এই পৃথিৱীৰ মানুহ
কাৰ্চাং তাকাৰ
খূউব সেউজীয়াও নহয়
অথবা ডাঠকৈ পৰা চাদৰো নহয়,
জোৰকৈ বতাহ বলিলে মেঘ ফাটি
বৰষুণ দিয়ে ,এই পৃথিৱীয়ে
দুখৰ ৰাতিত উৰুখা পজাঁত বহি
এই পৃথিৱীৰ মানুহে দুখৰো কবিতা লিখে
কাৰ কি মৌন বৰষাত মেঘৰ মেদলতে
জোনাকৰো মেল ভাঙে ।
এই পৃথিৱীত
আমি কোনোবা নাটকৰ মঞ্চত ভাৱৰীয়া ন'হয়
অথবা অমূলুকত বহি কপাহীত চকুৰ ঘাম গমা
ইহঁত ঘোষক, মুখত সোণৰ চামুচ লোৱাৰ কথা কব
এই পৃথিৱীৰ মানুহৰ নাটকৰে দৰ্শক ।
ইহঁত কৰ্তা ,ইহঁতেই ভাৱৰীয়া
এই পৃথিৱীৰ কাৰকো
গা'ত সোণবৰনীয়া সাজ পিন্ধি ৰ'দ হোৱা মানুহ ॥
দেহত নাই এপদ-দুপদ হাড়ঁ
ল'বওঁ শিকা নাই কাণ্ডত ল'ব পৰা পৃথিৱী ভাৰ ।
ইমান কোমল নে ইহঁতৰ অন্তৰ
নৈৰ-কন্দা চায় ?
মাটিৰ চিৰাল পাত চায়?
ইয়াতেই ভাগেনে,সেউজীয়া হিয়া ,
এই পৃথিৱীত !
হিয়া ভঙা হৃদয়ৰ শ্মশান সমুহ এৰি
এই পৃথিৱীৰ মানুহখিনি ক'লৈনো যায় ?
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment