এটি অসমাপ্ত কবিতাঃ
মুহাম্মাদ আফজাল
মৈৰাবাৰী, মৰিগাঁও
জুই লাগিছে
বজাৰত জুই লাগিছিল।
ডায়েল কৰিলোঁ --- ১০১।
লগে লগে হাজিৰ
গাড়ী ভৰ্তি পানী
আৰু অগ্নি নিৰ্বাপক বাহিনী।
কবিৰ মনৰ পথাৰতো জুই লাগিছে।
ডায়েল কৰিলোঁ, মেছেজ পঠিয়ালোঁ কিমান...
আৰ্তনাদ কৰিলোঁ, দোৱা মাগিলোঁ কিমান...
সঁহাৰি নাই কাৰো।
নিৰ্বাক-নীৰৱ সকলো।
আৰু...
ক্ৰমশঃ জাহ গৈছে সেই জুইত
এটি সম্ভাৱনাময় জীৱন-প্ৰতিভা।
(টোকাঃ সদাশয় পঢ়ুৱৈৰ পৰা উল্লেখিত কবিতাটিৰ ইতিবাচক সমাপ্তি বিচাৰি কবিতাটি অসমাপ্ত ৰূপতে সমাপ্ত কৰিলোঁ।
ভ্ৰাম্যভাষঃ ৯৫০৮১-৫৩৮০২
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment