হোৱা লেচু উলিয়াই ঘণ্টাৰ পিছত ঘণ্টা কৰণীয়খিনিৰ পৰা গা-এৰা দিছোঁ
বাৰিষা আহিল আৰু গল
আকৌ পিছৰটোৰ বছৰত আহিব
হয়তো এইবাৰতকৈ আগতীয়াকৈয়ে আহিব
দুখনমান চেলফি উঠি গঞাৰাইজৰ পৰা ৰজাঘৰীয়াই আশীৰ্বাদৰ ৰং বুটলি ঘৰমূৱা হয়
বানত ঘৰ ডুবে,মানুহ উটি যায়
গৰ্ভৱতী শস্যৰ সন্তানে মৃত্যুৰ যন্ত্ৰণাত জীয়াই থকাৰ শেষ হাঁহি নি:শেষ কৰে
অথচ গঞাই ৰজাঘৰীয়াক ৰজা পাতিয়েই থাকে
মথাউৰিটোৰ সমস্যাটো এইবাৰো তেনেকৈ থাকিল
ঘৰে ঘৰে মন্থৰাৰ আগমন হোৱাৰ বাবেই ঘৰ গুচি বাঁহতল হ'ল
আপোন পৰ হ'ল
যৌথপৰিয়ালৰ ম্যাদ উকলি গ'ল
কেওফালে ভেকেটাভেটেক গোন্ধ
বিতৰ্কিত ধোঁৱাজাকে গোটেইখন অন্ধকাৰ কৰি তুলিছে
ইচ্ছাময় ভকতিত এতিয়া মইবৰ মইবৰ নতুনচাম ভকতকৰ তিঘিল-ঘিলনি
অ' হৰি অ' ৰাম
যি গোটাইছা খাইহে যাম
পাহাৰবোৰ খহিল, নদীখন পোত খালে
গছবোৰ কাটি চাহবাগান পাতিলে
ৰাতিপুৱা চৰাইৰ মাতত
সাৰ পোৱা পিতাই টোপনিবোৰ দেৰিলৈকে থকা হ'ল(নাতিনীয়েকৰ লগত গেম খেলি ৰাতি দেৰিকৈ শোৱে)
ভাৱো কেতিয়াবা আপোনাৰ দৰে ময়ো
কিন্তু কি কৰিম আপোনাৰ দৰে হব পৰা নাই
অথচ সময়ৰ জুখত এবাৰ আগলৈ এবাৰ পিছলৈ
অহা-যোৱা কৰিছোঁ
ঘূৰি ঘূৰি পাকে প্ৰকাৰে একেবোৰকে কৰিছোঁ
যিবোৰ আগতে আপুনিও কৰিছিল।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৩


No comments:
Post a Comment