তোমাৰ প্ৰতিচ্ছবি
লহৰজ্যোতি মৰাণ
নালাগে দিব ৰঙা গোলাপ
শেৱালী সুবাস ভাল পাওঁ মই
নিয়ৰ সনা উমাল শীতত
বিচাৰো কেৱল তোমাৰ কোলাহল পৰশ
উমাল বুকুত অকনমান জীৰাব !
শীতৰ হেমেকা নিয়ৰ সনা পদূলিত
তোমাৰ নামত লিখি ৰাখোঁ আবেগভৰা কবিতা
য'ত ভালপোৱা শব্দৰে মালা গাঁঠিম
তোমাৰ প্ৰতিচ্ছবি ঠিকনা ।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:
Post a Comment