ক’লা-প্ৰীতি
ইলামণি শইকীয়া
আজিকালি প্ৰায়ে মই ক’লা ৰং লগাও
নখত ক’লা, ওঁঠত ক’লা, চকুত ক’লা
ক’লা ক’লা আৰু ক’লা ৷
ক’লা মাৰ্কা কলম এটাৰে এদিন চকুপানীৰ নীলা বৰ্ণবোৰ মচি দিছিলোঁ
যাৰ অস্তিত্ব সেই মুহূৰ্ততে শেষ হৈছিল
প্ৰত্যয় জন্মিছিল তেতিয়াৰ পৰা
ক’লাৰে কেৱল শব্দই নহয়
নিজকো গোপন কৰি ৰাখিব পাৰি
ভ্ৰমৰ পৃথিৱীৰ পৰা ৷
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment