আঘোণ, মোৰ প্ৰাপ্তিৰ দস্তাবেজ
মন্দিতা চেতিয়া গগৈ
ৰাজগড়, ডিব্ৰুগড়
দিন,মাহ, ঋতুৰ সৈতে
চিনাকি হোৱাৰ আগৰেপৰাই
এই সময় মোৰ বৰ প্ৰিয়।
মোমাইৰ ঘৰৰ কাষতে
আয়ে আধিত লৈ থোৱা পথাৰখনত
ধান দাবলৈ যাওঁতে,
পেটমোছা মইজনীক লগতে লৈ যায়।
পথাৰতে জলপান,ভাতৰ জুতি লোৱাৰ ওপৰিও
কলপাতত খোৱা ৰবাব আৰু বৰটেঙাই
মোক হাতবাউলি মাতে।
আঘোণৰ কুঁৱলি ফালি
বনভোজ খাবলৈ যোৱাৰ
আমেজবোৰ আৰু সুকীয়া।
আঘোণৰ কুঁৱলি দেখি
শৰতৰ গীতো মনতে গুণগুণাও
"আজি শৰতৰ প্ৰথম কুঁৱলি পৰিছে
আজি চাগে তোমাৰ মোলৈ মনত পৰিছে"
দুবৰিত নিয়ৰৰ মুকুতা সৰা
উদং ভৰিৰে আলফুলে নিয়ৰ গচকা
পাৰাপাৰ নেদেখা কুঁৱলিৰ ৰূপ
ইমান যে মায়াসনা--
আঘোণতেই গচকিছিলোহি
এখন অচিনাকী চোতাল,
প্ৰিয়জনৰ নামৰ ৰঙা বেলিয়ে
ধাকিছিল মোৰ উকা কপাল।
ভঁৰালত সোণগুটি ভৰোৱাৰ দৰে
সুখবোৰ ভৰাই লৈছিলো মোৰ
শূণ্য পেৰাত।
আঘোণ মাহতেই পাইছিলো এটা নতুন পৰিচয়
প্ৰতিগৰাকী নাৰীয়ে দেখা ঈস্পিত সপোনে
বাস্তৱ ৰূপ লৈছিল,
দুটি জীৱন্ত পুতলাই
মোৰ বুকু ভৰাইছিল।
সেয়ে আঘোণ মোৰ
প্ৰাপ্তি আৰু প্ৰেৰণাৰ দস্তাবেজ।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment