তেজবোৰ তুলা হৈ জ্বলে
জাহ্নৱী কাকতি
নতুন দিল্লী
জীয়ন দি নথওঁ চকুৰ একুৰিয়ামত
পালিত সপোনৰ ভ্ৰূণ
আন্ধাৰৰ দাতে কুটি নাখাওক
ৰ'দ-ঘাই আকাশ
তেজবোৰ তুলা হৈ জ্বলে
অভ্যাস হৈ পৰা কথাবোৰ
উজাবলৈ পালেই বগুৱাই আহে।
আঁৰ কাপোৰৰ আঁৰত
ইতি হয় ৰহস্য
জালত লগাৰ পাছতহে
মাছে যিদৰে বুজি উঠে
মাছুৱৈৰ ষড়যন্ত্ৰ
তথাপিতো বাজি থাকক বুকুত
ভালপোৱাৰ শঙ্খ
নস্যাৎ হৈ যাওক
ভাৱনাৰ ভোৰ-তাল,মৃদঙ্গ।


No comments:
Post a Comment