এদিন সকলোবোৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, November 30, 2023

এদিন সকলোবোৰ

 


এদিন সকলোবোৰ


                                পবিত্ৰ বৰগোহাঁই


শিলবোৰো বোলে এটা আয়ুস থাকে

যাক আমি চিৰস্থায়ী বুলি ভাবো

আৰু এদিন শিলবোৰো মৃত্যু হয়

কিন্তু শিলবোৰৰ কোনো অহংকাৰ নাথাকে

শিলৰ নাথাকে কোনো মায়া

অথচ শিলৰ বুকুতে লিখা থাকে

জীৱশ্ৰেষ্ঠ মানুহৰ ইতিহাস

জন্মৰ পিছতে মানুহবোৰ

কিয় বাৰু মায়াত আৱদ্ধ হয়

পৃথিৱীতকৈ মায়াবী নগৰ ক'ত আছে

য'ত মৰি মৰিও জীয়ে নতুবা

আৰু লাগে আৰু লাগে কৈ মৰে ।

এদিন শিলবোৰৰ দৰে সকলোবোৰ

ইতিহাস হয়

ইতিহাস পঢ়িব নজনা মানুহবোৰেই

এদিন ইতিহাসে ঢুকি নোপোৱা হয়।



Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages