আঘোনৰ লালুঙনি
সুনন্দ লালুং
আঘোনৰ কুৱলিৰে ভৰা পথাৰ খনত
সোনালী হৈ ভৰি থকা
সেই ধাননি দৰাৰ মাজত কোন তুমি লালুংনি ?
লালি লাই হিলালি ৰ সুৰেৰে
নিয়ৰৰ টুপাল বোৰক কিয়
লাজত পেলাইছা ।
তুমাৰ সেই ফাচকাই নাৰা কাচং ৰ
সৈতে তুমাৰ যি ৰূপ
দেখি কুৱলিয়েও যেন এৰি যাব
মন কৰা নাই তুমাৰ কাষৰ পৰা
নিয়ৰৰ টুপাল বোৰেও
লাজে লাজে তুমাৰ সেই সৌন্দর্য
দেখিবলৈ যেন উলমি ৰৈছে
ধানৰ পাতৰ আগত ।
সোনালী বৰণীয়া সেই নীৰৱ
পথাৰখনিৰ দূৰ দূৰনিলৈ ভাসি গৈছে
সেই লালি লাই হিলালিৰ সুৰ ।
দূৰ আকাশৰ পৰা
হাঁহি হাঁহি চাই থকা
ৰদালিও যেন ভটিয়াই
যাব মন কৰা নাই তুমাৰ
কাষৰ পৰা ।
বাঁহৰ আগত চৰাইবোৰো
যেন তুমাৰ সুৰতেই
সুৰ মিলাই গীত গোৱাত
মতলিয়া হৈছে ।
তুমাৰ সেই লালুংনিৰ ৰূপ
দেখিয়েই যেন পাখি মেলি
বগলীৰ জাকেও নাচি নাচি
ঘৰমূৱা হৈছে।
নীৰৱে থকা সোনালী পথাৰ খনিক
আৰু নীৰৱ কৰি থৈ
নাযাবা লালুংনি
মনত বৰ বেজাৰ লাগিব।
নিয়ৰৰ টুপাল বোৰেও
চকুলু টুকিব আঘোনৰ কুৱলিয়েও
দুখ মনেৰে আতৰি যাব।
ৰদালিও মাৰ যাব
সেমেকা মনেৰে ।
লালি লাই হিলালিৰ
সুৰেও বৰ আকলোৱা কৰিব মোৰ মনক।
নাযাবা লালুঙনি নাযাবা।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment