আশা
মণিকা গগৈ
তিনিচুকীয়া, বৰগুৰি
বেলি লহিয়াবলৈ লোৱাৰ লগে লগে চৌধুৰীৰ উদ্বিগ্নতা বাঢ়ি যাবলৈ ধৰিলে। আগফালৰ বাৰান্দাৰ চকীখনত বহি ৰাস্তাটোলৈ দৃষ্টি নিক্ষেপ কৰি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে পুত্ৰ ৰাহুললৈ। ওলাই গ'লে সোনকালে ঘূৰি অহা ল'ৰাটো ৰাতিপুৱাই ঘৰৰ পৰা ওলাই গৈ সন্ধ্যালৈকে উভতি নহা দেখি মাক দেউতাকৰ চিন্তা হ'বলৈ ধৰিলে। ৰাহুলক বিচাৰিবলৈ মানুহ পঠালে। লগৰবোৰৰ লগত নথকা দেখি আৰু বেছি চিন্তিত হ'ল মাক দেউতাক। চৌদিশে বিচাৰি এজনে ৰাহুলক এখন ঘন অৰণ্যত প্ৰাণহীন দেহাটো নিঠৰ হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰিলে। ঘৰত খবৰটো জনোৱাত হুৱাদুৱা লাগিল আৰু ঘৰলৈ অনাৰ ব্যৱস্থা কৰিলে। মাক দেউতাক ম্ৰিয়মাণ হৈ শোকত ভাগি পৰিল যদিও পুত্ৰৰ আদ্যশ্ৰাদ্ধ সুচাৰুৰূপে সমাপ্ত কৰিলে।
বায়েক অনামিকাই ভায়েকক হেৰুৱাই মানসিক অন্তৰ্দ্বন্দত ভুগি অসুখীয়া হৈ পৰিল। তাইৰ চিকিৎসা চলি থাকিল আৰু ডাক্তৰে ব্ৰেইন টিউমাৰ হৈছে বুলি জানিবলৈ দিলে। ঘৰখনত দুখে কুলাই-পাচিয়ে নধৰা হ'ল। চেন্নাইত দুবাৰ কৈ নি চিকিৎসা কৰালে। সুস্থ হোৱাৰ পিচত তৃতীয়বাৰ চেক আপ কৰিবলৈ লৈ গ'ল। ক্ৰমান্বয়ে তাই সুস্থ হৈ উঠিল। সময় যোৱাৰ লগে লগে তাই নিজেই ঠিক কৰা ল'ৰা সমীৰে বিয়া কৰাবলৈ আগবাঢ়ি আহিল। বিয়াৰ পিচত ডাক্তৰে সমস্যা হ'ব পাৰে বুলি কৈছিল যদিও সমীৰ কোনোপধ্যেই একমত নহ'ল আৰু বিয়াখন খুউৱ ভালদৰেই হৈ গ'ল। দিনবোৰ সুন্দৰকৈ অতিবাহিত হ'বলৈ ধৰিলে। অনামিকা এটা ল'ৰা সন্তানৰ মাতৃ হ'ল। তাইৰ সুখবোৰ আনন্দৰ অশ্ৰুধাৰালৈ সলনি হৈ পৰে। হঠাৎ এদিন তাই মূৰ ঘূৰাই পৰি গ'ল। চিকিৎসা কৰি জানিব পাৰিলে যে অনামিকাৰ আগৰ অসুখটো আকৌ উক দিছে। অসুখৰ কাৰণে তাই কেঁচুৱাটোক মাকৰ মৰমৰ পৰা বঞ্চিত কৰিব লগা হ'ল। তাইৰ মাকেই কেঁচুৱাটোৰ লালন পালনৰ সকলো দায়িত্ব লব লগা হ'ল। দুখবোৰ সুখৰ আকৰলৈ পৰিবৰ্তন হৈ বেছি দিন নাথাকিল। অনামিকাৰ পুনৰ চিকিৎসা চলি থাকিল। কিন্তু দিনক দিনে তাইৰ স্বাস্থ্য অৱনতি হ'বলৈ ধৰিলে। খোৱা-বোৱা কৰিবলৈ একেবাৰে ইচ্ছা নকৰা হ'ল। এদিন সমীৰ কামত ওলাই গৈ বহুত সময় ঘৰৰ বাহিৰত আছিল। তাই বাৰে বাৰে সমীৰক বিচাৰিছিল। ঘৰলৈ অহাৰ পিচত সমীৰৰ কোলাতেই তাই সকলোকে কন্দুৱাই চিৰদিনৰ কাৰণে শুই পৰিল।
কেঁচুৱা প্ৰীতম অনামিকাৰ মাক দেউতাকৰ কোলাতেই ডাঙৰ হৈ আহিবলৈ ধৰিলে। আইতাকক মা আৰু ককাকক দেউতা বুলি মাতিবলৈ ললে। দেউতাক সমীৰ মাজে মাজে নিজৰ ঘৰৰ পৰা পুত্ৰৰ ওচৰলৈ আহি থাকে। সমীৰো মধুমেহ ৰোগত আক্ৰান্ত। চিকিৎসা লৈ আছে যদিও মাজে সময়ে মেডিকেলত ভৰ্তি হ'ব লগা হয়। তেনে অৱস্থাতো পুত্ৰৰ ওচৰলৈ নহাকৈ থাকিব নোৱাৰে। অসুস্থ সমীৰ এদিন হঠাতে অসুখ বেছি হৈ পুত্ৰ প্ৰীতমক নিঠৰুৱা কৰি ইহ সংসাৰৰ পৰা বিদায় ললে। সি ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতেই দেউতাকক হেৰুৱাব লগা হ'ল। প্ৰীতমৰ দুখবোৰ সুখেৰে ভৰাই দিবলৈ আইতাক আৰু ককাকে যৎপৰোনাস্তি চেষ্টা কৰিলে।
প্ৰীতম ডাঙৰ হৈ অহাৰ লগে লগে কথাবোৰ ভালদৰেই বুজি পোৱা হৈছে। ককাকে বাহিৰলৈ গ'লে তাক লগত লৈ যায়। ককাকৰ লগত থাকি সকলো ক্ষেত্ৰতেই সি পাৰ্গত হৈ উঠিছে। নিজৰ কামবোৰ নিজেই কৰিবলৈ শিকিলে। এনেদৰেই মাহৰ পিচত বছৰ বাগৰি দিনবোৰ অতিক্ৰম হ'বলৈ ধৰিলে। ককাকৰ বিশেষ অসুখ নাছিল যদিও অকস্মাত এদিন গা বেয়া হোৱাত মেডিকেলত ভৰ্তি হ'ব লগা হ'ল। বহুত দিন চিকিৎসাৰ অন্তত ঘৰলৈ আহিল। কিছুদিন যোৱাৰ পিচত তেওঁ আকৌ অসুস্থ হৈ পৰিল আৰু বিচনাখনেই সঙ্গী হৈ পৰিল। দুমাহ বিচনাত থাকি এদিন বেছিকৈ অসুস্থ হৈ প্ৰীতম আৰু আইতাকক একেবাৰেই অকলশৰীয়া কৰি গুছি গ'ল। আইতাকে দু:খময় জীৱনত নাতিয়েক প্ৰীতমক বুকুত সাবটি চিৰপ্ৰৱাহমান সময়ৰ লগত তাল মিলাই দিনবোৰ অতিবাহিত কৰিবলৈ ধৰিলে। লাহে লাহে প্ৰীতম ডাঙৰ হৈ আহিল। আইতাকক সি সৰ্বতোপ্ৰকাৰে সহায় কৰিবলৈ চেষ্টা কৰিলে। আইতাকে ভৰিত আঘাত পাই এমাহ বিচনাত পৰি থাকোতে সি শুশ্ৰূষা কৰি নিজৰ কামবোৰ নিয়াৰিকৈ কৰি যোৱাৰ লগতে সময়মতে পঢ়াশুনাতো ধ্যান দিলে। মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আইতাকক সুখী কৰিলে। এখন ভাল স্কুলত হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে এডমিশ্যন ললে।
আইতাকে প্ৰীতমৰ ভৱিষ্যতক লৈয়েই ব্যস্ত হৈ পৰিল। তেওঁৰ জীৱিত কালতেই তাৰ ভৱিষ্যতৰ সোণালী সপোনবোৰ জিলিকি উঠা আশাৰে অহো-পুৰুষাৰ্থ কৰি গতিশীল সময়ৰ সোঁতত আগবাঢ়ি যাবলৈ ধৰিলে।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment