তুমি নাহিবা
বিবেকানন্দ পাৱ
অন্ধকাৰ ৰাতিৰ নিজম ক্ষনত
তপ্ত বেদনাৰ চকুলো টুকি
উজাগৰে আছো মই।
জীৱন সংগী বুলি সাৱটি ল'ব
খুজিছে বিষাদে মোক
কৰিব পৰা নাই মই তাৰ প্ৰতাখ্যান।
কল্পনা হৈ নাহিবা তুমি
অন্ধকাৰ এই ভয়াল ৰাতিত
মিছাভৰা মধুৰ সহাৰি দিবলে
আন্ধাৰৰ হ'তে মোক অকলেই থাকিব দিয়া।
সপোনকুৱৰী হৈ হাঁহি হাঁহি
সপোনতো নাহিবা তুমি
মোৰ গভীৰ নিদ্ৰা হৰন কৰিবলৈ
আজিকালি তোমাৰ মিচিকিয়া হাহিক
মোৰ বৰ ভয় লাগে,
এইবাবেইতো তোমাৰপৰা পলাই ফুৰিছো মই।
তোমাৰ সুকুমল হ্নদয়ত যিদিনা
অকনমান ঠাই বিচাৰি হাহাকাৰ কৰি ভাগি পৰিছিলো
সেইদিনাই বিষাদৰ বজ্ৰপাতে আহি
বিৰহৰ মালা পিন্ধাই থৈ গ'ল মোক।
এতিয়া তুমি নাহিবা মিছা হাহি মাৰি
কাৰণ,বিষাদ মোৰ কেতিয়াবাই
জীৱন প্ৰেয়সী হ'ল।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৩


No comments:
Post a Comment