এৰাবাট
নাজবিন চুলতানা
পাটসাঁকো, শিৱসাগৰ
এৰাবাটৰ মাজমজিয়াত বহি
এয়া কিহৰ অপেক্ষা,
এৰাবাটৰ উজুটিত ভঙা মনৰ
টুকুৰাবোৰলে কিহৰ দুখ,
সুখৰ কল্পনাহে মাথোঁ।
হেৰোৱালো এই বাটতে উৰণীয়া মন,
ব্যস্ততাৰ আৱৰণেৰে
মচি পেলাইছো এৰাবাটৰ
বিষাক্ত স্মৃতি।
এই বাট শেৱালীৰ সুবাসেৰে
বিলাসী আছিল,
কিন্তু আজি এই বাটত
ধূৰ্ততাৰ মৰহা দুৰ্গন্ধৰ ৰাগি।
কত উতনুৱা পাহিৰ
মৃত্যু ঘটিছে এই বাটত,
কত সপোনে
বাট হেৰোৱাইছে,
প্ৰেম নামৰ শক্তিক দুৰ্বল কৰাৰ
পৰিকল্পনা এই বাটৰ,
তথাপি
এৰাবাটৰ মাজমজিয়াত বহি
এয়া কিহৰ অপেক্ষা।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment