ঈশ্বৰ নিৰাকাৰ আৰু সাকাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, November 1, 2023

ঈশ্বৰ নিৰাকাৰ আৰু সাকাৰ



 ঈশ্বৰ নিৰাকাৰ আৰু সাকাৰ

 

ইনু দত্ত

গুৱাহাটী


         ঈশ্বৰ নিৰাকাৰ আৰু সাকাৰ। ঈশ্বৰৰ কোনো জড় স্থূল কিম্বা সূক্ষ্ম পৰমাণু বিশিষ্ট ৰূপ নাই । মাধৱদেৱে লিখিছে --যতেক প্ৰাকৃত আকাৰ সজ্জিত , ভৈলন্ত যিহেতু হৰি । সেই হেতুকেসে , নিৰাকাৰ নাম , আছন্ত ঈশ্বৰ ধৰি। কিন্তু নিৰাকাৰ বুলি তেওঁ একেবাৰে শূন্য নহয় । শাস্ত্ৰ মতে তেওঁৰ ৰূপ আছে তাক ভক্তসকলে দৰ্শন কৰিব পাৰে । সেই ৰূপ নিত্য ৰূপ, সেই ৰূপেই সৎ চিৎ আনন্দ ৰূপ। সেই ৰূপ ভাষা ত  ব্যক্ত কৰিব নোৱাৰি।

    চম্ম চকুৰে তাৰ দৰ্শন হ'ব নোৱাৰে। অন্তৰ তন্ময় হ'লে, ভক্তি চকু মেল খালেনে সেই নিত্য ৰূপ দৰ্শন কৰিব পাৰে।

         শঙ্কৰদেৱ আৰু মাধৱদেৱে হোম, যাগ ,যজ্ঞ , পূজা আদি কৰিবলৈ এৰিবলৈ কৈছিল । তাৰ পৰিৱৰ্তে একান্তচিত্তে ঈশ্বৰক উপাসনা কৰিবলৈ কৈছিল ।পদত এনেকৈ আছে _" কৰ্ম ত  বিশ্বাস তাৰ , হিয়াতে থাকন্ত হৰি অতিশয় দূৰ হোন্তবাৰ ।" বাস্তৱিক ঈশ্বৰ নিগুণ , নিৰাকাৰ, নিৰ্বিকাৰ , চৈতন্য স্বৰূপ । এই কথা দুয়োজনা মহাপুৰুষেই কৈছে। আকৌ মাধৱদেৱে লিখিছে _"অব্যক্ত ঈশ্বৰ হৰি ,কি মতে পূজিবা তাঙ্ক , ব্যাপকত কিবা বিসৰ্জন ।এতাৱন্ত মূৰ্তি শূন্য কোনমতে চিন্তিবাহা ৰাম বুলি শুদ্ধ কৰা মন  ।"

ভক্তিতেই চিত্ত শুদ্ধি হয় । কৰ্ম  যদি নিষ্কাম ভাৱে কৰিব নোৱাৰে তেতিয়া চিত্ত শুদ্ধি নহয়, চিত্ত শুদ্ধি হলেহে তত্ত্ব জ্ঞান হয় আৰু তত্ত্ব জ্ঞান হলেহে মুক্তি পায় ।

   একাদশ স্কন্ধৰ শ্ৰী কৃষ্ণই উদ্ধৱক কৈছে _"জ্ঞানে গতি কৰে বেদ , লয়ো তাৰ পৰিচ্ছেদ, আছে জ্ঞান ভক্তিৰ মাজে।"

    নাৰদ, সনক, সনন্দ, সনাতন সনৎ কুমাৰ আদি ঋষি সকলে জ্ঞানী হৈও ভক্তি পথহে দেখুৱাই গৈছে। এওঁলোক "মুক্তি তো নিস্পৃহ " আছিল ।অৰ্থাৎ তত্ত্ব জ্ঞান লাভ কৰি নিৰাকাৰ, নিগুণ, ব্ৰহ্মক উপলব্ধি কৰিও আকৌ সগুণ ঈশ্বৰৰ ভক্তিকে শ্ৰেষ্ঠ বুলি মানি ছিল । চিত্ত শুদ্ধিৰ একমাত্ৰ উপায় সাধু সঙ্গ আৰু ভক্তি সহকাৰে ঈশ্বৰৰ নাম গুণ কীৰ্ত্তন।

      জ্ঞান যোগ, কৰ্ম যোগ , আৰু ভক্তি যোগ এই তিনিটা পথৰ লক্ষ্য এক ব্ৰহ্ম প্ৰাপ্তি ।কলিত জ্ঞান যোগ আৰু কৰ্ম যোগ পাবৰ কাৰণে কঠিন। সেই কাৰণে কলিত ভক্তি যোগ অৰ্থাৎ ভগৱান ৰ নাম _গুণ কীৰ্ত্তন । মাধৱদেৱে লিখিছে _"হৰিগুণ কীৰ্ত্তন কলিৰ নিজ ধৰ্ম । জানিবাহা সমস্ত শাস্ত্ৰৰ তত্ত্ব মৰ্ম ।"

          শঙ্কৰদেৱৰ প্ৰদৰ্শিত ধৰ্ম ই  সনাতন ধৰ্ম । প্ৰকৃত সনাতন হিন্দু ধৰ্ম মূলতঃ একেশ্বৰবাদ। এই ধৰ্মত জড়োপাসনা নাই। শঙ্কৰদেৱ আৰু মাধৱদেৱে প্ৰচাৰ কৰা ধৰ্মক "একশৰণ" ধৰ্ম বোলা হয়, অৰ্থাৎ পৰমেশ্বৰৰ প্ৰতি নিষ্কাম, একনিষ্ঠ, সুদৃঢ় ভক্তিয়েই এই ধৰ্মৰ মূল কথা। মহাপুৰুষীয়া সম্প্ৰদায়ৰ মাজত অন্য দেৱ_দেৱীৰ পূজা নিষিদ্ধ। "এক দেৱ এক সেৱ এক বিনে নাহি কেৱ ।"অন্য  দেৱ দেৱীৰ পূজা কৰিলে ভক্তি ব্যভিচাৰ হয় ।" ভক্তি কেৱল একনিষ্ঠ অব্যভিচাৰী হ'ব লাগে, নহ'লে ব্ৰহ্ম লাভ নহয়। গীতাত ভগৱানে কৈছে _"মন্ত্ৰ যোগ ব্যভিচাৰ ভক্তি যোগেন সেৱতে। সগুণান সমতীতে তাত ব্ৰহ্ম ভউয়আয় কল্পতে। সৰ্ব ধৰ্মান পৰিত্যজ্য মামেকং শৰণংব্ৰজ ।"

    একনিষ্ঠ ভক্তি সহকাৰে এক চৈতন্য ঈশ্বৰৰ আৰাধনাই ধৰ্মৰ মূল কথা। এই আৰাধনাৰ উপায় পূজা,হোম,যজ্ঞ আদি নহয়,কেৱল ঈশ্বৰৰ নাম গুণ শ্ৰৱণ কীৰ্তন।

      গীতাত কৰ্ম যোগ, জ্ঞান যোগ, ধ্যান যোগ আৰু ভক্তি যোগৰ এক অপূৰ্ব সামঞ্জস্য কৰিছে। গীতাত কৰ্মবাদীক কয়, তোমাৰ সকলোকে কৰ্ম ঈশ্বৰত অৰ্পণ কৰা , ফল কামনা এৰি, কৰ্তৃত্ব  ভাৱ এৰি কৰ্ম কৰা, অৰ্থাৎ কৰ্ম সন্যাসৰ আৱশ্যক নাই, কিন্তু কৰ্ম ফল, সন্যাসৰ সম্পূৰ্ণ আৱশ্যক। ঈশ্বৰ মুখী হৈ কৰ্ম কৰা। গীতাত সা‌ংখ্যবাদীক অনাদি অনন্ত ভগৱানৰ স্বৰূপ জ্ঞানৰ কথা কয়, প্ৰকৃতি কিম্বা পুৰুষ স্বতন্ত্ৰ নহয়। উভয়ে ঈশ্বৰৰ অধীন, ঈশ্বৰ সাধনা নহ'লে কৈৱল্য লাভ নহয়। গীতাই যোগ মাৰ্গৱলম্বীক  ঈশ্বৰত চিত্ত সংযোগেই যোগৰ মূল উদ্দেশ্য বুলি কয়। এই যোগৰ ফল যে নিৰ্বীজ সমাধি বা আত্মা সাক্ষাৎ কাৰ মাএ এনে নহয়, এই যোগৰ ফল ঈশ্বৰৰ সঙ্গ লাভ ।

        মহাপুৰুষ সকলে বুজাইছিল যে ধ্যান ধাৰণা যজ্ঞ পূজা আদি সত্য ত্ৰেতা দ্বাপৰাদি যুগত সাধনাৰ উপযুক্ত ধৰ্ম সাধনাৰ উপায় আছিল। সেই বিলাক বৰ্তমান সময়ত পাপমতি লোকৰ পক্ষে অনুপযুক্ত। শ্ৰৱণ কীৰ্তন সমৰণ দ্বাৰায়ে ব্ৰহ্ম নুভূতি সম্ভৱ হয় । শ্ৰদ্বা ভক্তি সহকাৰে নিত্য শ্ৰৱণ কীৰ্তন সমৰণ দ্বাৰায়ে ব্ৰহ্মানুভূতি সম্ভৱ হয়। শ্ৰদ্ধা ভক্তি সহকাৰে নিত্য শ্ৰৱণ কীৰ্তন সমৰণ কৰিব পাৰিলে হৃদয়ত ঈশ্বৰ প্ৰকাশিত হয়। দেহ, বাক্য,মন ইন্দ্ৰিয়, বুদ্ধি,চিত্ত, নিজ সংস্কাৰ বা স্বভাৱ অনুসাৰে যি যি কৰ্ম কৰা হয় সকলো সেই পৰাৎপৰ পৰমেশ্বৰক সম্পূৰ্ণ কৰা উচিত।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩

                    

              


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages