ৰূপহী চেৰী ফুল ফুলাৰ বতৰত
চন্দ্ৰপ্ৰভা বৰ্মন
গুৱাহাটী
হেৰা ! ৰূপহী চেৰী ফুল !
ইমান অহংকাৰ লৈ আকাশৰ
ফালে কি চাই আছা !
যেন তুমিয়ে অতুলনীয় !
পৃথিৱীৰ সকলো ৰূপ-ৰস শুহি লৈ
তুমি আহিছা মোৰ মন ভূলাৱলৈ
শুনা ! তোমাক এটা ৰূপ কথা কওঁ
তুমিতো মোৰ কৃষ্ণচূড়াক দেখা নাই !
বহু যোজন দূৰণিত তেওঁৰ বাসস্থান
তেওঁ যেতিয়া আহে গোটেই জগত
ৰঙেৰে উপচাই ৰঙীণ কৰি আহে !
চিৰ বিজয়িনীৰ বেশত...
ৰাজ ৰাজেশ্বৰীৰ সাজত...
তুমিতো দেখা নাই তেওঁৰ ৰং
কিমান ৰঙীন উজ্জ্বল !
তুমিতো নাজানা তেওঁৰ বেশ
কিমান ৰূপে জলমল !
প্ৰেমৰ জুইত উজ্জ্বল কৃষ্ণচূড়া
সেই ৰঙত ৰঙীণ হয় বিষন্ন জীৱন...
সেই সাজত সাজি উঠে মলিন প্ৰাংগণ !
সেই লালিমাত প্ৰকৃতিয়ে তেওঁৰ নিটোল
দুভৰিত আলতা সাঁনি খোজ কাঢ়ে ।
কিন্তু কাকো ধৰা নিদিয়ে !
তথাপিওঁ ! তেওঁৰ ৰঙত ৰঙীন হ'বৰ বাবে !
সকলো যে আতুৰ !
কিন্তু ধৰা নিদিয়ে কাৰো কাষতে !
তথাপিওঁ ! তেওঁৰ ৰঙৰে ৰঙীন হ'বলৈ
তেওঁক ভালপাবলৈ ! তেওঁক কাষত পাবলৈ
সকলোৰে মন-প্ৰাণ , দেহ উন্মুখ
হে ৰূপহী চেৰী ফুল !
মোৰ কৃষ্ণচূড়াৰ কাষত তুমি হাৰিছা
তুমি নিস্প্ৰাণ-নিস্তেজ !
শত জনমতো নোৱাৰিবা তুমি
তেওঁৰ ৰং চুৰি কৰি আনিব !
শত জনমতো নোৱাৰিবা
মোৰ হৃদয় চুৰি কৰিব !
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:
Post a Comment