আপদ
পবিত্ৰ বৰগোহাঁই
দুবেলা দুমুঠি পেটৰ ভাতৰ কাৰণে আনৰ ওচৰত হাত পতা ভিক্ষাৰীটোৱে ভাবিলে আজি কোনোবা ধনী মানুহ এঘৰলৈকে যাওঁ হয়তু দুদিনমানৰ বাবে আনৰ ওচৰত হাত নাপাতিলেও হ'ব । এইবুলি সি যাওঁ-নাযাওঁকৈ এঘৰ ধনী মানুহৰ গেটৰ মুখত থিয় হ'ল ।এটা মস্ত ডাঙৰ কুকুৰ ঘৰৰ দৰ্জাৰ সন্মুখত ৰৈ থকা এখন মাৰুতী গাড়ীৰ পৰা নামি তাৰ ফাললৈ খেদা মাৰি আহিল । ভিক্ষাৰীটো প্ৰাণৰ ভয়ত ভয়ত খৰখেদাকৈ পলাই আহিল ।তাৰ কাণৰ পৰ্দাত গৃহস্থনীৰ এটাই স্বৰ ভাঁহি আহিল অন্ততঃ এলচিচিয়ানটোৰ ভয়ত বাটৰ ভিক্ষাৰীবোৰৰ পৰা আপদ গুচিল ।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment