বুকুখন তেনেই উকা হ'ল মোৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, November 30, 2023

বুকুখন তেনেই উকা হ'ল মোৰ

 


বুকুখন তেনেই উকা হ'ল মোৰ


বিপ্ৰসেনজিৎ খলাৰ বৰদলৈ


বুকুখন তেনেই উকা হ'ল মোৰ

নিষ্ঠুৰ নিয়তীয়ে নুবুজিলে  

বুকু ভঙা চিঞৰৰ বিষাদৰ সুৰ।


কাৰ বাবে মই উচুপি কান্দিছো

বুজি নাপায় এনে কোনেও

তথাপি আপোন বুলি ভাবিছো।


হেৰাই যোৱাবোৰ হেৰাইয়ে যাব

বুকুৰ আপোনজন  হ'লেও

দুখ কি? হেৰুৱাজনে বুজি পাব।


হঠাতেই হৈ  যোৱা  ঘটনাটোৱে

আজিও মোক আমনি কৰে

আগুচি ধৰে মনৰ ভাৱনাটোৱে।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages