শাওণ, তুমিয়ে আপোন
যোগেশ্বৰ লাগাচু
শদিয়া
শাওণ, তুমিয়ে আপোন
দেউতাই বাৰ বছৰ বয়সতে
হাতৰ মুঠিত ধৰাই দিছিল নাঙল
ৰাঙলী এছাৰি
আয়েও বাৰে বাৰে কৈছিল
দেউতাই লাহে লাহে
কঁকাল বেকা হৈ আহিছে
ভৰ শাওণতে ধৰা নাঙলৰ মুঠি
আৰু কৈছিল বিনিময়ৰ কথা
ককাৰ বিনিময় দেউতা
দেউতাৰ বিনিময় তুমি
দেউতাই ধৰিব লাখুটি
তুমি ধৰা নাঙলৰ মুঠি
নাঙলৰ মুঠিত থাকে শকতি
সংসাৰত নালাগে টনাটনি...
ক্ৰমশঃ শাওণৰ প্ৰেমৰ জুতি
শাওণ, তুমিয়ে আপোন
ভৰ শাওণৰ সতেজ বৰষুণ
হালোৱাৰ সেউজ সপোন
সোণোৱালী হাঁহিৰ আঘোণ
অথচ
নৈপৰিয়াৰ কৰুণ গাঁথা
ঘৰ-বাৰী বৰশীৰ পুঙা
বৰষুণত গাভৰু উতনুৱা নদী
শাওণ, তুমিয়ে আপোন
হাল বাওতে মোৰ অই নি:তম
কঠিয়া তলিৰ পৰা ঐচেঙৰ চাৱনি
সুবাসনাৰ ন-কুঁহি
শাওণ, তুমিয়ে আপোন
শইচ-সোণোৱালী সপোন।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৩


No comments:
Post a Comment