অপ্ৰকাশ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, November 1, 2023

অপ্ৰকাশ


 

অপ্ৰকাশ


চিত্ৰলেখা মহন্ত 

গুৱাহাটী


    কি অ' তৰা তোৰ ল'ৰা অঞ্জন দেখোন আজি স্কুললৈ যোৱা নাই। 

ছাৰ, সিটো আজি স্কুল নাইবুলি কৈ ৰাতিপুৱাই জালখন আৰু বৰশীটো লৈ ওলাই গ'ল। 

      ঠিকেই মাছুৱৈৰ ল'ৰা মাছুৱৈয়ে হ'ব। পঢ়া-শুনা কৰি ডাক্তৰ, ইঞ্জিনীয়াৰটো নহয়। বিদ্ৰুপৰ হাঁহি এটি মাৰি কথাকেইষাৰ কৈ গ'ল হেড্ ছাৰে। 

       কাগজেৰে নুৰিয়াই অনা চাদৰ আৰু ব্লাউজৰ টোপোলাটো মাকৰ হাতত গুজি দিওঁতেই মাকে তাক ফলা খৰিৰে উধাই-মুধাই মৰিয়াই অবাইচ মাতেৰে থকাসৰকা কৰিলে। 

       সিটো মাকক ক'ব নোৱাৰে সিদিনা ফটা ব্লাউজ আৰু ফিচিকিযোৱা চাদৰখনৰ মাজেৰে জিলিকি থকা মঙহটুকুৰালৈ হেড্ ছাৰে ভোকাতুৰ বাঘৰদৰে চাই আছিল বুলি। 


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages