এটি প্ৰেমৰ কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, September 1, 2023

এটি প্ৰেমৰ কবিতা

 



এটি প্ৰেমৰ কবিতা


                       চাহিদুল আলম চৌধুৰী

                             মুকালমুৱা, নলবাৰী


আজি বহুদিনেই হ'ল জানা

তোমাৰচোন খবৰেই নাই,

তোমাৰ সান্নিধ্য বিচাৰি

নিৰিবিলি নৈৰ ঘাটলৈ যাওঁ

প্ৰতিনিয়ত তুমি অহা বাটে।

কাঁচিয়লি ৰ'দৰ তাপত

কঁহুৱা বনৰ ছাঁত জিৰাই,

অকলশৰে কটাও

দুগালত হাতদুখনি গুজৰি-গুমৰি।

তুমি চাগে পাহৰিলাই

পুৰণি সোণসেৰীয়া সেই দিনবোৰৰ কথা,

শৰতৰ এনিশা জোনাকত আমি যে

বকুল ফুল বুটলিছিলো নিজান বনত !

আমাৰ আনন্দত মতলীয়া হৈ

সুদূৰ আকাশৰ জোনটিও,

সোণাৰুৰ হালধীয়া ফুলৰ দৰে

হাঁহিটি মাৰিছিল

লগতে তৰাবোৰেও,

শুকুলা মেঘৰ আঁৰে আঁৰে।

লাহে লাহে যেন সৰি পৰিছিল

এজাক জোনাকৰ বৰষুণ,

আৰু জোনাকৰ সেই বৰষুণজাকত

দুয়ো তিতিছিলো হাতে হাত ধৰি।

কিমান যে নষ্টালজিক হৈ পৰিছিলো

সেই সমধুৰ ক্ষণটিত,

ভাবিলে আজিও ভাল লাগে মোৰ।

য'ত মৰমবোৰে খোপনি পাতিছিল

ডায়েৰীৰ উকা পৃষ্ঠাৰ ভাঁজে ভাঁজে,

যেন এটি ঐতিহাসিক দস্তাবেজৰ কাহিনী

দুখনি চিনাকি আলসুৱা হৃদয়ৰ,

এয়াই চাগে প্ৰেম এয়াই চাগে ভালপোৱা।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages