প্ৰেমালাপ
অনুভূতি গায়ন
নগাঁও
কৃষ্ণৰ মূৰৰ বকুলফুল এপাহি
নিয়ৰ পাই মুকলি হওঁতেই
ৰাধাই কানাইক সুধিলে
প্ৰেমৰ প্ৰাপ্তি ক’ত
ৰাধাত
নে
ৰুক্মিণীত
তুমি কথাবোৰ নুবুজা কিয় ৰাধা?
কানায়ে মিচিকয়া হাঁহি এটি মাৰি ক’লে
ময়ো তোমাক সোধো
জোনৰ প্ৰাপ্তি কিহত
পূৰ্ণিমাত
নে
প্ৰতিপদত
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:
Post a Comment