চকুপানী
ধন দাস
(হীৰুদা স্মৰণ)
মই মোৰ সৈতে যুদ্ধ কৰি থাকোঁতেই
ঘটনাটো ঘটিল
মই ৰৈ থাকিব পৰা নাই
তেওঁৰ চেলাউৰিত ভেজা দি
বাগৰি পৰিলো চকুৰ কোণেৰে
সন্তপৰ্ণে কোনেও নেদেখাকৈ
মোক মোঁহাৰি সামৰি থ'লে বিষাদ ৰঙী দুহাতেৰে
নেপথ্যত এটা সুৰ
"সৰা পাতৰ ঠিকনা বিচাৰি"
কৰুণ এন্ধাৰ এচুকত
মই যুঁজি আছোঁ
স্থিৰ হৈ ৰৈ থাকিব পৰা নাই
বাৰে বাৰে সৰি পৰিছোঁ
অথচ কোনো ঠিকনা নাই কোনখিনিত বা গুজি থয়
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৩


No comments:
Post a Comment