পথ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, September 1, 2023

পথ

 


পথ

 

          নৱনীতা ডেকা


এন্ধাৰৰ চোকোৰাত খুঁটিয়াই

এজাক হাঁহিক বাট মোকোলাই দিয়ে

তেওঁলোকে

এটা এটা কৈ আখৰ কেইটা

চুই চায়

শি ক্ষ ক 

প্ৰত্যেক বাৰে হাতখন

আঁতৰাই আনিছিল৷


ইমান  উজ্জ্বল 

ইমান ধৈৰ্য্য

ইমান সততা


অথচ্‌ একে ঠাইতে ৰৈ থাকে

সিহঁতক আগবঢ়াই দি

নিজে

ৰাষ্ট্ৰীয় ঘাই পথৰ দৰে


ব্লেক বোৰ্ড আৰু চকৰ ঘৰ্ষণত

বছৰবোৰ বন্দী

ফুল কলিৰ পৰা

বট বৃক্ষ হোৱা বাস্তৱক আকোঁৱালি

চছমাৰ তলত ধিমিক কৈ জ্বলে

তাহাঁনিতে  ঐ চলিহাত বুলি 

শাসনতে ৰঙা হোৱা

এতিয়া এহাল বৃদ্ধ চকু।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages