বনৰ মানুহ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 31, 2023

বনৰ মানুহ

 


বনৰ মানুহ


              জুনুকা পাঠক

                     বৰপেটা


 গাওঁখন বহুত দুৰত দিচাঙৰ নদীৰ পৰা--

চুলিকোচা বহু বছৰে হ'ল , নোখোলা; দাঢ়ি গোফবোৰ যেনিবা;

স্ব-প্ৰবাহিত স্বাভিমানৰ বিপুল সম্ভাৰ ।

দীঘল চুলিকোচাত আটি আটি বান্ধিছে মানুহজনে

গাওঁৰ সমস্ত আদব কায়দা

গাওঁতকৈ অৰণ্যহে শ্ৰেষ্ঠ অ',

আপোনভোলা হাঁহিয়ে

তাকে কৈ যায় অন্ধ মানুহক।

তেওঁৰ কথাত দিচাঙেও বাট এৰি দিছে।

সমাজৰ ঘূণিয়া জলাতংক ৰোগ

সমুলি নকৰে গ্ৰহণ !

এয়া তেওঁ প্ৰাৰম্ভিক জেহাদ;          

বৰ্বৰ মানৱতাক।

আভিজাত্যৰ কামিজৰ তলত;

পিলপিলাই থাকে 

উইৰ ঢাপৰ পানীৰ তলৰ কাইট। 

গোপনে অলক্ষিতে নিঃশেষ হয় যায় প্ৰতি ঘণ্টাত,

মানৱীয়, জাতীৰ আত্মিক দৰদীৰ আহ্বান ।

সেয়ে তেওঁৰ অৰণ্য প্ৰিয়,

হাবিখন তেওঁ সামৰি লয় আতিশয্যৰ পৰা।

কাৰণ ; দিচাংপাৰৰ ঘাঁহনি,

ঘৰখনতকৈয়ো অধিক স্বতন্ত্ৰতাৰ গোহাৰী।  

বেৰ নাই,দুৱাৰ নাই

নাই যে শুৱলৈ কাঠৰ বিচনা,কম্বল। 

অকৃতিমতাৰ বিৰিণা গুঠি সাজি লৈছে

সবাটোকৈ আপোন ঘৰৰ সদৃশ।

কচু শাক ধান কৰিছে খেতি,

উদৰ ভৰাই তৃপ্তিৰে গ্ৰহণ কৰিছে ,

আনলৈ নাচায় বাট।

পিয়াহত পানীটুপি দিচাঙেই দিছে আকুল ভৰাই।

নদীৰ বুকুৰ মাছবোৰ

খাইছে জুইত সেকি।

 আহাৰৰ আকাশত মেঘৰ গৰ্জন!

তেওঁ সাৰ নাপায় ;

সেই গৰ্জনটো -

 কুলাংগাৰ মদাপি সন্তানৰ তেজপিয়া হুংকাৰ নহয়।

গছৰ পাতেও বুকুখুলি তেওঁক দিয়ে অকৃপনতাৰ

এচকল সমবেদনাৰ বতাহ।

নিশাৰ তৰাবোৰ বৰ ভাল অ',

খবৰ চটিয়াই চন্দ্ৰমাৰ

উন্মুক্ত যৌৱনৰ মনকুঁকিৰ কথা। 

মনলৈ নিৰ্বাসিত বয়,  

দিচাঙৰ তলিৰ শীতল পীড়া।

সুন্দৰতকৈয়ো সুন্দৰ, বিশাল মনোৰম ; নাতিশীতোষ্ণৰ স্বচ্ছল প্ৰবাহ

দিচাঙৰ নৈত জাকৈ বায় ।

আকাংক্ষিত সীমনাত বীণ বায় জোনাই ।

শুকান চমৰাৰ মানুহজন নহয় অ'

ভাওৰীয়াই কবৰ দৰে;

চেৰা - বলীয়া ;

নতুবা মূধা ফুটা সমাজ বিদ্বেষীৰ আতংক।

জকজকাই নামিছে

পুৱতিৰ চৰাইজাক,

টুক টুককৈ, টিপ টিপকৈ

পানী খায় ৰুণ গায়,

ঠোট জোকাৰী জোকাৰী,

মানুহজন অহোবলীয়া নহয়

কৈ কৈ হাতৰ মুঠিত ওমলে আহি।

চিকাৰী নহয় তেওঁ যে;

কেতিয়াও নকৰে বধ, নিৰ্বোধ প্ৰাণীক,

সাপবোৰও পুৱাহে যায় গুছি

খেৰৰ পাটীৰ তল এৰি। 

ধীৰে ধীৰে ৰাতি গভীৰ ,

নিতাল পৰে বনৰ প্ৰাণী ।

চিকাৰৰ সন্ধানত বাঘ ওলাই ;

নিৰ্ভিক মানুহজনক গচকি পাৰ হৈ যায়

বেপেৰুৱা ঘোং ভাই

তেজৰ গোন্ধকে নাপাই।

কও অ' শুনা -

গৰ্বীত আমাৰ মদন কাই,

বনৰ প্ৰাণীবোৰ বৰ নিৰ্জু ও,

তহঁতৰ দৰে নিদিয়ে 

মানুহক 

মনে মনে হিয়াত তীক্ষ্ণ তৰোৱাল।

সেইকাৰণে তেওঁ মাটিৰ মানুহ

বনৰ মানুহ

সেউজ উপত্যকাৰ

নদী দিচাংৰ মানুহ।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages