কোনো কথাই সহজ নহয়
অনুস্মিতা ফুকন
বঙাইগাঁও
আকাশত কাউৰী উৰি আছে
চালেই তেনিই সহজ
কিন্তু সহজ নহয় আইৰ বাবে
ডাঙৰপোনাযে ওলাই গৈছে প্ৰথম চাকৰিৰ ইন্টাৰভিউ দিবলে
পাহৰি যাবলৈ কথাবোৰ তেনেই সহজ
কিন্তু পাৰি জানো সহজে পাহৰিব
আাপোনজনে দিয়া বিষাদৰ আচোৰবোৰ
আচলতে কোনো কথাই সহজ নহয়
যেনেদৰে সহজ নহয়
বৰষুণৰ লগত বিলীন হৈ যোৱা চকুপানীৰ টোপালক বিচাৰিবলৈ
কথাৰ শৰে বিন্ধি যোৱা হৃদয়খনত
শব্দৰ আঘাতবোৰ পাহৰিবলৈ ৷
অতীতক পাহৰি নতুনক আকোঁৱালি ল'বলৈ তেনেই সহজ
সহজ নহয় মাথোঁ
পাহৰিম বুলি ভাবি থকা অব্যক্ত কথাৰ সুৰবোৰ পাহৰিবলৈ ৷
Doksiri দকচিৰি, অক্টোবৰ, ২০২৩


No comments:
Post a Comment