মিচিং সকল আৰু আলি আঃয়ে লৃগাং - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 1, 2023

মিচিং সকল আৰু আলি আঃয়ে লৃগাং



 মিচিং সকল আৰু আলি আঃয়ে লৃগাং


জেনিফা হাজৰিকা

ডিব্ৰুগড়



আচিন আয়াং  মানে কি অ' মৰমী,

আচিন আয়াং  মানে হ'ল বুকুৰে মৰম।

তুমি যদি বুজি পোৱা মোৰে চেনাইটি....... 


      সমীয়া সমাজ আৰু সংস্কৃতিৰ এক অপৰিহাৰ্য্য আৰু অবিচ্ছেদ্য অংগ হ'ল মিচিং জনগোষ্ঠী সকল।বড়ো, কছাৰী সকলৰ  পিছতে দ্বিতীয় বৃহত্তম জনজাতি। মিচিং সকল  সাধাৰণতে মান- তিব্বতী  শাখাৰ অন্তৰ্গত বুলিয়েই  আমি পঢ়িবলৈ পাও।


    অসমৰ ধেমাজি, তিনিচুকীয়া, লখিমপুৰ ডিব্ৰুগড়, শিৱসাগৰ, দিচাংমুখ, গোলাঘাট, যোৰহাট, মাজুলী,দৰং, শোণিতপুৰ জিলাত প্ৰধান কৈ বাস কৰা দেখা যায়। সাধাৰণতে তেওঁলোকে নদীৰ পাৰত বসবাস কৰা বাবে তেওঁলোক নদীৰ ওপৰত ওতঃপ্ৰোতভাৱে জড়িত।

        

      মিচিং আদি সম্পাদায়ৰ লোক কথা অনুসৰি মিচিং সকলৰ হিমালয়ৰ অটব্য অৰণ্য ৰ মাজৰ নদী  উপত্যকাত বাস কৰিছিল। বিশিষ্ট লেখক ডঃ নুমুল পেগুৰ মতে সপ্তম শতাব্দীৰ পৰা তেৰ শতাব্দীৰ মাজত মিচিং সকল প্ৰথম অসমৰ ভৈয়াম অঞ্চললৈ প্ৰব্ৰজন কৰিছিল।


        মিচিং সকলক সাধাৰণতে বহু লোকে "মিৰি"নামেৰে মাতিছিল কিন্তু কিয় আৰু কেতিয়াৰ পৰা মাতিছিল সেই বিষয়ে আজি ও সঠিক তথ্য পোৱা নাযায়।

"বুৰঞ্জী বিদ হেৰন্বকান্ত বৰপুজাৰী য়ে আগবঢ়োৱা তথ্য অনুসৰি তেৰ শতিকাৰ তে প্ৰচলন কৰা"ধৰ্ম পুৰাণ"নামৰ উপ পুৰাণ ত মিৰি সকলৰ উল্লেখ পোৱা যায়।"


 "সেনাৰাম পাঞাং কটকীৰ মতে"প্ৰকৃততে মিৰি বুলি কোনো জাতি নাই। মিচিং নামৰ জাতিটোকেই ভৈয়ামত মিৰি বোলে।"


তৰুণ চন্দ্ৰ পামেগাম আৰু ডঃ নুমল চন্দ্ৰ পেগুৰ মতে মিৰি শব্দ মিচিং সকলৰ পুৰোহিত ক বুজোৱা 'মিৰৃ' পৰা আহিছে।"

  

মিচিং সকলৰ জাতীয় উৎসৱ  হৈছে "আলি আঃয়ে লৃগাং" এই উৎসৱ তেওঁ লোকৰ জাতীয় উৎসৱ। "আলি" মানে মূল বা কান্দ,"আঃয়েৰ অৰ্থ হ'ল ফল বা গুটি আৰু লৃগাং ৰ অৰ্থ হ'ল --সিচিবলৈ আৰম্ভ কৰা। 


মিচিং লোক সকলে প্ৰতি ফাগুন মাহৰ বুধবাৰৰ দিনটো এই উৎসৱ পালন কৰি অহা দেখা গৈছে। এই শস্য বা কঠীয়া সিচাৰ আৰম্ভণি উৎসৱ বুলি ও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন,চত , বহাগ মাহৰ কোনো এটা বুধবাৰত এই উৎসৱ পালন কৰা দেখা গৈছিল  যদিও ১৯৬৫ চনত মিচিং সকলৰ বৃহত্তম আৰ্থ সামাজিক অনুষ্ঠান বাঃনৌ কীবাঙৰ সিদ্ধান্ত ক্ৰমে ১৯৬৫ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰৰ পৰা পতাৰ প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াৰ পৰাই ফাগুন

মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়।


এই উৎসৱ পাতিবৰ বাবে মিচিং সকলে প্ৰায় ১৫/২০ দিনৰ আগৰ পৰাই এই উৎসৱ ৰ প্ৰস্তুতি কৰা হয়।এই 

উৎসৱ ৰ এটা প্ৰধান খাদ্য হ'ল  ৰাইজে নদী -বিল আদিত মাছ ধৰি শুকান কৰি থোৱা হয় আৰু লৃগাং ৰ দিনা এই মাছ খোৱা টো মিচিং সকলৰ এটা স্বাভাৱিক নিতী।


এই লিংগাৰ আন‌এটি প্ৰস্তুতি হৈছে আপং তৈয়াৰ কৰা।

আনহাতে  উৎসৱ ৰ দুই তিনি দিনৰ আগতে কৌ-পাত, তৰাপাত কাটি আনি সকলোৱে একেলগে এসাজ খোৱাৰ নিয়ম থাকে।


আলি আঃয়ে লৃগাংৰ এটি বিশেষ নৃত্য হিচাপে পৰিচিত গুমৰাগ নৃত্য। এই নৃত্য উৎসৱ ৰ দিনা  সকলো বেকাৰ গাভৰু এ মিলি প্ৰদৰ্শন কৰা দেখা যায়।


আলি আঃয়ে লৃগাংৰ প্ৰত্যেক টো দিশতে তাৎপৰ্যপূৰ্ণ  তথ্য লুকাই আছে। এই উৎসৱ ৰ লগত মিচিং সকল ৰ সমাজৰ এক সাংস্কৃতিক চৰিত্ৰ  নিহত হৈ আছে।


‌মিচিং সকল  হ'ল অসমীয়া সমাজ আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। চুতীয়া আৰু আহোম সকলৰ লিখনিত মিচিং সকলৰ অবস্থিতিৰ কথা পোৱা যায়। চাহাবুদ্দিন তালিচ, এচ কে চেটাজী, ড° ডন্বৰুধৰ নাথ, ডাঃ নোমল পেগু ৰ আদিৰ লিখনিত মিচিং সকলৰ বিষয়ে যথেষ্ট সমল পোৱা যায়।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages