ভ্ৰম
শতাব্দী শৰ্মা
নগাঁও
কৌশল্য বহুদিন ঘৰলৈ অহা নাই। চাকৰি অসমৰ বাহিৰত। ঘনাই আহিব নোৱাৰে৷ এইয়া তিনিমাহৰ মূৰত সি ঘৰলৈ অহাৰ কথা ভাবিছে। ঘৰত বিয়াৰ কথাও কৈ থাকে। সিহে মন নকৰাৰ নিচিনা। বায়েক থাকোঁতে সি কেনেকৈ আগবাঢ়ে! চিঠিৰ জৰিয়তে খবৰ খাতি লৈ থাকে যদিও ব্যস্ততাৰ বাবে সি খুব চিঠি দিয়াটোও নহয়। কিছুদিন হ'ল সি চিঠি দিয়া নাই ঘৰলৈ। ঘৰত চাৰপ্ৰাইজ দিব বুলি ওলাইছে। সি ঘৰলৈ যাওঁতে কোনোমতে ট্রেইন এখন পালে যেনিবা। আগৰ দিনত গাড়ী মটৰ সকলো সময়তে চলা নাছিল। সেয়ে অলপ দিগদাৰ। ট্ৰেইনত আহি সি অলপ দেৰিকৈ ঘৰ পালেহি। যেনিবা পূৰ্ণিমাৰ পোহৰত সি বেছি চিন্তা কৰিবলগীয়া হোৱা নাই। সিহঁতৰ ঘৰ পোৱাৰ আগে আগে এজোপা আহঁত গছ আছে। হঠাৎ গছজোপা পাৰ হওঁতেই সি মাত এটা শুনি উচপ খাই উঠিল।সি পিছলৈ ঘূৰি চাই দেখে সেইজনী তাৰ বায়েক পূর্ণিমা। পূৰ্ণিমাৰ জোনৰ পোহৰত পূৰ্ণিমাৰ মুখখন বাৰুকৈ জিলিকি উঠিছে। সি ক'লে," বা .. তই ইয়াত কি মানে কেনেকৈ? " পূর্ণিমাই হাঁহি মাৰি ক'লে," মোৰ আদৰৰ ভাইটিটো আহিব আৰু মই গম নাপাম নেকি ! তই অকণক খবৰ দিছ' কিন্তু মা দেউতাক একো কোৱা নাই।
সি সেমেনা - সেমেনিকৈ উত্তৰ দিলে, '
তহঁতক হঠাৎ আহি আচৰিত কৰি দিও বুলিহে
ভাবিছিলো! একো নক'লো সেয়ে !
বায়েকে মিচিকিয়াই দিলে। সি তভক মাৰিলে, ভাবিলে মনতে! অকণক পিছত দেখা যাব ! সি বায়েকক ঘৰৰ খবৰ সুধিলে। বায়েকৰ খবৰ ল'লে। ৰাস্তাত ৰৈ ৰৈ ইমান কথা পাতি থকাতকৈ বায়েক পূর্ণিমাই তাক ঘৰলৈ যোৱাৰ কথা ক'লে। সিও ভাবিলে কথাটো হয়েই। দুয়ো ঘৰৰ ফালে আগবাঢ়িল।কৌশল্যই বায়েকৰ মুখলৈ চালে, কিমান হেঁপাহ! ভায়েকক সৰুৰে পৰা খুব ভাল পায় সি। মাক - দেউতাকৰ কথা নুশুনে যদিও কেতিয়াবা, বায়েকৰ ৰঙা চকুকেইটা দেখিলে সি বহুত কাম নকৰাকৈ থাকে। ঘৰ পাই কৌশল্যই হাত - ভৰি ধুলে। কাপোৰ সলাই বাহিৰত বহিলে। বায়েকে দুই চাৰিটা কথা পাতি চাহ খোৱাৰ কথা ক'লে। মাক - দেউতাক ঘৰত নাই ওচৰৰ মানুহ এঘৰৰ পূজালৈ গৈছে। চাহ আৰু লাৰু পিঠাৰ প্লেটখন দেখি তাৰ বহুসময়ৰ পৰা লাগি থকা ভোকটো উজাই আহিল। ভালকৈ খাই মেলি সি ভাত হোৱালৈকে বহুত সময় আছে বুলি গমি পিটি বিছনাত পৰি দিলে আৰু তাৰ টোপনি আহিল। কেইঘণ্টামানৰ পিছত "বোপাই, তই! কেতিয়া আহিলি? ... বুলি মাকে হেচুকি দিওঁতে সি সাৰ পালে ..
সি উঠিয়েই মাকক সেৱা কৰিলে, দেউতাককো ! ঘৰত সি সোমাল কেনেকৈ বুলি মাকে সোধাত সি সকলো ভাঙি - পাতি ক'লে। অলপ আগলৈকে বায়েকেই তাৰ লগত কথা পাতি আছিল। জানো এতিয়া ক'ত গ'ল বুলি সি ইফালে সিফালে চাওঁতেই দেউতাকে "পেণ্টৰ পকেটৰ পৰা ৰুমালখন উলিয়াই চকুলো মচিলে। মাকে তাক হাতত ধৰি টানি আনি সন্মুখৰ ৰুমটোৰ ফটোখনলৈ আঙুলিয়াই দিলে। সি উচপ খাই গ'ল, মালা আঁৰি থোৱা ফটোখনত সেইজনী দেখোন তাৰ বায়েক পূর্ণিমা! তাইৰ মাজতে পথ দূৰ্ঘটনাত মৃত্যু হ'ল হেনো!বগা চুৰিদাৰযোৰ, দীঘল চুলিকোচা... উফ্ সি আৰু ভাবিব নোৱাৰিলে, ঘটনাৰ আঁত নাপাই সি বাহিৰলৈ চাই পঠিয়ালে, পূৰ্ণিমাৰ ফটফটীয়া পোহৰত বাহিৰখন বৰ সুন্দৰকৈ জিলিকিছে, চকুত ভাঁহি আছে এখন ছবি আৰু দুটামান কথা... মোৰ মৰমৰ ভাইটিটো আহিব...... ভ্ৰম নে!
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment