আমি ভৃত্য
ধন দাস
আজি চাউল নাই
যোগাৰ হ'ব কেনেবাকৈ
ঘৰ নাই বুলিলে কি কৰিম ?
অন্তৰ্বাস কিনিবলৈ লাজ কৰা মানুহে
ৰাজপথতে কাপোৰ খুলিছো
আমি এই তন্ত্ৰৰ গণ
আমি ভৃত্য
আমি নাচিম ঢোল বজাওক
চব্ কৰিম
আমি মনে মনে থাকিম
আঙুলিৰ ফাঁকত চকুপানী লুকুৱাই
ভোট দিম
একো নাই
এদিন সকলোকে ৰাজপথত শুৱাই লৈ
আমাৰ ওপৰেদি কনভয় দৌৰাব
চাইৰেনৰ শব্দৰ আগত
আমাৰ চিঞৰবোৰ তেনেই নিশকতীয়া
Doksiri দকচিৰি, অক্টোবৰ, ২০২৩


No comments:
Post a Comment