সপোনৰ পৰা সাৰ পাই
হিমাংশু শইকীয়া
সপোনৰ পৰা সাৰ পায়ে দুটা শালিকা দেখিছোঁ
বহি আছে সিহঁত মোৰ নীৰৱতাৰ চহৰত
শালিকাৰ ক্ৰন্দনত পাহাৰবোৰ কপি উঠিছে
বুকু ভেদি বৈ আহিছে নিজৰা।
এখন কল্লোলিত নৈ বৈ গৈ লগ হৈছে শান্ত সাগৰত
মই দেখিছোঁ এজাক ক'লা পৰুৱা
যি বলুকাত উতি অহা টোপনিবোৰ কুটি কুটি খাইছে।
মোৰ নীৰৱতাৰ চহৰত
দেখিছোঁ এজনী কেতেকীক আত্মহত্যা কৰা
এগৰাকী নাৰীৰ মৌন চকুহালত স্মৃতিৰ কোলাহল
কিদৰে তেওঁ কপি উঠিছে আশাৰ জাৰত।
ইমান দিনে নীৰৱ হৈ থকা চিঠি এখনক
হুমুনিয়াহ কঢ়া শুনিছোঁ
অলিখিত কবিতা এটাক উৰি আহি
মোৰ কাষতে বহি থকা দেখিছোঁ।
ফুলবোৰে সপোন এটাক ধৰি বান্ধি শুৱাই থৈছে
পখিলা এজনীয়ে তেজবোৰ গাত সাঁনিছে
এজাক চৰাই বেলিৰ চহৰলৈ যাত্ৰা কৰিছে
সপোন এটাৰ এইদৰে মৃত্যু হৈছে।
নীৰৱতাৰ কম্বল আৰি মই আকৌ শুই পৰিছো
এইবাৰ হালধীয়া সপোন এটাক গাৰুত লৈ লৈছো
মই টোপনি গৈছোঁ, মই টোপনি গৈছোঁ।
No comments:
Post a Comment