আশাৰ চাকনৈয়াত
ৰাবিয়া বেগম
গুৱাহাটী
আশাৰ উকা কেনভাছত
বহু ৰঙৰ ছবি আঁকিলো
কেতিয়াবা ক'লা ৰঙৰ এচটা ডাৱৰৰ
বহুজাক ধুমুহাৰ সৈতে;
আকৌ কেতিয়াবা বগা ৰঙৰ শুভ্ৰ জোনাকৰ
এমুকুৰা মিঠা হাঁহিৰ সৈতে ।
পাৰ ভঙা কল্পনাৰ ঢৌবোৰৰ মাজত
সপোনৰ পানচৈত উঠি
বিশ্বাসেৰে ভটিয়াই গ'লো মই
বাস্তৱতাৰ পাৰলৈ বুলি;
আশাবোৰে ৰিঙিয়াই মাতে মোক
দৃঢ়তাৰ হাতত ধৰি -----
নিজক ভালপোৱাৰ প্ৰতিশ্ৰুতিৰ
সৌধ গঢ়ি ।
সফলতাৰ জোনাকৰ মাজত
এমুঠি আশাৰ হিমচেঁচা বতাহৰ লগত
সাৰে আছোঁ মই আজি;
জীৱন ঋতুৰ প্ৰতিটো ৰঙক
অনুভৱৰ দলিচাত
এক নতুন ৰূপ দিবলৈ,
প্ৰতিটো উশাহত সাহসেৰে যুঁজি যাবলৈ
সাৰে আছোঁ মই আজি ।
জীৱনক সঁচা ভালপোৱাৰ অৰ্থত
মৰমৰ এজাক বৰষুণৰ হেঁপাহত
জীয়াব বিচাৰো মই;
আশাৰ বুৰবুৰণিবোৰৰ মাজত
হাঁহিৰ জিলমিল জিলিকনিবোৰৰ আঁৰত
জীয়াব বিচাৰোঁ মই,
অনন্ত কালৰ বাবে
জিলিকি ৰ'ব খোজোঁ মই।
No comments:
Post a Comment