সময় অসময়
নবীন চন্দ্ৰ মেধি
গোলাঘাট
বন্ধুৰ কন্যা পুষ্পিতা হ'ল । বন্ধুজনেও মনৰ আনন্দতে খবৰ দিলে । পিছদিনাখন পুৱাই পৰিবাৰক লগত লৈ ওলালো বন্ধুৰ ঘৰলৈ । হাতত দোকানৰ পৰা লোৱা মিঠাই আৰু আপেলৰ এটি টোপোলা । শৈশৱৰে পৰা একেলগে পঢ়া-শুনা কৰা দুয়ো সহপাঠী বন্ধু । একেলগে দুয়ো গুৰুৰ ওচৰত শৰণ ভাগিও লৈছিলো । পিছলৈ বিয়াত ছাটি ধৰা সখি । নিজৰ কন্যাসম জী জনীৰ বিয়া । মনতে স্ফুৰ্টি অলপমানো লাগিছিল । বন্ধুজনৰ ঘৰ গৈ পালো । মই বাহিৰতে বহিলো যদিও পৰিবাৰ ৰৈ নাথাকি একেবাৰে ভিতৰ পালেগৈ । নিজৰ কন্যাসম জী জনীৰ বিয়া যেতিয়া পায় কোনে ? দুয়ো গৰাকী বান্ধৱী ভিতৰত বহি হাঁহি তামাচাৰে কথাৰ মহলা মাৰিবলৈ ধৰিলে ।
ইফালে বাহিৰত মই তাৱৈৰ সতে বহি কথা পাতিবলৈ ধৰিলো । বুজিছ নবীন , বিয়াখনহে তুলিব নোৱাৰিম কিজানি । মোৰ অসুখ হৈ আছে । এই সপ্তাহতে গল্ড ব্লাডাৰ অপাৰেশ্যনৰ বাবে ডিমাপুৰলৈ যাব লাগিব যেন পাওঁ । অৱস্থা দিনক দিনে বেছি বেয়ালৈ ঢাল খাইছে ।
কথাষাৰ শুনি মই শোকস্তব্ধ হৈ পৰিছিলো ।
দুদিন পাছত আমি আকৌ বন্ধুৰ ঘৰলৈ গ'লো । ছোৱালীজনীৰ চাৰিদিনীয়া ব্ৰত ভাঙিছে । গা পা ধোৱাইছে । নীতি নিয়ম পালন কৰিছে । আজি বন্ধুজনে নিজেই ক'লে -
বহুত বেছি আশা কৰা । এজনীয়ে ছোৱালী । ভালদৰে তুলনী বিয়াখনকে পাতিম । কিন্তু এতিয়া বিয়াখন তুলিবলৈকে অসুবিধা হ'ব । বাবাক অপাৰেশ্যন কৰিবলৈ পৰহীলৈ নিব লাগিব । অপাৰেশ্যন কৰি আনি তিনি চাৰিদিনৰ পাছতে ধুমধামেৰে বিয়াখন পাতিবলৈ গ'লে বৰ ভাল নহ'ব । গতিকে সামান্য ভাৱে নীতি নিয়ম খিনি পালন কৰি থব লাগিব ।
গ'ল কথা গুছিল । পিছৰ সপ্তাহৰ কথা । ৰাতি দহ বজাত ফোন কৰি বন্ধু জনে ক'লে - কাইলৈ মোৰ গল্ড ব্লাডাৰ অপাৰেশ্যনৰ হ'ব । আপুনি কাইলৈ পুৱা সোনকালেই আহিব লাগিব । মোৰ লগত যাৰ লাগিব । লগতে বাবাকো গুৱাহাটীৰ জি এন আৰ চি লৈ নিব ।
কি শুনিলো এয়া ? একেসময়তে তিনিটাকৈ ধুমুহা । তাৱৈৰ অসুখ , বন্ধুৰ অসুখ , তাতে আকৌ বিয়া ? এটাৰ পিছত আনটো সমস্যা নাহিব একেলগে তিনিটাকৈ সমস্যা যদি আহে মানুহৰ মন মগজু ঠিকেই থাকিবনে ?
বন্ধুজনৰ গল্ড ব্লাডাৰ অপাৰেশ্যনৰ সুকলমে হৈ গ'ল । একেৰাহে তিনিদিন নাৰ্চিংহোমত কটাই অৱশেষত ঘৰলৈ আনি থৈহে নিজৰ ঘৰলৈ উভতি আহিছিলো । কিন্তু তাৱৈৰ বেয়া খবৰটোৱেহে মনত দুখ দিলে । গাঁৱলীয়া দৰৱ খোৱাৰ ফলত পেটতে গল্ড ব্লাডাৰ পকি ফাটি গৈছিল যাৰ বাবে পেটত ঘা হৈছিল আৰু ডাক্তৰে অপাৰেশ্যন কৰিলেও কামত নাহিব বুলি কৈ উভতাই পঠিয়াইছিল ।
গুৱাহাটীৰ পৰা ঘুৰি অহাৰ পিছদিনাখনেই ছোৱালীজনীৰ পোন্ধৰ দিনীয়া ব্ৰত ভাঙিছিল । সামান্য ভাৱে কামখিনি সম্পূৰ্ণ কৰিছিল । ইমান দুখৰ পৰিৱেশত বিয়া পাতিব নোৱাৰি ।
জি এন আৰ চি আৰু জিএমচিৰ পৰা অনাৰ এসপ্তাহৰ পিছত দুখ কষ্ট চাই থাকিব নোৱাৰি যোৰহাট মেডিকেল কলেজলৈ লৈ গৈছিল যদিও দুদিন পাছত ঘৰলৈ উভতাই আনিব লগা হৈছিল ।
তাৱৈৰ অসুখৰ বাতৰি লৈ আছিলো । ঘৰৰ সকলো মানুহে আহি শেষ বাৰৰ বাবে দেখা কৰি আশীৰ্বাদ লৈ গৈছিল । জীয়েক জোঁৱায়েকহঁতে যত্ন লোৱাত ক্ৰুটি কৰা নাছিল ।
১৭ জানুৱাৰী শিল্পী দিৱস । সিদিনা দুপৰীয়া সময়তো তাৱৈৰ খবৰ ল'বলৈ গৈছিলো । চোতালতে চকী এখনৰ বহি আছিল তাৱৈ । ভৰি দুখন ফুলিছিল , বমিও হৈছিল । ডিঙিত কিবা এটা যেন লাগি ধৰিছিল । বৰকৈ হিকতিয়াইছিল । দুঘণ্টামান থাকি তাৱৈক মাত লগাই ঘৰলৈ উভতি আহিছিলো । ৰাতিলৈ গীতা পাঠ কৰাইছিল ।
ঠিক ৰাতি চাৰে আঠবজাত আহিছিল সেই খবৰটো । তাৱৈয়ে আমাক এৰি থৈ গ'ল অ হৰিভকত । ভৱা নাছিলোঁ তাৱৈৰ লগত সেই দেখাই যে শেষ দেখা হ'ব। সেই ৰাতিয়েই তাৱৈৰ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ মই ঢাপলি মেলিছিলো ।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment