এপাহি ৰক্ত গোলাপ
উৰিস্মা নাথ
গৰুখুটি, দৰং
তুমি বিচৰা মৰমৰ
এপাহি ৰক্ত গোলাপ।
কিন্তু মই যে,
গোলাপ হ'ব নোখোজো।
নোখোজো গোলাপৰ
ৰঙা জেউতীৰে
অজ্ঞাতে ৰাখিবলৈ,
বিষাদৰ তেজৰঙা
কাঁইটৰ ইতিহাস।
তাতকৈ ভাল
এপাহ বকুল হৈয়ে ফুলো,
তোমাৰ হৃদয়ৰ কাননত।
নিঃসন্দেহে এদিন
হেৰাই যাব সুবাস,
তথাপি থাকি যাব
তাৰ ভগ্নাৱশেষ
সদায় স্মৃতিৰ এখিলা
পাতৰ ভাঁজত।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment