অমৃতৰ সন্ধানত
নবীন চন্দ্ৰ মেধি
সৰুপথাৰ, গোলাঘাট
জীৱন থাকে মানে জীয়াই থাকিম
মৃত্যুৰ নকৰো সন্ধান ,
অমৃতৰ সন্ধানত আহিছিলো ওলাই
হলাহলহে কৰিলো পান ।
বিগত যৌৱনৰ ভয়াবহ স্মৃতি
এতিয়াও আছে সজীৱ হৈ ,
গল্প কবিতাৰ মাজতে আৱদ্ধ
তুমিও আছা তাতে ৰৈ ।
চুলিও সৰিল যৌৱনো গ'ল
বয়সে দিলে যে ভাটি ,
মৃত্যুৰ পিছত মোৰ মৰিশালীত
দিবা জানো এচপৰা মাটি ?
এয়াতো নহয় মোৰ কলিজা
বুকুখনি পৰিবলৈ জুৰ ,
জীয়াই থাকোঁতে বিধাতাই নিদিলে
এতিয়া কি হ'ব মোৰ ?
গ'ল গ'ল গ'ল মোৰ জীৱনটো ৰসাতলে গ'ল ,
জীয়াই থকাৰ পৰা একো লাভ নহ'ল ।
গাৰ চাল শুকাল , দৃষ্টি শক্তি লুকাল ,
দাঁত হ'ল দুৰ্বল ,কাণখনো গধুৰ যেন হ'ল।
নালাগে এই জীৱন অমৰ হৈ নাথাকো
মৰিবলৈ নকৰো ভয় ,
যদি পুনৰ জনম লওঁ এই বসুন্ধৰাত
মৰম যেন এধানিমান ৰয়।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৩


No comments:
Post a Comment