মিউজিঅ’লজী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 1, 2023

মিউজিঅ’লজী



 মিউজিঅ’লজী Museology

ড° বুলজিৎ বুঢ়াগোহাঁই


     ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আছে আৰু ইয়াক সংৰক্ষণ কৰা উচিত। মিউজ'লজীৰ কেৰিয়াৰত শিক্ষাৰ্থীসকলৰ বাবে সুযোগ আছে, আৰু সেয়েহে ই এক বহুমুখী বিষয়। ভাৰতীয়সকল এই ক্ষেত্ৰখনৰ প্ৰতি বিশেষ সচেতন নহয় আৰু সেয়েহে, এক আকৰ্ষণীয় কেৰিয়াৰ উপেক্ষা কৰা হয়। সেইবাবে, এই সমৃদ্ধ ক্ষেত্ৰখনৰ বিষয়ে জানিব আৰু শিকিব লাগে।


      মিউজিঅ'লজী (Museology) হৈছে সংগ্ৰহালয়ৰ অধ্যয়ন। ইয়াত সংগ্ৰহালয়ৰ পৰিচালনা আৰু প্ৰশাসন অন্তৰ্ভুক্ত কৰা হৈছে আৰু লগতে পুৰাতত্ত্ব, ইতিহাস, গৱেষণা আৰু সংৰক্ষণৰ বৈশিষ্ট্যসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। মিউজিঅ’লজী পাঠ্যক্রম সাধাৰণতে স্নাতকোত্তৰ স্তৰত পঢ়োৱা হয়। ইয়াৰ উপৰিও ‘মিউজিঅ’লজী’  বিষয়ত এম.ফিল., পি.এইচ.ডি., প’ষ্ট  গ্ৰেজুৱেট  ডিপ্ল’মা, স্নাতক, ডিপ্ল’মা আৰু  চাৰ্টিফিকেট পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে।


       এজন সফল মিউজিঅ’লজিষ্ট  হ’বলৈ  হ’লে প্ৰাৰ্থীগৰাকীৰ   কিছুমান গুণ থকা দৰকাৰ, যেনে – অত্যুৎসাহী, বিষয়টি প্রতি প্রকৃত আগ্ৰহ, বিভিন্ন  শ্রেণীৰ মানুহৰ লগত যোগাযোগ ৰক্ষা কৰিব পৰা দক্ষতা থকা, ভাল যোগাযোগ দক্ষতা থকা, বিদেশী ভাষাৰ ভাল জ্ঞান থকা, তথ্য বিশ্লেষণ আৰু সংগ্ৰহ কৰাৰ ক্ষমতা, নান্দনিক দক্ষতা আৰু ভাল ৰঙৰ দৃষ্টি থকা,শিল্পকলাৰ প্ৰতি আগ্ৰহ থকা আদি।


      মিউজিঅ’লজী পাঠ্যক্রম অধ্যয়ন কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল – আলিগড় মুছলিম বিশ্ববিদ্যালয় (www.amu.ac.in),বেনাৰস হিন্দু বিশ্ববিদ্যালয় (http://www.bhu.ac.in), জিৱাজি বিশ্ববিদ্যালয় (http://www.jiwaji.edu), এম. এচ. ইউনিভাৰ্চিটি অৱ বৰ’ডা (www.msubaroda.ac.in), নেচনেল  মিউজিয়াম ইনষ্টিটিউট (http://nmi.gov.in), ওছমানিয়া বিশ্ববিদ্যালয়  (www.osmania.ac.in), কলকতা বিশ্ববিদ্যালয় ( https://www.caluniv.ac.in), ৰাজস্থান বিশ্ববিদ্যালয়, জয়পুৰ (https://www.unirajcmc.ac.in) , ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়, কলকাতা (https://rbu.ac.in),


ছাত্ৰপতি শিৱাজী মহাৰাজ বাস্তু সংগ্ৰহালয়, মুম্বাই (https://csmvs.in),জম্মু বিশ্ববিদ্যালয়  (https://www.jammuuniversity.ac.in) , ইউনিয়ন খ্ৰীষ্টান কলেজ (https://uccollege.edu.in)


আদি। এই শিক্ষানুষ্ঠানবোৰত মিউজিঅ’লজীৰ বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে।


       মিউজিঅ’লজী পাঠ্যক্রম অধ্যয়ন কৰি শিক্ষাগত অৰ্হতা ওপৰত ভিত্তি কৰি ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ অধীনৰ বিভিন্ন শ্রেণীৰ মিউজিয়ামত বিভিন্ন পদ


 (যেনে-Archivist, Art Teacher,Collection Assistant, Conservation Specialist, Creative Director, Curator, Design Consultant, Educator, Exhibit Designer, Gallery Assistant, Guide Educator, Museum Directorআদি।)নিযুক্তি লাভ কৰিব পাৰে। ইয়াৰ উপৰিও বেচৰকাৰী খণ্ডৰ মিউজিয়ামবোৰতো নিযুক্তি লাভ কৰিব পাৰে। মিউজিঅ’লজী বিষয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। 



ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা তথা মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com 

 


বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages