মিচিং জনগোষ্ঠীৰ উত্তৰণৰ অন্তৰায় - Doksiri

Post Top Ad

Thursday, November 30, 2023

demo-image

মিচিং জনগোষ্ঠীৰ উত্তৰণৰ অন্তৰায়

Responsive Ads Here

 


20231202_072359


মিচিং জনগোষ্ঠীৰ উত্তৰণৰ অন্তৰায়


ব্ৰাদাৰ জেমছ দলে

চিলাপথাৰ 


মিচিং জনগোষ্ঠীয়ে ভৈয়ামলৈ আগমনৰ কালৰ পৰাই অসমৰ দ্বিতীয় বৃহৎ জনজাতীয় জনগোষ্ঠী হিচাপে পৰিচয় লাভ কৰি আহিছে৷ বড়োসকলৰ পিছতে অসম ৰাজ্যত মিচিংসকলৰ উত্তৰণ অতুলনীয় হ’ব লাগিছিল৷ কিন্তু বৰ্তমানো একৈশ শতিকাৰ বৰ্ণাঢ্য অসমত পিছপৰা জনগোষ্ঠীৰ বৈশিষ্ট্যৰে চিনাকি দিবলৈ বাধ্য হৈছে৷ ইয়াৰ অন্তৰালত জনগোষ্ঠীটোৰ শৈক্ষিক অনগ্ৰসৰতা, ছাত্ৰ সংগঠন, ৰাজনীতি, পৰম্পৰা আৰু দৰিদ্ৰতাৰ কথা স্বীকাৰ কৰিব লাগিব৷ মঙ্গোলীয় মূলৰ মিচিংসকল কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্য, ৰাজনৈতিক ক্ষেত্ৰ আদি সকলোতে চহকী হৈছে যদিও উত্তৰণৰ ৰেঙণি লেহেমীয়া! জনগোষ্ঠীটোৰ প্ৰয়াত ভাষাবিদ টাবু টাইদে তেওঁৰ ‘ মিচিং সমাজত নাৰীৰ স্থান ’ শীৰ্ষক আকাশবাণী গুৱাহাটীৰ অনাতাঁৰ কথিকাত উল্লেখ কৰি গৈছে, “শিক্ষা-দীক্ষা, চিন্তা-চৰ্চা, সমাজ-সংগঠন আদিৰ দ্বাৰা বিচাৰ কৰিলে বুজা যায় যে মিচিং সমাজ সু-বিকশিত অন্য সমাজৰ সমকক্ষ হ’ব পৰা নাই৷” এইয়াই সত্য৷ কিয়নো জনগোষ্ঠীটোৰ শিক্ষিত সমাজ, জাতীয় ছাত্ৰ সংগঠন, ৰাজনৈতিক নেতা আদি সকলো ব্যক্তি স্বাৰ্থত আৱদ্ধ হৈ আছে৷ নিজৰ জনগোষ্ঠীৰ সামগ্ৰিক উত্তৰণৰ দিশত তেওঁলোকে পদাৰ্পণ কৰা নাই৷ অসমৰ প্ৰায়কেইখন জিলাত বিস্তৃত হৈ থকা সত্বেও প্ৰকৃত বিকাশ লাভ কৰাত অসমৰ্থ হৈছে৷ অতীতৰপৰা বৰ্তমানলৈকে মিচিং জনগোষ্ঠীৰ অবিৰত সামাজিক যাত্ৰা অৱশ্যে নিতান্তই লক্ষ্যনীয়৷ বিশেষকৈ নদী কাষৰীয়া বা হাবিৰ ওচৰ-পাজৰত বসবাস কৰি পৰম্পৰাগত কৃষিকৰ্ম, মৎস্য চিকাৰ, পৰম্পৰাগত সাজপাৰ আদিৰ মাধ্যমেৰে বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ যদিও পিছপৰা জনজাতীয় জনগোষ্ঠীৰ অৱস্থাতে স্থিতি ধৰি ৰাখিছে৷ এই স্থিতিৰ পৰিৱৰ্তন অতীব প্ৰয়োজন৷ সময়ৰ সোঁতত বিভিন্ন সুযোগ-সুবিধা লাভ কৰা সত্বেও সঠিক পৰিৱৰ্তন আকোঁৱালি ল’ব পৰা নাই৷

বৃটিছ মিছনেৰীসকলে অসমত অসমীয়া ভাষাৰ বিকাশ প্ৰদান কৰাৰ সমান্তৰালকৈ মিচিং ভাষাৰো প্ৰাণ প্ৰদান কৰে৷ যাৰ ফলত মিচিং সমাজেও লিখন-পঠনৰ যোগেদি আধুনিক শিক্ষাৰ সংস্পৰ্শলৈ লাহে লাহে ধাৱমান হ’বলৈ সক্ষম হয়৷ মিচিং সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ড° বসন্ত কুমাৰ দলেৰ ‘বৰ্ণাঢ্য অসম’ গ্ৰন্থত উল্লেখ কৰামতে, “মিচিং সমাজত খ্ৰীষ্টান মিছনেৰীসকলে উনবিংশ শতিকাৰ তৃতীয় দশকৰ শেষৰ ফালে পোনপ্ৰথমে লিখন পদ্ধতিৰ পাতনি মেলে৷ মিচিং ভাষালৈ বাইবেলৰ কাহিনী অনুবাদ কৰা, প্ৰাথমিক পাঠ্যপুথি ৰচনা কৰা আদি কাৰ্য ৰোমান লিপিতে সম্পাদন কৰি মিচিং ভাষাত শিক্ষাদানৰ কাৰণেও প্ৰচেষ্টা চলায়৷” কিন্তু মিছনেৰীসকলৰ এই প্ৰচেষ্টাৰ প্ৰতি আশানুৰূপ সহাঁৰি নজনোৱাৰ বাবে সেইসময়ত শিক্ষাই মিচিং সমাজত প্ৰসাৰ লাভ কৰিব নোৱাৰিলে বুলিও ‘বৰ্ণাঢ্য অসম’ত উল্লেখ কৰিছে৷ বৰ্তমানেও বিভিন্ন অঞ্চলত বসবাস কৰা মিচিংসকলৰ মাজত শিক্ষাৰ প্ৰতি অনিহা প্ৰকাশ কৰা দেখা যায়৷ তথাপিও কুৰি শতিকাৰ পৰাই চাৰু চন্দ্ৰ দলে আৰু মুহি চন্দ্ৰ মিৰি এই দুগৰাকী সু-সন্তানে মিচিং সমাজত শিক্ষাৰ সফলতাৰ ৰেঙনি প্ৰদান কৰে৷ তেওঁলোকৰ প্ৰচেষ্টাৰ সফলতাই মিচিং সমাজত শিক্ষাৰ প্ৰতি জাগৰণৰ সৃষ্টি কৰে৷ যাৰ কাৰণে প্ৰাক-স্বাধীনতাৰ কালতেই ১৯৩৬ চনত অল আসাম মিৰি হাইস্কুল, ১৯৩৮ চনত গেজেৰা হাইস্কুল আৰু দুসুঁতীমুখ হাইস্কুল, ১৯৩৯ চনত ডিব্ৰু মিৰি এম, ই, স্কুল, ১৯৪২ চনত জেংৰাইমুখ এম, ই, স্কুল আদি শিক্ষানুষ্ঠানসমূহ প্ৰতিষ্ঠা কৰা হয়৷ এই শিক্ষানুষ্ঠানসমূহে মিচিং সমাজৰ লগতে অসমৰ সকলো জাতি-জনগোষ্ঠীকো শিক্ষাৰ পথত আগুৱাই যাবলৈ অৰিহণা যোগায়৷ লাহে লাহে মিচিং সমাজত সাক্ষৰতাৰ হাৰ বৃদ্ধি পাবলৈ ধৰে৷ সেই অনুসৰি জনগোষ্ঠীটোৰ সাক্ষৰতাৰ হাৰ বৰ্তমানলৈকে সমতলীয় জনজাতীয় জনগোষ্ঠী সমূহৰ ক্ষেত্ৰত উৰ্দ্ধতন হ’ব লাগিছিল কিন্তু নিম্নতমৰ ফালেহে অৱনমিত হৈ গৈ আছে৷ ১৯৭১ চনৰ লোকপিয়লৰ জনজাতীয় লোকৰ সাক্ষৰতাৰ হাৰ অনুসৰি ১৮.২০ শতাংশৰে নিম্নতম স্থান দখল কৰিছে৷ একেদৰে ১৯৯১ চনৰ লোকপিয়লৰ মতেও মিচিং জনজাতিৰ সাক্ষৰতাৰ হাৰ ৪৭.৬০ শতাংশৰে নিম্নতম স্থানতে অৱস্থান কৰিছে৷ এই ক্ষেত্ৰত ১৯২৪ চনত প্ৰতিষ্ঠা কৰা মিচিং বাঃনৗ কৗবাঙৰ ভূমিকা বাৰুকৈয়ে শোচনীয়৷

আমি জানো যে, একোটা জাতি-জনগোষ্ঠী শিক্ষাৰ প্ৰসাৰ অবিহনে সভ্যতাৰ লক্ষ্যত উপণীত হ’ব নোৱাৰে৷ সেয়েহে জাতিটোক সাক্ষৰতাৰ বৈশিষ্ট্যৰে চিনাকি দিয়াৰ প্ৰচেষ্টা সকলোৰে পণ হোৱা উচিত৷ ভাৰতীয় প্ৰশাসনিক বিষয়া পৰ্যন্ত হ’বলৈ সক্ষম হৈছে, তথাপি সজাগতাৰ অভাৱত মিচিং জনগোষ্ঠীৰ দৰে সমাজত সাক্ষৰতাৰ হাৰ বৃদ্ধিত লেহেমীয়া হৈছে৷ ভাৰতীয় সংবিধানে ৪১, ৪৫, ১৫৪(৪) আৰু ৩৫০(ক) অনুচ্ছেদবোৰৰ জৰিয়তে ৬ বছৰৰপৰা ১৪ বছৰ বয়সৰ সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ পদক্ষেপ লোৱাৰ উপৰিও ৪৬ নং অনুচ্ছেদত জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে কিছুমান ব্যৱস্থা কৰা হৈছে৷ ৪৬ নং অনুচ্ছেদ অনুসৰি জনজাতি সমাজে শৈক্ষিক আৰু অৰ্থনৈতিক বিকাশত চৰকাৰৰপৰা সহায় লাভ কৰিব পাৰি৷ লগতে জনজাতি লোকসকলক বিদ্যালয় আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা দিয়া হৈছে৷ জনজাতীয় লোকসকলে বসবাস কৰা ঠাই সমূহ বিদ্যালয় শিক্ষাৰ বাবে যথেষ্ট উপযোগী নহয়৷ শিশুসকলে শিক্ষাৰ ক্ষেত্ৰত ভয়াৱহ সমস্যাৰ সন্মুখীন হয়৷ সেয়েহে জনজাতীয় শিশুসকলক বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত আৰু বিদ্যালয়ত তেওঁলোকৰ সংৰক্ষণৰ বাবে সংবিধানে প্ৰাথমিক শিক্ষাৰ আৰম্ভণিত শিশুৰ বাবে মাতৃভাষাত পাঠ্যপুথি প্ৰস্তুত কৰা, ছোৱালী শিক্ষাৰ বাবে বিত্তীয় ব্যবস্থা কৰা, জনজাতীয় অঞ্চলত শিক্ষকতা কৰা অজনজাতীয় শিক্ষকসকলৰ বাবে জনজাতীয় উপভাষাৰ জ্ঞানৰ বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা, শিক্ষকৰ ব্যৱহাৰৰ বাবে ভাষাসূচীল সেতুৰ ব্যৱস্থা আদি প্ৰৱৰ্তন কৰিছে৷ কিন্তু এই সকলোবিলাক কাৰ্যকৰী কৰা নহয়৷ যাৰ ফলত জনজাতীয় সমাজৰ সাক্ষৰতাৰ হাৰ আশা কৰা অনুসৰি বৃদ্ধি নহয়৷ পাঠ্যপুথিৰ ভাষাৰ মাধ্যম, আৰ্থিক অনাটন, বিদ্যালয় আন্তঃগাঁথনিৰ ক্ষেত্ৰত চৰকাৰৰ অনিচ্ছাকো জনজাতীয় লোকৰ শৈক্ষিক অদুন্নতিৰ কাৰণ বুলি ক’ব পাৰি৷ কিয়নো প্ৰায়ভাগ জনজাতীয় অঞ্চল চহৰ-নগৰ বা উন্নত অঞ্চলৰ পৰা নিলগত থাকে৷ জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰণয়ন কৰা বিভিন্ন চৰকাৰী আঁচনিবোৰৰ প্ৰায়ভাগ কাৰ্যকৰী নহয়৷ প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণৰ আঁচনিয়ে জনজাতীয় অঞ্জলসমূহ স্পৰ্শ কৰিছে; যদিও বিষয়া-কৰ্মচাৰী তথা এচাম শিক্ষকৰ সদিচ্ছা আৰু আন্তঃগাঁথনিৰ অভাৱত এই আঁচনিয়ে মিচিং অধ্যুষিত জনজাতীয় অঞ্চলবোৰতো সম্পূৰ্ণৰূপে বাস্তৱায়িত হোৱা নাই৷ অন্যান্য জনজাতি সকলৰ লগতে মিচিং সকলৰ বাবেও শিক্ষাৰ উত্তৰণৰ বাবে ভাৰতীয় সংবিধানে প্ৰদান কৰা সুবিধা সমূহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত সদৌ মিচিং ছাত্ৰ সন্থা (টি.এম.পি.কে.) ই তেওঁলোকৰ উদ্দেশ্য আৰু আদৰ্শবোৰ সাৰোগত কৰি ভূমিকা লোৱা হ’লে জনগোষ্ঠীটোৰ শৈক্ষিক উত্তৰণ অনন্য ৰূপত জিলিকিলেহেঁতেন৷ কিন্তু সদৌ মিচিং ছাত্ৰ সন্থাই জাতীয় স্বাৰ্থক একাষৰীয়া কৰি ৰাজনৈতিক দলৰ সৈতে সংগঠনটোক চামিল কৰাৰ পৰিণতিয়ে মিচিং জনগোষ্ঠীৰ সভ্যতা-সংস্কৃতি তথা শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছে৷ জনগোষ্ঠীটোৰ প্ৰতাপী ৰাজনৈতিক নেতাসকলে জাতীয় সংগঠনটোৰ উদ্দেশ্য আৰু আদৰ্শক মূলপথত যাব দিয়া নাই৷ মিচিং জনজাতিৰ শিক্ষা-দীক্ষাৰ বাবে সংগঠনটোৱে সন্দেহজনক ভূমিকা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷ শিক্ষাবিদ ইন্দিৰা মিৰি, ভাষাবিদ টাবু টাইদ, প্ৰশাসনিক বিষয়া শকুন্তলা দলে গামলিন, দাৰ্শনিক মৃণাল মিৰি, সাহিত্যিক তৰুণচন্দ্ৰ পামেগাম আৰু বহু কেইবাগৰাকী উচ্চ শিক্ষিত ব্যক্তিয়ে মিচিং জনজাতিৰ পবিত্ৰ পৰিচয় সমাজত চিনাকি দিয়াৰ পৰিৱৰ্তে বৰ্তমান জাতীয় সংগঠন আৰু ৰাজনৈতিক নেতাসকলে উত্তৰণৰ লেহেমীয়া গতি প্ৰদান কৰা বিষয়টো বৰ দূৰ্ভাগ্যজনক!

ধেমাজি জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষৰীয়া পুমি গাঁৱত জন্মগ্ৰহণ কৰা ললিত কুমাৰ দলেয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰপৰা ১৯৬২ চনৰপৰা ১৯৬৭ চনলৈকে তেতিয়াৰ অবিভক্ত লখিমপুৰ জিলাৰ পৰা বিধায়ক হিচাপে আৰু ১৯৭৭ চনৰপৰা ১৯৮০ চনলৈকে সাংসদ হিচাপে দেশৰ ৰাজনীতিত মিচিং জনজাতিক প্ৰতিনিধিত্ব কৰিছিল৷ তেওঁৱেই সৰ্বপ্ৰথমে মিচিং জনজাতিক ৰাজনীতিৰ পথাৰত চিনাকি দিয়ে৷ একেদৰে, ৰমেশ মোহন কুলি (১৯৭৮ চনত বিধায়ক), পুষ্পধৰ পেগু (১৯৮৬ চনত বিধায়ক), ফনিৰাম টায়েং (১৯৮৫ চনত বিধায়ক), গণেশ কুটুম (১৯৮৬ চনৰপৰা ২০০১ চনলৈকে দুবাৰকৈ বিধায়ক আৰু ১৯৯৬ চনৰপৰা ২০০১ চনলৈকে অসম বিধানসভাৰ দ্বাদশতম্‌ অধ্যক্ষ), গমেশ্বৰ পেগু (১৯৯১ চনত বিধায়ক), ভৰত চন্দ্ৰ নৰহ (১৯৮৫ চনৰপৰা ২০১১ চনলৈকে পাঁচবাৰ বিধায়ক আৰু মন্ত্ৰী, ২০২১ চনৰপৰা বৰ্তমানলৈকে বিধায়ক), ৰাণী নৰহ (১৯৯৮ চনৰপৰা ২০১৪ চনলৈকে সাংসদ, ২০১২ চনৰপৰা ২০১৪ চনলৈকে ভাৰত চৰকাৰৰ জনজাতি কল্যাণ বিভাগৰ ৰাজ্যিকমন্ত্ৰী আৰু ২০১৬ চনৰপৰা ২০২২ চনলৈকে ৰাজ্যসভাৰ সদস্য), ভুবন পিগু (২০০৬ চনৰপৰা বৰ্তমানলৈকে তিনিবাৰ বিধায়ক), নৱ কুমাৰ দলে (২০১১ চনৰপৰা ২০১৬ চনলৈকে বিধায়ক), ৰাজীৱ লোচন পেগু (বিধায়ক তথা মন্ত্ৰী), ভুবন গাম (২০২২ চনৰপৰা বৰ্তমানলৈকে বিধায়ক), ডা° ৰনোজ পেগু (২০১৭ চনৰপৰা  বৰ্তমানলৈকে বিধায়ক তথা শিক্ষামন্ত্ৰী) আদি বহুকেইবাজনো ব্যক্তিয়ে দীঘলীয়া পৰিক্ৰমাৰে দেশ তথা ৰাজ্যৰ ৰাজনৈতিক সাম্ৰাজ্যত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে, যদিও তেওঁলোকে প্ৰতিনিধিত্ব কৰি অহা মিচিং জনগোষ্ঠীয়ে সামাজিক, শৈক্ষিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি প্ৰতিটো দিশতে আজিও পিছপৰি আছে৷ তেওঁলোকে দশক দশক ধৰি জাতিটোৰ আৱেগ-অনুভূতিক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি বিধায়ক, মন্ত্ৰী, সাংসদ আদি আসন দখল কৰি আহিছে, যদিও মিচিং জনগোষ্ঠীৰ প্ৰকৃত শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিক সমস্যাবোৰৰ সঠিক সমাধানৰ পৰ্যালোচনা কৰি উত্তৰণৰ পথত আগুৱাই লৈ যোৱাৰ সিদ্ধান্ত লোৱা নাই৷ তেওঁলোকৰ জাতিৰ বাবে থাকিবলগীয়া চেতনাবোধ নথকাটো অতি চিন্তনীয়৷ একেদৰেই, তেওঁলোকেই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে পৰিচালনা কৰা মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ ভূমিকাও অতি শোচনীয়৷ মিচিং জনগোষ্ঠীৰ সৰ্বাংগীণ উত্তৰণৰ বাবে গঠিত পৰিষদে আশানুৰূপ আঁচনিৰ কাম কৰা পৰিলক্ষিত হোৱা নাই৷ কাগজে-পত্ৰই বছৰ বছৰ ধৰি পৰিষদৰ দ্বাৰা মিচিং জনগোষ্ঠীৰ উন্নয়নৰ বাবে কোটি কোটি টকা ব্যয় কৰিছে, কিন্তু বাস্তৱিকতে ই ডাঙৰ শূন্যৰ অন্তৰালত আৱদ্ধ!

জনপ্ৰতিনিধি সকলে মিচিং স্বায়ত্ত্বশাসিত পৰিষদ আৰু জাতীয় সংগঠনৰ জৰিয়তে উঠি অহা যুৱক-যুৱতীসকলক ৰাজনৈতিক সাম্ৰাজ্য ৰক্ষাৰ বাবে ব্যৱহাৰ কৰি আহিছে৷ সেই যুৱক-যুৱতী সকলৰ মন-মগজু লক্ষ্যভ্ৰষ্ট কৰি তেওঁলোকৰ শৈক্ষিক মূল্যায়ন প্ৰায় নষ্ট কৰিছে৷ যুৱক-যুৱতীসকলে জাতি ৰক্ষাৰ মিচা প্ৰতিশ্ৰুতিত ভুল গৈ প্ৰকৃত শিক্ষিত মানুহ হিচাপে নিজকে গঢ় দিয়াত ব্যৰ্থ হৈছে৷ সুবিধাবাদী ৰাজনীতিৰ সেনানী ৰূপে দৌৰাদৌৰি কৰাতে তেওঁলোকৰ ভৱিষ্যতৰ বুনিয়াদী গঢ়াৰ উপযুক্ত সময়বোৰ পাৰ হয়৷ মিচিং জনজাতিৰ উঠি অহা চামক এনেকৈ তেওঁলোকৰ ভৱিষ্যতৰ পথত বাধাৰ প্ৰাচীৰ সৃষ্টি কৰি থাকিলে সাক্ষৰতাৰ হাৰ অৱনমিত হৈ থকাতো নিশ্চিত৷ অতি লজ্জাজনক কথা যে,  দেশে স্বাধীনতা লাভৰ পিছৰেপৰা মিচিং জনগোষ্ঠীৰ বুজন সংখ্যক শিক্ষিত যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ পথ সন্ধানত সহায় কৰাৰ পৰিৱৰ্তে ছদ্মবেশী জাতীয়তাবাদী আন্দোলনকাৰী সৈনিকৰ ৰূপত ৰাজনীতিৰ পথাৰত ব্যৱহাৰ কৰি আহিছে৷ বৰ্তমান ৰাজনৈতিক কু-প্ৰভাৱৰ ফলত বুজন সংখ্যক মিচিং যুৱক-যুৱতীয়ে অৰ্ধশিক্ষিত পৰিচয় লাভ কৰিবলৈ বাধ্য হৈছে৷ তদুপৰি, বহুতো মিচিং যুৱকে চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ উপভোগৰ সুবিধাখিনিও নাপাই বহিঃৰাজ্যৰ ঔদ্যোগ ক্ষেত্ৰত মজুৰী কৰিবলৈ যাবলগীয়া হৈছে৷ সাধাৰণতে শিক্ষা-দীক্ষাৰ সপক্ষে প্ৰাসংগিকতাৰ জ্ঞান লাভৰ অভাৱ ঘটিছে৷ যিটো সদৌ মিচিং ছাত্ৰ সন্থা ( টি.এম.পি.কে) আৰু ১৯২৪ চনতে গঠন কৰা মিচিং বাঃনৗ কৗবাঙে মূল দায়িত্ব ল’ব লাগিছিল৷ কিয়নো মিচিং জনগোষ্ঠীৰ সু-সন্তানদ্বয় জনগোষ্ঠীটোৰ প্ৰথম কলা স্নাতক চাৰু চন্দ্ৰ দলে আৰু প্ৰথম বিজ্ঞান স্নাতক মুহি চন্দ্ৰ মিৰিয়ে মিচিং সমাজত শিক্ষাৰ পোহৰ বিলোৱাৰ সপোন দেখিয়েই শিক্ষাৰ সজাগতাৰ উদ্দেশ্যে মিৰি সন্মিলন অৰ্থাৎ মিচিং বাঃনৗ কৗবাঙৰ গঠন কৰিছিল৷ ইয়াৰ জৰিয়তে তেওঁলোকে শিক্ষাৰ বাটকটীয়া মুকলি কৰি থৈ গৈছে৷ কিন্তু তেওঁলোকৰ সপোনে আজিও পূৰ্ণতা লাভ কৰিবলৈ বহু নিলগত আছে৷ যি সপোনৰ প্ৰৌঢ়তা প্ৰদান কৰিবলৈ সদৌ মিচিং ছাত্ৰ সন্থাই যিমান দায়িত্বসহকাৰে ভূমিকা ল’ব লাগিছিল সিমান লোৱা নাই! মিচিং সাহিত্য সভা (মিচিং আগম কৗবাং)ৰ ভূমিকাও এই ক্ষেত্ৰত লক্ষ্যনীয় হ’ব লাগিছিল৷ মিচিং বাঃনৗ কৗবাং, মিচিং আগম কৗবাং আৰু সদৌ মিচিং ছাত্ৰ সন্থাৰ যৌথ সবল উদ্যোগত মিচিং সমাজত শিক্ষাৰ সজাগতাৰ জোঁৱাৰ সৃষ্টি কৰি শৈক্ষিক পৰম্পৰা জীয়াই ৰখাত বৰ্তমান সময়তো মূখ্য ভূমিকা ল’ব লাগিছিল৷ কেৱল ধৰ্মীয়-সাংস্কৃতিক পৰম্পৰাই জনগোষ্ঠী এটাৰ পৰিচয় জীয়াই ৰাখিব নোৱাৰে৷ শিক্ষাৰ সমপৰ্য্যায়ৰ কোনো পৰম্পৰা পৃথিৱীত নাই, যিয়ে সমাজখনক সুস্থিৰ তথা ভাৰসাম্যতাৰে ৰাখিব পাৰে৷

সৰ্বজনবিদিত যে, জনজাতীয় সমাজত ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰ প্ৰচলন ব্যাপক৷ যিবোৰ ৰীতি-নীতি আৰু পৰম্পৰাই তেওঁলোকৰ সমাজ ব্যৱস্থাক সভ্যতাৰ সৈতে মিলি আগুৱাই যোৱাত বাধাৰ সৃষ্টি কৰে৷ একেদৰে, মিচিং জনজাতিৰ সমাজতো বিভিন্ন ৰীতি-নীতি আৰু পৰম্পৰাৰ ব্যাপকতা দেখা যায়৷ কিছুমান ৰীতি-নীতিয়ে যুৱক-যুৱতীসকলক মানসিকভাৱে নিজৰ কৰ্মৰ প্ৰতি সন্দেহ প্ৰবণতা সৃষ্টি কৰে আৰু দুৰ্বল কৰি পেলায়৷ পৰম্পৰাৰ দোহাই দি সন্তানৰ চকুৰ আগতে ২৪ ঘন্টাই গ্ৰামাঞ্চলৰ মিচিং পৰিয়ালত থলুৱা নিচা সামগ্ৰীৰ ব্যৱহাৰ কৰা হয়৷ পৰিয়াল তথা চুবুৰীয়াৰ জেষ্ঠ্যসকলে ল’ৰা-ছোৱালীক কাষতে ৰাখি দৈনিক থলুৱা নিচা সামগ্ৰীৰ উপভোগ কৰে৷ দৈনিক দেখি অহাৰ বাবে ল’ৰা-ছোৱালীৰ চকুৱে মন-মগজুত নিচাৰ পৰিৱেশটো সজীৱ কৰি ৰাখিবলৈ সক্ষম হয়৷ এনেকৈয়ে মিচিং পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে নিচা সামগ্ৰীৰ প্ৰতি আসক্ত হ’বলৈ শিকে৷ পৰিণতিত পৰিয়ালৰ সুস্থ পৰিৱেশ তথা শৈক্ষিক বাতাৱৰণ প্ৰদূষিত হয়৷ তেওঁলোকে বিদ্যালয়-মহাবিদ্যালয়তো ভৰি দিয়ে, অথচ ভৱিষ্যত নিৰ্মাণ কৰা বুনিয়াদী অনুষ্ঠান ঘৰখনৰ পৰিৱেশে উক্ত ল’ৰা-ছোৱালীৰ ৮০ শতাংশই মানদণ্ডপূৰ্ণ শিক্ষিত হোৱাত বাধাৰ সন্মুখীন হয়৷ উপযুক্ত সুস্থ সামাজিক আৰু শৈক্ষিক পৰিৱেশৰ অভাৱত ডাঙৰ হৈ ল’ৰা-ছোৱালীবিলাকে ড্ৰাগছ পৰ্যন্ত আসক্ত হোৱা পৰিলক্ষিত হয়৷ বৰ্তমান সাক্ষৰতা আৰু সচেতনতাৰ অভাৱত মিচিং জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলবোৰত ড্ৰাগছৰ মুক্ত প্ৰচলন আৰম্ভ হৈছে৷ যিয়ে মনৰ সন্তুষ্টতা আৰু পেটৰ ভোক নিৰাময়ত সহায় কৰিলেও মিচিং জনগোষ্ঠীৰ প্ৰকৃত উত্তৰণত বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে৷ ই জনগোষ্ঠীটোৰ নৱ-প্ৰজন্মক ধ্বংসাত্মক দিশত গতি কৰাত সাৰপানী যোগাইছে৷ এনে পৰিণতিতে মিচিং সমাজে দৰিদ্ৰতাৰ দৰে সামাজিক ব্যাধিৰ পৰাও মুক্ত হ’ব পৰা নাই৷ শিক্ষাৰ দিশত পিছপৰা জাতিয়ে কেতিয়াও দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত হ’ব নোৱাৰে৷ ইয়াৰোপৰি, মিচিং জনগোষ্ঠীৰ উৎসৱ-পাৰ্ৱন সমূহ পালন কৰিবলৈ যথেষ্ট ব্যয় কৰিবলগীয়া হয়৷ সাধাৰণতে কৃষিকৰ্মৰ ওপৰত নিৰ্ভৰশীল মিচিং সমাজে একোটা উৎসৱ বা সকাম-নিকাম সম্পাদন কৰিবলৈ বৰ্তমান সময়ত প্ৰয়োজনতকৈ যথেষ্ট বেছি ব্যয় কৰা দেখা যায়৷ খেতিমাটি, গৰু, ম’হ, ছাগলী ইত্যাদি বিক্ৰী কৰিবলগীয়া হয়৷ যাৰ বাবে কেৱল কৃষিকৰ্মৰ দ্বাৰা আৰ্থিকভাৱে টনকিয়াল হ’ব নোৱাৰা গ্ৰামাঞ্চলৰ মিচিং পৰিয়ালে সামগ্ৰিকভাৱে শোচনীয় অৱস্থাৰ সন্মুখীন হয়৷ এনে শোচনীয়তাৰ বাবেই ল’ৰা-ছোৱালীক প্ৰয়োজন অনুযায়ী শিক্ষাক্ষেত্ৰত আগুৱাই লৈ যাবলৈ অসমৰ্থ হয়৷ এইদৰেই জনগোষ্ঠীটোৰ সাক্ষৰতাৰ হাৰ অৱনমিত হৈছে আৰু দৰিদ্ৰতাৰ বৈশিষ্ট্য বহন কৰিবলৈ সক্ষম হৈছে৷ স্মৰ্তৱ্য যে, ৰাজনৈতিক প্ৰৱঞ্চনাৰ বাবে মিচিং জনজাতি প্ৰধান কিছুমান গ্ৰামাঞ্চল সমূহত দৰিদ্ৰতা নিৰ্মূলৰ ন্যুনতম প্ৰয়োজনখিনিও পূৰণ কৰাত সক্ষম নহয়৷ স্বাধীনতাৰ পিছৰেপৰা এটাৰ পিছত এটাকৈ অৰ্থনৈতিক পৰিকল্পনা সম্পূৰ্ণ হৈছে, যদিও মিচিং জনজাতীয় ৰাইজে উন্নয়ন আঁচনি সমূহৰপৰা নগণ্যহে উপভোগ কৰিবলৈ সুযোগ পায়৷ উপযুক্ত উন্নয়ন আঁচনিসমূহ উপভোগৰপৰা বঞ্চিত হৈছে৷ ভালেকেইজন প্ৰতাপী তথা অপ্ৰতাপী ৰাজনৈতিক নেতাই বৰ্তমানেও সাহস আৰু বিৰোধী দলত থাকি জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰি থকাৰ পিছতো ধেমাজি, লখিমপুৰ, যোৰহাট, মাজুলী, গোলাঘাট, তিনিচুকীয়া, শিৱসাগৰ আদি জিলাসমূহত মিচিং জনজাতিৰ শ শ পৰিয়ালে পয়ালগা জৰাজীৰ্ণ চাংঘৰত দুৰ্ভিক্ষ জীৱন কটাইছে৷ যেন এইসমূহ মিচিং পৰিয়ালক একৈশ শতিকাৰ আধুনিকতাৰ বা-মাৰলিয়ে স্পৰ্শ কৰিব পৰা নাই৷ তেওঁলোকে উত্তৰণৰ উৱাদিহ গম নাপায়৷ এনে বহুতো মিচিং অধ্যুষিত গ্ৰাম্য অঞ্চল আছে, য’ত অঞ্চলৰ বহুমূলীয়া ভোটেৰে জয়ী কৰা বিধায়কৰ চেহেৰা আৰু এষাৰ মাত বাস্তৱত দেখা নাই বা শুনা নাই! মাথোঁ হিতাধিকাৰীৰ প্ৰলোভনেৰে মিচিং ৰাজনীতিৰ ফুলজাৰি মাৰি জনগোষ্ঠীটোক উত্তৰণৰ পৰা নিলগত ৰাখিছে৷

গতিকে মিচিং সমাজৰ উত্তৰণৰ বাবে জনগোষ্ঠীটোৰ প্ৰতিগৰাকী ব্যক্তিয়ে সৰ্বপ্ৰথমে ৰাজনীতিক নিলগত ৰাখি সামাজিক আৰু মনস্তাত্বিক চিন্তাধাৰাৰে শিক্ষা-দীক্ষাৰ মানদণ্ডৰে উন্নতিৰ ব্যৱহাৰিক মূল্যায়নৰ প্ৰতিশ্ৰুতিবদ্ধ হ’ব লাগিব৷ শিক্ষিত ব্যক্তি হৈ সংস্থাপনমুখী হ’ব লাগিব৷ শিক্ষিত লোকৰ সংখ্যাগৰিষ্ঠ থকা জাতিৰ সামগ্ৰিক উত্তৰণত ভগৱানৰ অবিহনে আন একোৱেই বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে৷ নিজৰ ৰীতি-নীতি, ধৰ্মীয় বিশ্বাস-পৰম্পৰা ৰক্ষাৰ সমান্তৰালভাৱে শিক্ষাৰ প্ৰসাৰ লাভৰ বিষয়তো মনোনিৱেশ দিব লাগিব৷ অৱশ্যে এই ক্ষেত্ৰত জাতীয়তাবাদ আৰু ৰাজনীতিৰ ধনাত্মক সহযোগিতা নিতান্তই প্ৰয়োজন৷ দৰিদ্ৰতাৰ প্ৰধান নিৰ্ণায়ক শিক্ষা, কৃষি, যাতায়াত, বান-গৰাখহনীয়া আদি সমস্যাৰ স্থায়ী সমাধানৰ উপযুক্ত নীতি নিৰ্ধাৰণ কৰাৰ বাবে মিচিং জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধিসকলে স্পষ্ট আৰু সুনিৰ্দিষ্ট ধাৰণাৰ গৰাকী হ’ব লাগিব৷ পৰম্পৰাগত পূৰণিকলীয়া কৃষি পদ্ধতিৰ আমূল পৰিৱৰ্তন ঘটাই মিচিং সমাজত সেউজ বিপ্লৱৰ সূচনা কৰিব লাগিব৷ বৰ্তমান সময়তো বহু অঞ্চলত মিচিং কৃষকৰ পথাৰত আধুনিকতাৰ পোহৰ পৰা নাই৷ মিচিং স্বায়ত্ত্বশাসিত পৰিষদ, মিচিং জাতীয় সংগঠন, জনপ্ৰতিনিধিসকলে জাতিটোক সভ্যতাৰ খোজত মিলাই লৈ যাবলৈ চৰকাৰৰ সৈতে উপযুক্ত যুগসন্ধি স্থাপন কৰি যাতায়াত ব্যৱস্থা, জলসিঞ্চন ব্যৱস্থা, উন্নত বীজ আৰু আধুনিক প্ৰযুক্তিৰ কৃষি সঁজুলিৰ চৰকাৰী উন্নয়ন আঁচনি সমূহ কৃষকৰ ওচৰত উপলব্ধ কৰাৰ উপায় উলিয়াব লাগিব৷ কৃষিৰ উৎপাদনশীলতা উন্নতকৰণৰ বৈজ্ঞানিক কৌশল আৰু পদ্ধতিৰ সজাগতা সৃষ্টি কৰি জনজাতীয় কৃষিৰ উৎপাদিত সামগ্ৰীৰ বজাৰমুখী কৰাত পৃষ্ঠপোষকতা কৰিব লাগিব৷ মিচিং সমাজৰ নিৰক্ষৰ কৃষকসকলক সম্যক জ্ঞান দিব লাগিব৷ ভাৰত চৰকাৰৰ অৰ্থনৈতিক সংস্কাৰমূলক আঁচনিসমূহ মিচিং জনগোষ্ঠীৰ উত্তৰণৰ বাবে ৰূপায়ণ কৰিছে যদিও দূৰ্নীতি আৰু জনপ্ৰতিনিধিসকলৰ সক্ৰিয় ভূমিকাৰ অভাৱত প্ৰায় পূৰ্বৰ অৱস্থাতে আছে৷ মিচিং জনগোষ্ঠীৰ লোকে বসবাস কৰা অঞ্চল সমূহত দৰিদ্ৰতাৰ তীব্ৰতা আপেক্ষিকভাৱে অধিক৷ বৰ্তমানেও প্ৰায় ৬৫ শতাংশ মিচিং সমাজৰ জনসংখ্যা দৰিদ্ৰতাৰ পৰিচয় বহন কৰি আছে৷ সাক্ষৰতাৰ জৰিয়তে দৰিদ্ৰতাৰ সংস্কাৰ কৰিব পাৰিলেই মিচিং জনগোষ্ঠীত উত্তৰণৰ পোহৰৰ বিচ্ছুৰণ ঘটিব৷


ফোনঃ ৮৮২২৮৯০৯৪৫


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Pages