বৰুৱানীৰ অসুখ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, November 1, 2023

বৰুৱানীৰ অসুখ


 

বৰুৱানীৰ অসুখ


জিতুপন শইকীয়া


    ডায়েবেটিচ ৰোগটো ধৰা পৰাৰে পৰা শইকীয়াই ৰাতিপুৱা আৰু গধূলি অলপ খোজ কঢ়াৰ অভ্যাস  কৰিছে।আজি কেইবাদিনো ধৰি ডাঠ কুঁৱলী পৰি থকা দেখি পুৱা কিছু পলমকৈ খোজ কাঢ়িবলৈ ওলাই যায়।আজি খোজ কাঢ়ি থাকোতে বৰুৱাৰ ঘৰৰ পদূলি মুখতে বৰুৱাক ৰৈ থকা দেখি শইকীয়াই খবৰ ল'লে।বৰুৱা বৰ চিন্তিত।বৰুৱাৰ মানুহজনী গোটেই ৰাতিটো কথা ক'ব পৰা নাই।চকু দুটা নেমেলে।বি বৰুৱা কেন্সাৰ হস্পিতালত দেখুৱাই যোৱাকালি আহিছিলহে।বহুখিনি উন্নত হোৱা বুলি কৈছিল ডাক্তৰে।বৰুৱানীয়েও ৰাতি দহ বজালৈকে হাঁহি মাতি কথা পাতি আছিল।ভাত খাবলৈ মন নোযোৱাত এখন ৰুটি আৰু আধাকাপ চাহ খাইছিল।অৱশ্যে দিনত ব্যস্ত থকাত খোৱা-বোৱা ভালকৈ হোৱা নাছিল।ৰাতি বাৰ বজাৰ পাছৰে পৰা বৰুৱাৰ পত্নী অচেতন হৈ আছে ।তিনিমান বজাত মুখেৰে বগা ৰঙৰ ফেন ওলাই আছিল।উশাহবোৰ চুটি চুটি হৈ আহিছিল।এতিয়ালৈকে তেনেকৈয়ে আছে।শইকীয়াই চিন্তাৰ বিষয় বুলি বৰুৱাক পদূলিত ৰৈ থকাৰ কাৰণ সুধিলে।বৰুৱাই শইকীয়াৰ চকুলৈ চালে আৰু চকুহাল নমাই থোকাথুকি মাতেৰে ক'লে।বৰুৱাই মনে মনে ১০৮ লৈ ফোন কৰিছে।আহি পাবৰে হৈছে।বৰুৱাৰ তিনিজনী ছোৱালীৰ এজনী দিল্লীত বিয়া দিছে।অসমলৈ উৎসৱ-পাৰ্বনত কেতিয়াবা আহে।দুয়ো কোম্পানী এটাৰ শীৰ্ষ বিষয়া।মাজু ছোৱালীজনী বিয়াৰ পাছতে দুৰ্ঘটনা এটাত ঢুকাল।অহা যোৱা সেইটো পৰিয়ালৰ পৰা প্ৰায় নায়েই বুলিব পাৰি।শইকীয়াই ঘৰৰ ভিতৰত কোনোবাই কথা পতা শুনিলে।মহিলা এগৰাকীৰ হাঁহিও শুনিবলৈ পালে।শইকীয়াই ঘৰত কোনোবা মানুহ আছে নেকি সুধিলে।বৰুৱাই সৰুজনী ছোৱালী আৰু জোঁৱায়েকক ৰাতি কেইবাবাৰো ফোন কৰি মাতি পঠিওৱাত পুৱাৰ ভাগত আহি ওলোৱাৰ কথা ক'লে।শইকীয়াই বগা ৰঙৰ দামী গাড়ী এখন গছ এডালৰ তলত ৰাখি থোৱা দেখিলে ।জোঁৱায়েক গড়কাপ্তানী বিভাগৰ ডাঙৰ বিষয়া।মাজে মাজে আহি থাকে।বেছি দূৰৰ নহয়।মাজত তিনিটা চুবুৰী।বৰুৱাৰ নাতি দুটা।ৰাতি টোপনিৰ পৰা জগাবলৈ বেয়া লগাত হেনো ৰাতিপুৱা সোনকালে ওলাইছেহি।পিছে ভিতৰত কাৰ লগত কথা পাতিছে।এই বিপদৰ সময়ত হাঁহিলেই বা কিয়।শইকীয়াৰ জানিবৰ মন গ'ল।ইতিমধ্যে এম্বুলেন্সখন তীব্ৰ বেগত আহি পদূলিমুখত ৰ'লেহি।বৰুৱাই আগ্ৰহেৰে তেওঁলোকক বাট দেখুৱাই দিয়াৰ লগতে শইকীয়াকো অলপ ধৰি সহায় কৰি দিবৰ বাবে অনুৰোধ কৰিলে।শইকীয়াই বিলম্ব নকৰি ভিতৰলৈ সোমাই গ'ল।জোঁৱায়েক বাথৰুমৰ পৰা ওলাই আহি শইকীয়াক দেখি মাত লগালে।স্বাস্থ্যকৰ্মী দুজনলৈ এপলক চালে চিনি নাপালে।জোৱায়েকে শইকীয়াক পুৱা বাহিৰলৈ ন'গলে আৰু গাটো নুধুলে অশান্তি লগাৰ কথা ক'লে।শইকীয়াই বৰুৱানীৰ কোঠাত সোমোৱাৰ আগতে জীয়েকৰ সৈতে দুগৰাকী মহিলাক কথা পাতি থকা দেখিলে।স্বাস্থ্যকৰ্মী দুজন বৰুৱাৰ সৈতে কোঠাটোলৈ সোমাই যোৱাত মহিলা কেইগৰাকী ওলাই আহিল।পিছে পিছে জীয়েকে কৈ আহিল।জোৱায়েকে হেনো গুৱাহাটীত বহু কষ্টৰ মূৰত মাটি অলপ পাইছে।দামটো বহুত।তথাপিও কিনিলে।মাকৰ খবৰটো ওলালে ঘৰ মাটিখিনি বিক্ৰী কৰিলেহে গুৱাহাটীত ঘৰটো বনাব পাৰিব।দেউতাককো তালৈকে লৈ যাব।জোৱায়েকে বৰুৱানীৰ লগত হেনো বহুত খৰছ কৰিছে।জীয়েকে বহু ভাগ্যৰ বলতহে হেনো এনে জোঁৱাই পাইছে।দিল্লীৰ বায়েকে হেনো খবৰকে নলয়।মানুহ দুগৰাকীয়ে জীয়েকৰ কথাত বৰকৈ শলাগিলে।এম্বুলেন্সখন কোনে মাতিলে নজনাৰ বাবে সৰৱ হৈ উঠিল।শইকীয়াই ততাতৈয়াকৈ কোঠাটোলৈ সোমাই গ'ল।জৰুৰীকালীন স্বাস্থ্যকৰ্মীজনে প্ৰাথমিক পৰীক্ষা কৰি ৰোগীৰ স্বাস্থ্যৰ অৱস্থা বেয়া বুলি ক'বলৈ লওঁতেই মহিলা দুগৰাকীৰ আগত জীয়েকে বেছি সময় নাই অলপ ৰখি দিবলৈ ক'লে।বৰুৱাই স্বাস্থ্যকৰ্মী জনলৈ কৰুণভাৱে চালে।স্বাস্থ্যকৰ্মীজনে ক'লে যে বেয়া অৱস্থাতহে আছে তাৎক্ষণিক চিকিৎসাৰ প্ৰয়োজন।তেজত শৰ্কৰাৰ পৰিমাণ কমি গৈছে।যিহেতু ৰোগীয়ে ভালদৰে আহাৰ গ্ৰহণ কৰা নাছিল।ৰক্তচাপ ঠিকেই আছে।পলম হৈছে যদিও চেতনা ঘূৰি অহাৰ সম্ভাৱনা আছে।বৰুৱাই আশাৰে বৰুৱানীৰ মুৰটো পিটিকি দিলে।শইকীয়াইও বৰুৱাক ধৈৰ্য্য ধৰিবলৈ কৈ ভৰিৰ তলুৱা দুখন মোহাৰি দিলে।বৰুৱানীৰ চকুৰ কোনেৰে দুটোপাল চকুলো বিৰিঙি আছে।ইতিমধ্যে স্বাস্থ্যকৰ্মী জনে একেৰাহে দুটা সৰু সৰু বটলৰ চেলাইন দিলে আৰু ভিতৰলৈ সৰু অক্সিজেনৰ ছিলিণ্ডাৰটো আনি অক্সিজেন লগাই দিলে।ততাতৈয়াকৈ হস্পিতাললৈ নিবলৈ সাজু হবলৈও ক'লে।দ্বিতীয় বটলটো শেষ হ'বলৈ অলপ থাকোতেই বৰুৱানীয়ে চকু মেলিলে আৰু হাত ভৰিবোৰ আচাৰিবলৈ ধৰিলে।বৰুৱাই জোৰকৈ হাত দুখন ধৰাত কিবা ক'বলৈ খুজিলে।অক্সিজেনৰ মাত্ৰা পৰীক্ষা কৰি স্বাস্থ্যকৰ্মী জনে মুখাখন খুলি দিয়াত বৰুৱানীয়ে হাত দুখন এৰি দিবলৈ ক'লে।চেতনা ঘূৰি অহাত বৰুৱাই ঘৰখনত দৌৰা-দৌৰি লগালে।বেগত বৰুৱানীৰ চচমাজোৰ, নাৰিকল তেলৰ সৰু বটলটো,সেন্দুৰৰ টেমাটো,চাদৰ-পেটিকোট ইত্যাদি যি পাৰে ভৰাই ল'লে।বৰুৱাৰ কাৰো কথা শুনিবলৈ সময় নাই।বেগটো বৰুৱাই শইকীয়াক ধৰিবলৈ কৈ আলমিৰাটো খুলিলে।বৰুৱাই গহনাৰ বেগটো উলিয়ালে আৰু শইকীয়াৰ পৰা বেগটো লৈ কিছু কাগজ পাতি থকা ফাইল এটা শইকীয়াক ঘূৰি ন'হালৈকে ৰাখি থবলৈ ক'লে।শইকীয়াই বুজি পোৱাৰ আগতেই সকলোবোৰ যেন আচম্বিতে হৈ গৈছিল।শইকীয়াই ফাইলটো লৈ ওলাই আহিছিল।স্বাস্থ্যকৰ্মী দুজনৰ সৈতে বৰুৱাই ইতিমধ্যে হস্পিতাললৈ ৰাওনা হবলৈ সাজু হৈছে।বিৰক্তিৰে জোৱাইয়েকে নিজৰ গাড়ীখন উলিয়াব গৈছে।হয়তো হস্পিতাল যাব।বৰুৱাৰ ওচৰ পাওঁতে বৰুৱাই শইকীয়াক কি ক'ব ভাবি নাপালে।দুয়ো হাতত ধৰি নিৰ্বাক হৈ থাকিল।বৰুৱানীয়ে লাহে লাহে কৈ আছিল।বৰুৱানীয়ে হেনো মৰিব বুলি ভাবিছিল।জী উঠিবলৈ বৰ চেষ্টা কৰিছিল।কথা কবলৈ আৰু হাত ভৰিবোৰ লৰচৰ কৰিব নোৱাৰা হৈ আহিছিল।কিন্তু কথাবোৰ কাণেৰে শুনিব পাৰিছিল।জীয়েকে হেনো পিন্ধি অহা শাৰীখন বহুত দামী আছিল।জোৱায়েকে লৈ দিছিল।পুৱাই পিন্ধিবলৈ মন নাছিল।পিছে ইমান দামী গাড়ীখনত উঠি নিপিন্ধাকৈনো কেনেকৈ আহে।লগত থকা মহিলা দুগৰাকীয়েও হেনো কিবা কিবি কৈ আছিল।বৰুৱানীৰ হেনো গাটো বিচনাত বেঁকা হৈ আছিল।চিধা কৈ শুৱাই দিবলৈ ইমান ক'ব খুজিছিল ।কোনেও শুনা নাছিল।বৰুৱাই লাহেকৈ বৰুৱানীৰ হাত দুখন হাতত লৈ বৰুৱানীক কথা কৈ থাকিবলৈ মানা কৰিছিল।বৰুৱাই আহোঁ বুলি শইকীয়ালৈ চাই মাত লগালে।এম্বুলেন্সখন চাইৰেন বজাই গুচি গৈছিল।শইকীয়াই চোলাৰ ভিতৰত সযতনে ফাইলটো লৈ গেইটখন জপাই বৰুৱাৰ ঘৰৰ বাৰাণ্ডালৈ চাইছিল।ইমানপৰে অনৰ্গল কথা কৈ থকা জীয়েক আৰু মহিলা দুগৰাকী মনে মনে বহি আছিল।জোৱাইয়েকে গাড়ীখন ৰাখি ভিতৰলৈ আকৌ সোমাই গ'ল।হয়তো কিবা আকৌ পাহৰিলে।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages