কাকো নক'বি
নিৰেন কুলি
জীৱনৰ প্ৰত্যাবানক নেওঁচি বাস্তৱ অভিজ্ঞতাৰ উপলব্দিৰ অনুভৱৰ ৰেঙণি তিনি বন্ধুৰ মাজত আলোচনা কৰি আছে নিৰন্তৰে ।বহুদিনৰ পৰা ৰমেন. ৰত্নাসুৰ আৰু ৰনোজৰ এখন ধাবাত মিলিত হৈছে ।অতিপাত গৰমৰ বাবে বিয়েৰয়কে অৰ্ডাৰ কৰিছে লগতে ড্ৰাই ফ্ৰাই ফ্ৰগ আনিব কৈছে । তিনিওঁ বন্ধুৱে আনন্দত আত্মসাৰা হৈ পুৰণি কথাকে পাগুলী আছে ।ৰমেনে কলে তোমাৰ দুয়োজনকে কথাটো কলো কাকো নকবি । মই সোণালীক ছয় মাহৰ মূৰত লগ পালো তাইওঁ মোক লগ কৰিলে ! তহঁত দুয়োজনৰ কথা বাৰে বাৰে মোক কলে যে তহঁতক আমি দুয়ো লগ পোৱাৰ কথাতো নকব কলে । কথাটো তোৰ মোৰ মাজত থাকিব বাকী কাকো নকবি।ৰত্নাসুৰে হাঁহী হাঁহী কলে মোকো কৈছিল । ৰনোজেওঁ মুখত হাঁহী বিৰিঙাই কলে কাকো নকবি এনেকৈ উদ্মাদনাৰ হাঁহীৰে ডাবাৰ চৌহদে ৰজন জনাই তিনি বন্ধুৰ বহুদিনৰ মিলনৰ সাক্ষ্য দিলে । পিছত প্ৰতে্কে গধুলি হলত ঘৰা-ঘৰি হল । ৰত্নাসুৰে গোমটি দোকানত তামোল পাণ খাই গাড়ীখনত ড্ৰাইভাৰৰ চিটত বহিলে ৰনোজেও আগ চিটত বহিলে ! ৰমেনেও বাইকৰ চেল্ফ টিপি ষ্টাৰ্থ কৰি ঘৰমোৱা দিশত তীব্ৰ বেগত গতি কৰিলে !ৰত্নাসুৰেও মুলায়ম গতিত গাড়ী এৰি দিলে ঘৰলৈ বুলি! এনেকৈ তিনি বন্ধুৰ মাজে মাজে ঘুৰণীয়া মেজমেল বহে সুখ-দূখৰ বা-বতৰাত সমভাগি হয় ! তিনিওঁ বন্ধুৱে অবিবাহিত । ৰত্নাসুৰ বি এ উত্তীৰ্ণ হৈ সফল ব্যৱসায়ী । টেট পৰীক্ষা দি সফল হব নোৱাৰিলে । ৰমেনে সোণালীক প্ৰেমৰ প্ৰস্তাৱ দিছে । ৰত্নাসুৰ ঘৰৰ একমাত্ৰ লৰা বি এচ চি উৰ্তীৰ্ণ হৈ জেৰক্স দোকান ডি টি ফি দোকান দি ব্যস্ত হৈ থাকে ।ৰনোজে টেট উত্তীৰ্ণ কৰি ধুবুৰিত নিয়মীয়া এল পি স্কুলত শিক্ষকতা কৰে ।গ্ৰীষ্ম বন্ধৰ বাবে ঘৰলৈ আহিছে ।ঘৰলৈ আহিলে তিনি বন্ধুৰ মিলন ঘটে । কাকো নকবি কথাটো তিনি বন্ধুৰ মাজত বুজিবলৈ আৰু বাকী নাথাকিল। ৰমেনে মনত আঘাত পালে আজিৰ ভাল পোৱা প্ৰেম যে সতীত্ত্ব নাই তাৰে কথা ভাবি ভাবি ঘৰৰ পদুলিমূখত পাই ৰত্নাসুৰক গাড়ী ৰখাবলৈ কয় ঘৰমূৱা হল ।ৰত্নাসুৰেও ঘৰত পায় ভাত এমুটি লৈ বিছনাত বাগৰিল ।ৰমেনৰ সোণালীৰ মুখৰ কাকো নকবি কথাষাৰে বাৰে বাৰে মনত আহি বিষ বিয়পাবলৈ ধৰিলে গোটেই নিশাটো টোপনী নাহিল !পিছদিনাখনৰ পৰা সোণালীৰ ফোন নম্ভৰ বলগ কৰি দিলে।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment