ভয়েজাৰ-১ মহাকাশযান
নৱাৰুণ বৰা
ভয়েজাৰ-১ হৈছে মহাকাশৰ বিষয়ে জানিবলৈ NASAই দীঘলীয়া যাত্ৰাত প্ৰেৰণ কৰা এখন বিশেষ মহাকাশযান। ১৯৭৭ চনৰ ৫ ছেপ্তেম্বৰত মুকলি কৰা ভয়েজাৰ ১ সূৰ্যৰ পৰাও ১৪৫ গুণ বেছি দূৰলৈ যাব পৰা এক মানৱসৃষ্ট যন্ত্ৰ। ইয়াৰ বেগ হৈছে প্ৰতি ছেকেণ্ডত ১৭কি.মি. আৰু ঘন্টাৰ ফালৰ পৰা চাব গʼলে প্ৰায় ৬৫,০০০কি.মি.। ই প্ৰায় ৪০ বছৰ ধৰি মহাকাশৰ মাজেৰে উৰি আছে আৰু ইয়াৰ মিছন হৈছে আমাক গ্ৰহ, তৰা আৰু তাৰকাৰাজ্যৰ বিষয়ে অৱগত কৰোৱা। ভয়েজাৰ ১য়ে আমাৰ নিজৰ সৌৰজগতৰ কিছুমান গ্ৰহ যেনে বৃহস্পতি আৰু শনি গ্ৰহ ভ্ৰমণ কৰি ই আমাক আচৰিত ধৰণৰ ফটো প্ৰেৰণ কৰাৰ লগতে গ্ৰহবোৰৰ ওপৰত নানা ধৰণৰ পৰীক্ষা চলাইছিল। যʼত ভয়েজাৰ ১য়ে ডাঠ বায়ুমণ্ডল, চুম্বকীয় ক্ষেত্ৰ আৰু চন্দ্ৰৰ জটিল বিৱৰণ উন্মোচিত হৈছিল। ১৯৯০ চনৰ ১৪ ফেব্ৰুৱাৰীত ভয়েজাৰ ১ মহাকাশযানে সূৰ্য্যৰ পৰা ৬ বিলিয়ন কিলোমিটাৰ দূৰত্বত এখন পৃথিৱীৰ ফটো লয়। যাক ‘‘পেল ব্লু ডট'' (Pale Blue Dot) বুলি কোৱা হয়। এই ফটোখনে পৃথিৱীক মহাজাগতিক বিশালতাৰ মাত্ৰ এটা বিন্দু হিচাপেহে চিত্ৰিত কৰিছিল। এই ছবিখনে কাৰ্ল চেগানৰ ‘‘পেল ব্লু ডটঃ এ ভিজন অৱ দ্য হিউমেন ফিউচাৰ ইন স্পেচ’’ নামৰ শিৰোনামক অনুপ্ৰাণিত কৰিছিল। যʼত তেওঁ লিখিছিলে ‘‘সেই বিন্দুটো আকৌ এবাৰ চাওক। সেইটো ইয়াত আছে। সেইটো ঘৰ। সেইটো আমি।ʼʼ(Look at that dot again. That's here. That's home. That's us.)ই আমাৰ বাবে আন্তঃসংযোগৰ এক মৰ্মান্তিক সোঁৱৰণী।
ভয়েজাৰ-১ৰ এটা বিশেষ কথা হʼল ‘সোণালী অভিলেখʼ (Golden Record) কঢ়িয়াই লৈ ফুৰে। ই পৃথিৱীৰ পৰা অহা শব্দ, ছবিৰ বৈচিত্ৰ্যপূৰ্ণ নিৰ্বাচনৰ সৈতে এটা টাইম কেপচুল। আমাৰ সৃষ্টিশীলতা আৰু সংস্কৃতিৰ প্ৰমাণ এই অভিলেখে যিকোনো সম্ভাৱ্য অপাৰ্থিৱ সভ্যতাৰ সৈতে সংযোগ স্থাপনৰ প্ৰতীক। ভয়েজাৰ-১ৰ এই বাৰ্তাটো ফʼনʼগ্ৰাফ ৰেকৰ্ড, ১২ ইঞ্চি সোণেৰে ঢাকি থোৱা তামৰ ডিস্কে কঢ়িয়াই লৈ ফুৰে। যʼত জীৱন আৰু সংস্কৃতিৰ বৈচিত্ৰ্যক চিত্ৰিত কৰিবলৈ নিৰ্বাচিত শব্দ আৰু ছবি থাকে।
ভয়েজাৰ-১ এতিয়া আমাৰ পৰা বহুত দূৰৈত আছে যদিও ই ৰেডিঅ' চিগনেল ব্যৱহাৰ কৰি নানা তথ্য প্ৰেৰণ কৰে। ই আমাক আন্তঃনক্ষত্ৰীয় মহাকাশত অনুভৱ কৰা বস্তুবোৰৰ বিসয়ে কয়। ই প্ৰেৰণ কৰা তথ্যই বিজ্ঞানীসকলক তাত থকা পৰিৱেশ আৰু পৰিস্থিতিৰ বিষয়ে জনাত সহায় কৰে।
ভয়েজাৰ-১ সৰু মহাকাশযানখনে বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে বিজ্ঞানীসকলক নতুন জ্ঞান প্ৰদান কৰাৰ লগতে ই চিৰদিনৰ বাবে মানুহৰ কৃতিত্বৰ পোহৰ হৈ থাকিব। যিয়ে দেখুৱাই যে আমাৰ সম্ভাৱনাই অসম্ভকো সম্ভৱ কৰি তুলিব পাৰে।

No comments:
Post a Comment