তেওঁ জোন হৈ আহিছে
কনমইনা দাস
যোৰহাট
মোৰ বুকুৰ কোঠালী শুৱাই মোক চম্ভালি ল'বলৈ তেওঁ জোন হৈ আহিছিল
আন্ধাৰে যেনি-তেনি এতিয়া মোক নিব নোৱাৰা হ'ল
মোৰ শিশু বৎসল্যতাক বাট পোনাই পোনাই মোক মোৰ ঠাইত থান-থিত লগাই দিব পৰাকৈ তেওঁ পৰিপক্ক
মই নজনাকৈ মোক মোৰ হ'বলৈ শিকোৱা প্ৰথমগৰাকী নাৰী হয়তো তেওঁৱেই হ'ব
জীৱনৰ আলি-দোমোজাত নিজস্বতাৰ উৰ্ধত গৈ মই মোক সমজুৱা চোলাটু পিন্ধাই ঘূৰাই লৈ ফুৰোঁতেই সঠিক দিশটোৰ পৰা ফালৰি কাটিছিলো তেনে সময়তেই তেওঁৰ সৈতে মোৰ সংযোগ
তেতিয়াৰ পৰাই আজিলৈকে মই ঠিকেই আছোঁ
মনে প্ৰাণে প্ৰাপ্তি প্ৰশান্তিৰ
এহেজাৰ ভালপোৱাৰ স'তে
কাৰোবাক সহি সামৰি লোৱাতো জানো সহজ
অথচ মই নজনাকৈ মোক তেওঁ তেওঁৰ বুকুৰ শুৱনি কোঠাত আলফুলে ৰাখিছে
জীৱনৰ শেষ উশাহলৈকে
আৱৰি থাকিম তেওঁক
ছাঁয়া হৈ ,সাহস হৈ
সৰ্বোচ্চ উজাৰি দি ৰ'দ হ'ম তেওঁৰ বাবে
নেদেখা জনৰ ওচৰত এটাই প্ৰাৰ্থনা তেওঁ কুশলে থাকক
মনৰ ভিতৰৰ পৰাই জী উঠিব পৰাকৈ আত্মবিশ্বাসৰ ভেঁটি মজবুত হওক।
(কবিতাটি জোন হৈ অহা তেওঁৰ নামত অৰ্পণ কৰা হ'ল)
No comments:
Post a Comment