ৰাভা জনগোষ্ঠীৰ বায়খ' উৎসৱ: চমু আভাষ
জনাৰ্দন পাটৰ মচৰং
মুখপত্ৰ সম্পাদক, তিৱা সাহিত্য সভা
বায়খ' উৎসৱ অসমৰ অন্যতম জনগোষ্ঠী ৰাভাসকলৰ এক জনপ্ৰিয় উৎসৱ। এই উৎসৱটি বহাগ বা জেঠ মহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। নতুন বছৰত কৃষিভূমিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে এই উৎসৱ পালন কৰে। পূৰ্বতে এই উৎসৱ সপ্তাহ দিন পালন কৰিছিল যদিও বৰ্তমান সময়ত কোনো কোনো ঠাইত দুই তিনিদিনীয়াকৈ পালন কৰা পৰিলক্ষিত হয়। বায়খ' উৎসৱৰ পৰ্ব সমূহ হৈছে - বাইখ টক্কায়, হায়মৰ, কিল্লা দিবিকায়, লেওৱা বুকায় ইত্যাদি।
বায়খ পূজাৰ সময়ত পূজাৰ আগ নিশা গাওঁৰ মুখিয়াল বা জ্যেষ্ঠসকলে লগ হৈ ৰাভা জনগোষ্ঠীৰ বীৰ-বিৰাংগনা সকলৰ স্মৃতি বীজড়ীত গীতসমূহ গাই গাই প্ৰতিঘৰৰ পৰা দান বৰঙণি সংগ্ৰহ কৰে। এই গীতসমূহক 'হাইমাৰু গীত' বোলে। এই গীত গোৱা পৰ্ব প্ৰথমে পূজাৰীৰ ঘৰৰ পৰা পাতনি মেলি গাঁৱৰ অন্য লোক সকলৰ ঘৰে ঘৰে গাই যায়। গীত পৰিৱেশনৰ সময়ত পৰম্পৰাগত ডাইডি, ঢাক, ব্ৰাংচি, খুতিতাল ইত্যাদি বদ্যসমূহ বজোৱা হয়। ' গীতৰ আখ্যানসমূহ দদান, দাদুৰী, চাচুৰী, চাম্পায়, মাৰুক্ষেত্ৰী, জিমাৰী, ৰংবদী, তমাই, নাকতি ইত্যাদি কাহিনীৰ ওপৰত আধাৰিত।
পাচৰ দিনা গীত পৰিবেশন কৰা দলটোৱে গাঁৱৰ পৰা কিছু আঁতৰত হাবিৰ মাজত বা নৈৰ পাৰত নিৰ্দিষ্ট কৰি ৰখা স্থানত গাঁৱৰ ৰাইজৰ সহিতে বায়খ' দেৱীক পূজা আগ বঢ়ায়।
ৰাভাসকলৰ বাইখ দেৱী হৈছে লক্ষ্মী দেৱী। প্ৰকৃতিৰ পূজাত বিশ্বাসী ৰাভাসকলৰ এই প্ৰথাটো অসমৰ প্ৰায়বোৰ জনগোষ্ঠীয় পূজাৰ সৈতে কিছু মিল থকা পৰিলক্ষিত হয়। বায়খ পূজাৰ থলীত বাইব্ৰা (পূজাৰী)ৰ তত্বাৱধানত দিনজুৰি পূজা পৰ্ব চলে। পূজাত কেৱল পুৰুষ সকলহে থাকে। আৰু তেওঁলোকে গা ধুই তিতা কাপোৰেৰে থকা টো এক নিয়ম। তাৰোপৰি পূজা শেষ নোহোৱা পৰ্যন্ত পুজস্থলীৰ পৰা কোনো লোক ঘৰলৈ অহাত বাধা থাকে। সন্ধিয়া পূজা শেষ হোৱাৰ পাচতহে সকলোৱে একেলগে গাঁৱলৈ আহে। ঘূৰি অহাৰ বাটত গছৰ ডাল, লতা, মাটিৰে সাজি থোৱা ঢিপ বা কিলা এটা জঁপিয়াই ভাঙি থৈ আহিব লগে। যিটোক ' কিল্লা দিবিকায়' বোলে। এই পৰ্বৰ পাছতেই ডেকাসকলে মূল পূজাৰীৰ ঘৰৰ চোতালত 'বায়খ টক্কায়' পৰ্বৰ আয়োজন কৰে। ইয়াৰ পাছতেই ২০-২৫ ফুটমান দীঘল এবিধ বনৰীয়া লতাৰে দুয়োফালে দুটা দল ভাগ হৈ লতা টনা খেল খেলে যাক ' লেউৱা বুকায়' ' বোলে। খেলৰ পৰিসমাপ্তিৰ পাচত দল দুটাৰ মাজত জয় পৰাজয়ক লৈ গীতৰ মাধ্যমেৰে জোকায়। ইয়াৰ পাচতেই বাইখ টক্কায় আয়োজন কৰা চোতালত বাঁহৰ চুঙাৰে প্ৰস্তুত কৰা চাকি জ্বলাই গীত আৰম্ভ কৰে। পূৰ্ণিমাৰ ৰাতি ডেকা গাভৰুৱে জঁপিয়াই জঁপিয়াই নৃত্য কৰে। ডেকাবোৰে পাজাল পিন্ধি কঁকালত আৱছা বান্ধি লয়। থিক একেদৰে গাভৰু বোৰেও ৰিফ্যান (মেথনি) মাৰি কঁকালত আৱছা বান্ধে। টক্কাই গীতৰ যোগেদি ইজনে আনজনক প্ৰেম নিবেদন কৰে আৰু ধেমালি ফুৰ্টি কৰে। এনেদৰে উৰেটো নিশা নৃত্য কৰি কৰি ৰাতিপুৱাৰ ভাগত সকলোৱে বিদায় লয়। মনে বিচৰা লগৰী পালে বিয়া পাতি লৈ যায় অথবা বিবাহৰ কথা দি যায়। এনেদৰেই নতুন বছৰটোৰ আদৰি কৃষি কৰ্ম নদন বদন হ'বৰ বাবে বায়খ পূজা উৎসৱ পালন কৰা হয়।
বায়খ টক্কায় গীতৰ কিয়দংশ-
১)। "জেঠ লাংগ্ৰে নায় নায়
বাইখ ট্ৰঙা নেমা
দৰে গাবুৰ মিলি ৰিবা চালে
বায়খ চাতালায়না…"
২) " হেঙা হেঙা ৰদাংবা
নাঙোন নুকা প্ৰতান
প'চো মুনকায় নাঙি ফায়দক
খুতামা চুন তাকা চ্ৰকান…. "

No comments:
Post a Comment