এজাক অনাকাংক্ষিত বৰষুণ
নয়নজ্যোতি পাংগিং
“উঠ, উঠ, উঠ...বেগতে গাড়ীত উঠ। ড্রাইভাৰে কাহিলীপুৱাৰে পৰা ভোৰভোৰাই আছে।” পাপুৱে স্মৃতা আৰু গায়ত্ৰীক উদ্দেশ্যি কথাষাৰ কৈয়ে সি নিজেও বাছখনৰ এটা ছিটত বহি পৰিল। গাড়ীখনে যাত্ৰা আৰম্ভ কৰিবৰ কাৰণে ড্রাইডাৰে ষ্টাৰ্ট দিলে। গাইড ৰঞ্জন ছাৰে সকলো ছাত্র-ছাত্রী বাছত উঠা হ’লনে নাই, পুনৰ এবাৰ পৰীক্ষা কৰি চালে। বাছখনে এটা নির্দিষ্ট গতিত যাত্রা আৰম্ভ কৰিলে।
দিখৌমুখ মহাবিদ্যালয়ৰ হায়াৰ ছেকেণ্ডাৰী দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে নৱবৰ্ষৰ বনভোজ খোৱাৰ বাবে কাজিৰঙা অভিমুখে যাত্ৰা কৰিছে। হৰেক ৰকমৰ উমাল সাজ-সজ্জাৰে পৰিবেষ্টিত হৈ উত্তাল সংগীতৰ ছন্দোময় ধ্বনিয়ে চঞ্চলমতী ডেকা-গাভৰুবোৰে বনভোজ খোৱাৰ আনন্দত স্বভাৱতকৈ আৰু বেছি পৰিমাণে চঞ্চল হৈ পৰিছে। ছাত্ৰ-ছাত্ৰীবোৰৰ এনে পাৰ-ভঙা উচ্ছাসক কিন্তু গাইড ৰঞ্জন ছাৰ আৰু তেওঁৰ লগতে যোৱা একে ডিপার্টমেণ্টৰে সীতা বাইদেউৱে বৰ বেছি হস্তক্ষেপ কৰিব বিচৰা নাছিল। বাছখন সাতত্রিশ নং ৰাষ্ট্ৰীয় ঘাইপথত উঠাৰ লগে লগে ড্রাইভাৰে গাড়ীৰ স্পীদ ক্রমান্বয়ে বঢ়াই দিলে আৰু ল'ৰা-ছোৱালীবোৰৰ কল্লোলিত ধ্বনিয়ে যাত্ৰাৰ সময়ছোৱা ৰঙীন কৰি তুলিলে। বিশেষকৈ পাপু, সমৰ, অপূৰ্ব, ত্রিদিৱ, প্রাঞ্জল আৰু প্ৰভাতৰ কৌতুকপূর্ণ কথাবোৰে সকলোকে হাঁহিৰ খোৰাক যোগালে। তাৰোপৰি বাছৰ ড্রাইভাৰে ৰেকৰ্ডত বজাই দিয়া, নৱ প্ৰজন্মৰ ‘হাৰ্ট থ্র’ৱ’ হিমেশ ৰেছমিয়া আৰু জুবিন গাৰ্গৰ গানবিলাকে বিশেষকৈ জুবিনৰ “য়া-আলী”, "মাজুলীৰ এজনী ছোৱালী" গানে সকলোৰে মন প্রাণ আনন্দেৰে ভৰাই তুলিলে।
কিন্তু এই আনন্দময় পৰিবেশৰ মাজতো স্মৃতাৰ মন আজি একেবাৰেই ভাৰাক্ৰান্ত। বহু চেষ্টা কৰিও তাই বাছৰ ভিতৰৰ পৰিবেশটোৰ লগত একাত্ম হ’ব পৰা নাই। হ’বই বা কেনেকৈ? তাইতো ঘৰৰ পৰা আজি মুক্তভাবে
বনভোজ খাবলৈ বুলি ওলাই আহিব পৰা নাই। জোৰ জবৰদস্তি ঘৰৰ পৰা বনভোজ খাবলৈ আহি তাই এতিয়া সাংঘাটিক মানসিক অন্তর্দ্বন্দ্বত ভূগিবলগা হৈছে। সৰুকালৰে পৰা ইমান বয়সলৈকে তাইটো কোনোদিনে মাক বাপেকৰ অবাধ্য হৈ পোৱা নাই। অথচ আজি...? আজিতো তাই মাক-বাপেকৰ কথাক কোনো মূল্য নিদিয়াকৈয়ে বনভোজ খোৱাৰ আনন্দত কাজিৰঙালৈ আহি আছে। সিদিনা কলেজৰ পৰা গৈ ঘৰত নৱবৰ্ষৰ বনভোজ খাবৰ কাৰণে লগৰ ল'ৰা-ছোৱালীবোৰৰ সৈতে তাইয়ো যাব বুলি কোৱাৰ লগে লগে মাক-বাপেক জাঙুৰ খাই উটিল। দেউতাকেতো ধমকিৰ সুৰতে ক'লে-
: নোৱাৰ যাব। বনভোজ খোৱাৰ চখ কৰি ফালিব নালাগে। দেখা নাই, ৰাস্তাই-ঘাটে আজিকালি ক’ত কেতিয়া ব’ম ফুটে, ক'ত কিডনেপ হয় একো পাত্তা নাই ।
: নালাগে মাজনী, নতুন বছৰৰ উগুল-থুগুলৰ মাজতে ক'ত, কেতিয়া অঘটন ঘটিব একো ঠিক নাই। বনভোজ খোৱাৰ সলনি আমি ঘৰতে মিলি এসাঁজ ভালদৰে খাম, বুজিছ।
মাকেও তাইক বনভোজ খাবলৈ যোৱাৰ আশাত সম্পূর্ণ চেঁচাপানী ঢালি দেউতাকৰ সমৰ্থনতে কথাষাৰ ক’লে। তথাপিও তাই মাক-দেউতাকৰ আগত ক’বৰ মন আছিল যে “বনভোজ খাবলৈ তাই অকলে নাযায় নহয়, মৰিলে সকলো ল’ৰা-ছোৱালীয়ে মৰিব” তাই বুজিলে ! যে ঢোলৰ আগত বীণৰ মাত তল পৰিব। সেয়েহে ৰূমৰ বিচনাখনৰ গাৰুটোত মুখ গুজি এঁকাজলি চকু পানী টুকি নিজকে সান্ত্বনা দিয়াৰ বাহিৰে সেইদিনা আৰু তাইৰ গত্যন্তৰ নাছিল। তথাপি তাই পুনৰ এবাৰ জোৰ দি চাবলৈ মনে প্রাণে ঠিৰাং কৰিছিল। সেয়েহে কালি তাই ঘৰত পূনৰ কথাটো উলিওৱাত দেউতাকৰ ব্ৰজকঠিন সিদ্ধান্তক, সন্তানৰ মৰম আকলুৱা মাকৰ কোমল অন্তৰখনে স্বভাৱজাত মৰম উপজি তাইৰ হকে অলপ ওকালতি কৰিলে কাৰণেই আজি তাই ‘কাজিৰঙালৈ’ আহিব পাৰিলে। আচলতে মাক-দেউতাকে তাইক বয়সতকৈ বহু সৰু ছোৱালী হিচাপে অপত্য মৰম-স্নেহৰ বশৱৰ্তী হৈয়ে বনভোজলৈ যোৱাত বাধা আৰোপ কৰিছিল। মাক দেউতাকৰ ইচ্ছাৰ বিপৰীতে গৈ তাই আজি নিজকে কিছু উদত্ত হোৱা যেন লাগিছে।
: ঐ স্মৃতা। টোপনি গ'লনেকি? উঠ...উঠ।
গায়ত্ৰীয়ে তাইক হেচুকি জগালে। সম্ভৱতঃ মানসিক চিন্তাবোৰে তাইক অলপ চিলচিলিয়া টোপনি আনিছিল।
: আমি কোন ঠাই পালোহি অ’?
: যোৰহাট টাউন। আমি ইয়াতে নামি চাহ কফি খাম (গায়ত্ৰীয়ে ক'লে)।
লগৰ ল'ৰা-ছোৱালীবোৰৰ লগত সিহঁত দুজনীও নির্দিষ্ট হোটেলখনলৈ সোমাই গ'ল। এনেতে হোটেলখনৰ
একোণৰ এখন টেবুলত বহি চাহ খাই থকা গায়ত্ৰীৰ মাহীয়েকৰ পুতেক অবিনাশে তাইক দেখি চিঞৰি উঠাত, গায়ত্রীয়েও সমান উচ্ছাসেৰেই চিঞৰি উঠিল-
: হেই অবিনাশদা....। তুমি যে ইয়াত! খবৰ কেনেকুৱা? তোমাক যে হঠাতে এনেদৰে লগ পাম বুলি ভবাই নাছিলোঁ।
: খবৰ ভালেই আৰু। তোমালোকে পিক্নিকৰ কাৰণে আহিছা যেন পাইছো! ক’ত যাবা? অবিনাশে স্মৃতাৰ চকুলৈ চাই চাইয়েই কথাষাৰ গায়ত্রীক সুধিলে।
: আমি কাজিৰঙা যাম। কথাষাৰ কৈয়ে গায়ত্ৰীয়ে স্মৃতাক একপ্ৰকাৰ টানি নি অবিনাশে বহি থকা টেবুলখনত মুখামুখীকৈ বহাই নিজেও বহি পৰিল। লগে লগে অবিনাশে সিহঁত দুজনীৰ কাৰণে দুকাপ কফিৰ অৰ্ডাৰ দিলে।
: অবিনাশ দা.... এইজনী মোৰ বান্ধৱী স্মৃতা।
স্বাভাৱিকতে এই মানে অলপ লাজকুৰীয়া। গায়ত্ৰীয়ে তাইৰ অবিনাশদাদাকক দাঙি ধৰি স্মৃতাক এটা হেণ্ডচেক কৰিলে। ইতিমধ্যে হোটেল বয় এটাই প্লেটভর্তি দামী মিঠাই কফি সহিতে সিহঁতৰ মুখৰ আগত থ'লে।
আচলতে, স্মৃতাই আজি বহুদিনৰ আগৰেপৰাই গায়ত্ৰীৰ মুখেৰে তাইৰ মাহীয়েকৰ পুতেক অবিনাশদাদাকৰ কথা শুনি আহিছিল। দীঘল কেশবিন্যাসেৰে, সুঠাম-সুশ্ৰী দেহৰ অবিনাশে যোৰহাটত এৰ'মেটিকেল ইঞ্জিনিয়াৰ পঢ়ি থকাৰ কথাৰে পৰা আৰম্ভ কৰি তেওঁৰ বিষয়ে বহুতো জহগুটি কথা গায়ত্ৰীয়ে লগৰ ছোৱালীবোৰৰ আগত কৈ কৈ....... কৰিছিল। সেয়েহে স্মৃতাইও মনতে এই নাৱণ্য পুৰুষক স্ব-চক্ষে চোৱাৰ হেঁপাহ কৰিছিল। আছি এই হেঁপাহে পূর্ণতা পালে। আচলতে গায়ত্ৰীয়ে কোৱাতকৈ তাইৰ অবিনাশদাদাক অলপ বেছি handsome আৰু Smart.... নেকি !?
স্মৃতাই কফিৰ কাপত চুমুক দি এই কথাবোৰেই ভাবি আছিল। সেয়েহে এই ক্ষন্তেকীয়া চিনাকীত স্মৃতাই বহু কথাই অবিনাশৰ লগত মুকলিকৈ পাতি পেলালে। অবিনাশৰ লগত সিহঁত দুয়োজনীয়ে অন্তৰংগভাৱে কথা
পাতি থকা শুনি লগৰ ছোৱালীবোৰৰ দুই এজনীয়ে সিহঁতলৈ দুই এষাৰ তীব্র বাক্যবান নিক্ষেপ কৰিলে। নকৰিবই বা কিয়? অবিনাশ নামৰ গায়ত্ৰীৰ মাহীয়েকৰ ল'ৰাটোৰ চেহেৰা যিহে সুন্দৰ। এনে পৰিস্থিতিত সামান্য লজ্জিত বোধ কৰি অবিনাশে হোটেলখনৰ কাউণ্টাৰত চাহ কফিৰ বিল পৰিশোধ কৰাৰ অচিলা লৈ সিহঁতৰ সন্মুখৰ পৰা উঠি গৈছিল। ইতিমধ্যে সকলো ল'ৰা ছোৱালীয়েই নিজৰ নিজৰ চাহ কফিৰ দাম পৰিশোধ কৰি বাছখনলৈ উভতিছিল। ড্রাইভাৰে বাছখন ষ্টার্ট দি যাত্ৰা পুনৰ আৰম্ভ কৰাৰ ইংগিত দিলে। কিন্তু গায়ত্রী আৰু স্মৃতাই অবিনাশক কাউণ্টাৰত নেদেখি অতি আচৰিত হ'ল। লগৰ ছোৱালীবোৰৰ অসভ্য আচৰণত সি বেয়াই পালে নেকি বুলি স্মৃতাৰ সন্দেহ ঘনীভূত হ’বলৈ ধৰিলে। এনে সময়তে আবিনাশে হাতত এটা গোলাপ ফুলৰ থোপা লৈ সিহঁত দুজনীৰ কাষত থিয় দিলে আৰু যাত্রা শুভ হোৱাৰ কামনাৰে ফুলৰ থোপাটো স্মৃতাক প্ৰদান কৰে। স্মৃতাতো অবাক, হতভম্ব হৈ পৰিল৷ তাৰমানে অবিনাশে... !। লাজ লাজকৈ ফুলৰ থোপাটো হাতত লৈ তাই লগে লগেই বাছখনৰ ছিটত বহি পৰিল আৰু ঘটি যোৱা দৃশ্যটোৰে ৰোমন্থন কৰাৰ প্ৰয়াস কৰিলে। গায়ত্ৰীয়েও অবিনাশৰ পৰা বিদায় লৈ তাই বহা কাষৰ ছিটটোতে বহি পৰিল। বাছখনে এক মৃদু কম্পন কৰি পুনৰ যাত্ৰা আৰম্ভ কৰিলে।
বহুসময় সিহঁত দুজনীয়ে মৌনতাৰে, কোনো মত বিনিময় নকৰাকৈয়ে পাৰ কৰিলে। হয়তো কাজিৰঙালৈ আৰু বেছি দূৰ নাই (?)। যিমানেই যাত্রাপথ চমু চাপিছে সিমানেই স্মৃতাৰ মনত অবিনাশৰ লগত ঘটি যোৱা দৃশ্যবোৰ জলজল পটপট হৈ পৰিছে। অনাকাংক্ষিত এজাক প্ৰেমৰ বৰষুণে স্মৃতাৰ দুচকুত আনন্দৰ দুটোপাল
অশ্রুধাৰা বোৱাই তুলিলে। যিবোৰ কথাই প্ৰাক্ ক্ষণত বৰকৈ আমনি কৰিছিল সেই কথাই যেন জুবিনৰ গানবোৰৰ দৰে হৃদয়ত মিঠা আৱৰণ ঢালিলে......
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment