গানৰ সুৰগানৰ সুৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, September 30, 2023

গানৰ সুৰগানৰ সুৰ

 


গানৰ সুৰ

                   বিশ্বজিত শইকীয়া

                        কাৰ্বি আংলং


গান এটা বাজিছে

সুৰটো ৰাতিৰ মৌনতাতকৈ বেছি চেঁচা

হাড়ৰ গাঁঠিবোৰে জঠৰ বান্ধিছে

দেহত তেজৰ চেকুঁৰা পাতিছে

তেওঁৰ মুখত হুমুনিয়াহ এটাৰ সৈতে আছিল

কিছুমান উভতি নহা উশাহৰ হিচাপৰ চিন ।


জুহালত কাঠখৰিৰ গান এটা বাজিছে 

সেই জুইৰ তাপত কোনোবাই

জীৱনটো সেকিছে

যৌৱন উমাইছে

সপোন তপতাই গজ-গজীয়া কৰি লৈছে

জুহালৰ কাঠখৰিৰ গানটোত বাজিছে

তপত চাহৰ সুগন্ধি সুৰ,


কাঠখৰিৰ গান এটা মৰিশালিতো বাজিছে

সেই গানৰ সুৰ

শিৱম সুন্দৰম্।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages